ৰাইজৰ বাবে মুকলি হ’ল গুৱাহাটীৰ আৰ্য নগৰ উৰণীয়া সেতু

0 18
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগে মহানগৰৰ গড়ভঙা পথৰ আৰ্য নগৰ চাৰিআলিৰ ওপৰেৰে নিৰ্মাণ কৰা উৰণীয়া সেতুখন আজি উদ্বোধন কৰা হয়। উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী ভাষণত মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীবাসীৰ বাবে এই স্থানত এখন উৰণীয়া সেতুৰ প্ৰয়োজনীয়তা আছিল দীৰ্ঘদিনীয়া। ২০২১ চনৰ ফেব্ৰুৱাৰীত এই সেতুখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল। ২০২৩ চনৰ আগষ্টত অৰ্থাৎ ৩০ মাহৰ ভিতৰত এই সেতুখন সম্পূৰ্ণ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ১৯ মাহৰ ভিতৰত অৰ্থাৎ এই বৰ্ষৰ ছেপ্টেম্বৰতে এই কাম সম্পূৰ্ণ হৈ উঠিল। এই উৰণ সেতুখনে যান-জঁট হ্ৰাস কৰাৰ লগতে মহানগৰবাসীৰ বাবে যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তুলিব বুলি মুখ্যমন্ত্রীয়ে আশা প্ৰকাশ কৰে। গুৱাহাটীক বিকাশৰ নতুন দিগন্তলৈ নিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মহানগৰবাসীৰ সুচল যাতায়াতৰ সুবিধাৰ্থে দীঘলীপুখুৰী পাৰৰ সন্দিকৈ কলেজৰ সমীপৰ পৰা বামুণীমৈদামলৈকে ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু এখন নিৰ্মাণৰ হেতু প্ৰাককলন সাজু হৈছে। আৰ্য কলেজৰ পৰা লখৰালৈ যাতায়াতৰ সুবিধাৰ্থে চাইকেল ফেক্টৰীৰ পৰা নতুন উৰণ সেতু এখন নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা, বিধায়কদ্বয় ক্ৰমে অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি অসমৰ চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More