৮৮ বছৰ বয়সতো সৃষ্টিশীলতাৰ উন্মেষ

তেজপুৰৰ তৰুণ অসম সংঘত বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটৰ গ্ৰন্থ উন্মোচন

0 10

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ আগষ্ট : তেজপুৰৰ সামাজিক – সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান সমূহৰ পিতামহ স্বৰূপ, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ৮৮ বছৰ বয়সতো সাহিত্য চৰ্চা অব্যাহত ৰাখি অহাৰ পিছত আজি বিয়লি তেজপুৰৰ সামাজিক অনুষ্ঠান তৰুণ অসম সংঘত উন্মোচন কৰে এখন অনুবাদ উপন্যাস গ্ৰন্থ। উল্লেখ্য যে তৰুণ অসম সংঘৰ উপদেষ্টাৰ দায়িত্বত থকা প্ৰবীণ শিক্ষাবিদ গৰাকীৰ “চফৰ” শীৰ্ষক বঙালী প্ৰসিদ্ধ লেখক জৰাসন্ধৰ “পাড়ি” ৰ পৰা অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে তৰুণ অসম সংঘৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া, প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ৰবীন্দ্ৰ নাথ শৰ্মা আৰু তেজপুৰ সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই। তৰুণ অসম সংঘৰ উদ্যোগত সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত গ্ৰন্থখন উন্মোচন কৰি আগবঢ়োৱা ভাষণত ড০ ভুবনেশ্বৰ চহৰীয়াই জীৱনৰ ভাটী বয়সত সাধাৰণতে সকলো লোকেই নামঘৰ আদিলৈ গৈ ধৰ্মীয় বা আধ্যাত্মিক দিশৰ সৈতে জড়িত হৈ থকা দেখা যায় যদিও মহেন্দ্ৰ নাথ কেওঁটে তেজপুৰৰ সকলো সামাজিক – সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ সৈতে আজিও অতি সক্ৰিয় ভাৱে জড়িত হৈ থকাৰ মাজতে সাহিত্য চৰ্চাৰ দৰে সৃষ্টিশীল কামত ব্যস্ত হৈ থকাতো এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে। মহেন্দ্ৰ নাথ কেওঁট তেজপুৰৰ সকলো লোকৰ বাবে এক অনুকৰণীয় সত্বা বুলি মন্তব্য কৰি সৃষ্টিশীল কৰ্মৰ বাবেই আজি ৮৮ বছৰ বয়সতো দূৰন্ত তৰুণৰ দৰে কাম কৰি থাকিব পৰা হৈছে বুলি মন্তব্য কৰে। তৰুণ অসম সংঘৰ একাংশ সদস্যৰ উপস্থিতিত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ আগবঢ়াই শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াইও মহেন্দ্ৰ নাথ কেওঁটৰ এই প্ৰয়াস এক আশাব্যঞ্জক প্ৰয়াস বুলি কৈ জীৱনৰ বিয়লি বেলাত যেনেদৰে বিখ্যাত সাহিত্যিক শীলভদ্ৰই সাহিত্য ৰচনা কৰি নিজৰ সৃষ্টি কৰিছিল, একেদৰে মহেন্দ্ৰ নাথ কেওঁটেও এই প্ৰয়াস অব্যাহত ৰাখি দুটা বছৰৰ ভিতৰত দুখনকৈ গ্ৰন্থ উপহাৰ দিয়াতো এক আশাৰ বতৰা বুলি কয়। ড০ শইকীয়াই প্ৰসংগ ক্ৰমে অনুবাদ সাহিত্য সৃষ্টি কৰাতো এক কঠিন কৰ্ম বুলি কৈ বিভিন্ন বিখ্যাত অনুবাদ গ্ৰন্থৰ প্ৰসংগ উত্থাপন কৰে। আনহাতে গ্ৰন্থখনৰ স্ৰষ্টা মহেন্দ্ৰ নাথ কেওঁটৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ ৰবীন্দ্ৰ নাথ শৰ্মাইও ভাষণ আগবঢ়াই অনুবাদ সাহিত্যৰ মহত্ব আৰু গুৰুত্বৰ প্ৰসংগ উত্থাপন কৰি প্ৰয়াত হোমেন বৰগোহাঞিয়ে অনুবাদ সাহিত্যৰ বিষয়ে উল্লেখ কৰা বিভিন্ন দিশ আলোকপাত কৰি মহেন্দ্ৰ নাথ কেওঁটক এই সৃষ্টিশীল কৰ্মত আগন্তুক সময়তো জড়িত হৈ থাকিবলৈ শুভ কামনা জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More