ৰক্ষা পৰিল কাজিৰঙাৰ গঁড়ঃ গঁড় হত্যাৰ পৰিকল্পনাৰ সময়তে বিশ্বনাথত ৪ গঁড় চিকাৰীক আটক

0 14

বিশ্বনাথ চাৰিআলি ২আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰা চাৰিটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথৰ বন বিভাগে। তাৎপর্যপূর্ণ যে গঁড় হত্যাৰ বাবে শ্বুটাৰ হিচাপে নিয়োগ কৰা হৈছিল যুদ্ধবিৰত গোটৰ এনডিএফবি কেডাৰক। এই ঘটনাই বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কাজিৰঙাৰ এশিঙীয়া গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰা এটা চাৰিজনীয়া চোৰাং চিকাৰীৰ দলক বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ বনাঞ্চলিক বিষয়া যতীন্দ্র মোহন দাস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰে। বিশ্বনাথ জিলাৰ বিহালীত প্রথমে গঁড় হত্যা কৰিবলৈ ব্লু-প্ৰিণ্ট ৰচনা কৰা দলটোৰ মাষ্টাৰ মাইণ্ড অজিত দাসক বিহালীৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। পিছত অজিত দাসৰ
স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ আন তিনিজনক ক্ৰমে বিহালীৰ পদুম হাজৰিকা ওৰফে থাণ্ডু, ধনীদেৱ শ‍ইকীয়া আৰু বিশ্বনাথৰ জপৌবাৰীৰ দীপাংকৰ বড়োক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বন বিভাগে দিয়া তথ্য অনুসৰি, চোৰাং চিকাৰীৰ দলটোৱে যোৱা দেওবাৰৰ নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি গঁড় হত্যা কৰাৰ বাবে ব্লু-প্ৰিণ্ট ৰচনা কৰিছিল। ইয়াৰ ফলত পুনৰ প্ৰাণৰক্ষা পৰে অসম সম্পদ গঁড়। ইফালে, গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰীকেইজনৰ ভিতৰত দীপাংকৰ বড়ো যুদ্ধবিৰত এনডিএফবিৰ কেডাৰ। উল্লেখ্য যে বন বিভাগে যুদ্ধবিৰতিত থকা কেডাৰজনৰ ঘৰত অভিযান চলায় যদিও কোনো অস্ত্র-শস্ত্ৰ লাভ কৰিবলৈ সক্ষম নহ’ল যদিও প্রাক্তন কেডাৰজনৰ হাতত অস্ত্ৰ-শস্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে। চোৰাং চিকাৰীৰ এই দলটোৰ পৰিকল্পনাক বন বিভাগে বিফল কৰিব পৰাটোৱেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সংৰক্ষণৰ বাবে সুখৰ খবৰ বুলি উচ্চাৰিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More