৮৭ বছৰত দশম উত্তীৰ্ণ হ’ল প্রাক্তন মুখ্যমন্ত্রী

ইংৰাজীত পালে ১০০ ভিতৰত ৮৮

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : বয়স যে কেৱল এটা সংখ্যা, সেয়া আকৌ এবাৰ প্রমাণ কৰিলে হাৰিয়ানাৰ প্রাক্তন মুখ্যমন্ত্রী ওমপ্রকাশ চৌটালাই। লেখা-পঢ়াৰ ইচ্ছা তেওঁৰ আগৰে পৰাই আছিল, কিন্তু জীৱনৰ উত্থান-পতনৰ ফলত স্কুলৰ গণ্ডী পাৰ হোৱাৰ স্বাদ আধৰুৱা হৈয়েই থাকি গৈছিল। অৱশেষত ৮৭ বছৰ বয়সত দশম আৰু দ্বাদশৰ পৰীক্ষা দিলে ওমপ্রকাশ চৌটালাই। কেৱল সেয়াই নহয়, ইংৰাজীত তেওঁ লাভ কৰিলে ১০০ৰ ভিতৰত ৮৮ নম্বৰ। অন্যন্য বিষয়বোৰতো ভাল ফল দেখুৱাইছে প্রাক্তন মুখ্যমন্ত্রীজনে। হৰিয়ানৰ বিষয় হ’লেও এই ঘটনাই অনুপ্রেৰণা যোগাইছে গোটেই দেশক। ওমপ্রকাশ চৌটালাক অভিনন্দন জনাইছে বিভিন্ন জনে। এই ফলাফলত বিশেষভাৱে আপ্লুত ‘দশভি’ কথাছবিৰ দুই অভিনেতা অভিষেক বচ্চন আৰু নীমৰত কৌৰ। আচলতে সেই কথাছবিখনো এনে এক অনুপ্রেৰণামূলক কাহিনীৰ। তাতো কাৰাগাৰত থাকিয়েই এজন ৰাজনীতিবিদৰ দশম শ্রেণীৰ পৰীক্ষা দিয়াৰ প্রসঙ্গ আছে। অশিক্ষিত, দুর্নীতিগ্রস্ত সেই চৰিত্রই বন্দী জীৱনতেই বাচি লৈছিল সঠিকভাবে বাচি থকাৰ পথ। যোৱা মাহত ‘নেটফ্লিক্স’ত মুক্তি পাইছে অভিষেক বচ্চন আৰু নীমৰত কৌৰ অভিনীত ‘দশভি’। তাৰ পিছতেই ওম প্রকাশ চৌটালাৰ সফলতাৰ বাতৰি । সমাপ্তি আশ্চর্যকৰ হ’লেও অবাস্তৱ নহয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More