ৰাজ্যখনৰ তৃতীয়খন মহাবিদ্যালয় হিচাপে দৰংমহাবিদ্যালয়ত অসামৰিক সেৱাৰ পৰীক্ষাৰ অধ্যয়ন কেন্দ্ৰ মুকলি

0 7

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০ জুনঃ ৰাজ্যখনৰ তৃতীয়খন মহাবিদ্যালয় হিচাপে আজি তেজপুৰৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰংমহাবিদ্যালয়ত অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত অসামৰিক সেৱাৰ এটা অধ্যায়ন কেন্দ্ৰ আনুষ্ঠানিক ভাৱে ফিতা কাটি শুভাৰম্ভ কৰে “ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগ“ ৰ উপাধ্যক্ষ ধ্ৰুৱপ্ৰসাদ বৈশ্যই৷ দৰংমহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি খগেশ্বৰ বৰকাকতী, অধ্যক্ষ ড০ পলাশমণি শইকীয়া, উপাধ্যক্ষ ক্ষীৰেন্দ্ৰ নহালৈকে, এলুমনাই সন্থাৰ সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা, যুটীয়া সম্পাদক পংকজ বৰুৱাকে ধৰি একাংশ শিক্ষক – শিক্ষয়িত্ৰীৰ উপস্থিতিত এই কেন্দ্ৰটিৰ ফিতা কাটি শুভাৰম্ভ কৰাৰ পিছত মহাবিদ্যালয়খনৰ বিশেষ সভাকক্ষত অনুষ্ঠিত হয় শুভাৰম্ভণি অনুষ্ঠান৷ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি খগেশ্বৰ বৰকাকতিৰ পৌৰোহিত্যত এই শুভাৰম্ভণি অনুষ্ঠান আৰম্ভ হয় মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ “বি এ জুৱেল এমং মেন“ শীৰ্ষক মহাবিদ্যালয় শীৰ্ষ গীতেৰে৷আনহাতে ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ সহকাৰী গৱেষণা বিষয়া দ্বিজেন্দ্ৰ সিং হাজাৰী,জন সম্পৰ্কৰক্ষী বিষয়া এল যোতে, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিকমল হাজৰিকা, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিৰাজ নাথ, শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত দিব্যাংগনা মহনেও বিশেষ ভাৱে আসন শুৱনি কৰা অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ পলাশ মণি শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰি এই কেন্দ্ৰটোত আগন্তুক ১ আগষ্টৰ পৰা মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপক দেৱৰাজ শৰ্মা সমন্বয়ক আৰু ড০ কংকন ডেকা আৰু ড০ পংকজ হাজৰিকা সদস্য হিচাপে থাকি পাঠদানৰ তদাৰক কৰিব বুলি মন্তব্য কৰি ইয়াৰ দ্বাৰা উত্তৰ পাৰৰ শিক্ষাৰ্থী সকল অধিক উপকৃত হ’ব বুলি কৈ আয়োগক কৃতজ্ঞতা জ্ঞাপন কৰে৷ মহাবিদ্যালয়খনৰ অধ্যাপিকা ড০ পল্লৱী শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত উদ্বোধক ধ্ৰুৱপ্ৰসাদ বৈশ্যই সাৱলীল ভাষণ প্ৰদান কৰি অসমত সেৱাৰ মনোভাৱেৰে উৎসৰ্গিত হৈ কাম কৰিব পৰা একাংশ বিষয়াৰ সৃষ্টিৰ লক্ষ্যৰে চৰকাৰে এনে অধ্যয়ন কেন্দ্ৰ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি অসমত যিহেতু প্ৰতিভাৰ অভাৱ নাই সেই প্ৰতিভাক পদ্ধতিগত ভাৱে আগবঢ়াই নিবলৈ প্ৰয়াস কৰা হৈছে বুলি কয়৷ দৰংমহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে আজি এই কেন্দ্ৰটি শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ বুলি কৈ ১৮৭০ চনতেই ইণ্ডিয়ান চিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হোৱা আনন্দৰাম বৰুৱাৰ প্ৰসংগৰে অসমত প্ৰতিভাৰ অভাৱ নাই যদিও তেওঁলোকক পদ্ধতিগত ভাৱে আগুৱাই নিব পাৰিলে নতুন দিল্লীৰ হোটেলত অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ বাবে অসম সন্তানে আৰু ভীৰ কৰিব লগা নহয় বুলি কয়৷ দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমে স্থান পাবলৈ হ’লে অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ শিক্ষাৰ্থীও লাগিব বাবেই বৰ্তমান চৰকাৰে এনে কেন্দ্ৰ সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে আন দুখন মহাবিদ্যালয়ৰ পিছত তৃতীয়টো এই কেন্দ্ৰ মুকলি কৰা হৈছে বুলি মন্তব্য কৰে৷ আমাক সেৱাৰ মনোবৃত্তিৰে উৎসৰ্গিত হৈ কাম কৰিব পৰা চৰকাৰী বিষয়াৰ প্ৰয়োজন আছে বাবেই এনে কেন্দ্ৰ মুকলি কৰাটোও এক আন্দোলনলৈ ৰূপান্তৰ কৰিব পাৰি বুলি কয়৷ আগন্তুক পাঁচবছৰলৈ বৰ্তমানে অসম চৰকাৰে এই কেন্দ্ৰ চলাবলৈ ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা সদৰী হোৱাৰ পিছত আজি এই অনুষ্ঠানতে প্ৰথম কৃষ্টিৰ ১০ লাখ টকাৰ চেক উপাধ্যক্ষ ধ্ৰুৱপ্ৰসাদ বৈশ্যই অধ্যক্ষ ড০ পলাশমণি শইকীয়াৰ হাতত অৰ্পণ কৰে৷ তেজপুৰৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিকমল হাজৰিকা, পৌৰোহিত্য কৰা খগেশ্বৰ বৰকাতিয়েও ভাষণ দিয়া অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত দিব্যাংগনা মহনেও ভাষণ প্ৰদান কৰি শিক্ষাৰ্থী সকলক এই কেন্দ্ৰটিৰ জৰিয়তে সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ মহাবিদ্যালয়খনৰ একাংশ শিক্ষক – শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী উপস্থিত থকা অনুষ্ঠানটিত শলাগ জ্ঞাপন কৰে সংস্কৃত বিভাগৰ অধ্যাপিকা ড০ মধুস্মিতা ভৰদ্বাজে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More