ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত” টিম হিউমিনীতিৰ” দেশজুৰি আৰম্ভ সজাগতা অভিযান

লখিমপুৰৰ পৰা অভিযান আৰম্ভ ৪ সদস্যৰ

0 61

শতাব্দ,  লখিমপুৰ ২৮ জুনঃ   বেচৰকাৰী ৰক্তদাতা সন্থা “ টিম হিউমিনীতিয়ে“  সমগ্ৰ অসমত দীৰ্ঘদিন ধৰি ৰক্ত দানেৰে জীৱন দি আহিছে  বিভিন্নজন লোকক৷ ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত আগবঢ়াই প্ৰতিস্থিত হোৱা “টিম  হিউমিনীতিৰ “চাৰিজন সদস্যই আজি  লখিমপুৰৰ পৰা আৰম্ভ কৰিছে এক সজাগতামোলক যাত্ৰা৷ ঋতুৰাজ কাশ্যপ বৰা, ভবেন সজাতি, পৰমানন্দ বৰা আৰু নিৰঞ্জন ৰয় নামৰ চাৰি সদস্যই দেশ খনৰ মুঠ ১২খন ৰাজ্য পৰিভ্ৰমণ কৰি  এই সজাগতামূলক অভিযান চলাব৷ আজি লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এই সজাগতামূলক যাত্ৰাৰ ফ্লেগ অফ কৰে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই৷ বিপদৰ সময়ত ৰক্তদানেৰে বিভিন্ন ৰোগীলৈ সাহায আগবঢ়োৱা“ টিম হিউমিনীতিৰ এই চাৰি সদস্যই এই যাত্ৰাত বিভিন্ন ৰাজ্যৰ বিভিন্ন এনে সংগঠনৰ লগত এনে বিষয়ত কৰিব আলোচনা৷ এখন বলেৰ’ গাড়ীৰে যাত্ৰা আৰম্ভ কৰা এই দলটোৱে এটা মাহ জুৰি চলাব সজাগতামূলক অভিযান৷ দলটোৱে পশ্বিমবংগ, বিহাৰ, ৰাজস্থান, হিমাচল প্ৰদেশ, লাডাখ, জম্মু কাশ্মীৰকে ধৰি মুঠ ১২খন ৰাজ্য ভ্ৰমণ কৰিব “টিম হিউমিনীতিয়ে”৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More