ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২লৈ বৃদ্ধি

নলবাৰী চিকিৎসা মহাবিদ্যালয়কো অনুমোদন দিলে এনএমচিয়ে

0 17
শতাব্দ প্ৰতিনিথি, গুৱাহাটী, ১৫ মাৰ্চঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ আধাৰত ৰাজ্যৰ চৰকাৰে ৰাজ্যত চিকিৎসা শিক্ষা ক্ষেত্ৰখনৰ দ্ৰুত সম্প্ৰসাৰণেৰে ৰাইজৰ বাবে আধুনিক চিকিৎসা সেৱা অধিক সুলভ কৰিবলৈ অব্যাহত ৰখা প্ৰয়াসে আজি পুনৰ লাভ কৰিলে আন এক সফলতা। কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পাছত নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয়কো চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ পাঠদানৰ বাবে আনুষ্ঠানিক অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ‘মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড’ (এমএআৰবি)ৰ অধ্যক্ষই যোৱা নিশা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এনএমচিৰ ফালৰ পৰা ইমেইল যোগে এখন পত্ৰ প্ৰেৰণ কৰি এই অনুমতিৰ বিষয়ে অৱগত কৰে। নতুন চিকিৎসা মহাবিদ্যালয়খনক ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই ১০০খন এমবিবিএছ আসনেৰে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি কৰিবলৈ অনুমতি প্ৰদানৰ বাবে দেশৰ চিকিৎসা শিক্ষা নিয়ামক সৰ্বোচ্চ কৰ্তৃপক্ষ এনএমচিয়ে সিদ্ধান্ত লোৱাৰ বিষয়ে পত্ৰখনত উল্লেখ কৰা হৈছে। নলবাৰী চিকিৎসা মহাবিদ্যালয়েও এনএমচিৰ অনুমোদন লাভ কৰাৰ সূত্ৰে অসমত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বাৰখনলৈ বৃদ্ধি ঘটাৰ লগতে চলিত বৰ্ষত ৰাজ্যৰ তিনিখনকৈ নতুন চিকিৎসা মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ পৰা অনুমতি লাভ কৰিবলৈ সক্ষম হ’ল। ইয়াৰ লগে লগে ৰাজ্যখনত চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম (এমবিবিএছ)ত উপলব্ধ আসনৰ মুঠ সংখ্যাও ১৫০০খনলৈ বৃদ্ধি পালে।  উল্লেখ্য যে, এনএমচিৰ বিশেষজ্ঞ দলে যোৱা ২৭ ফেব্ৰুৱাৰীত নলবাৰী চিকিৎসা মহাবিদ্যালয় আকস্মিক পৰিদৰ্শন কৰি নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাথঁনিকে ধৰি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সুবিধা বিষয়ক এনএমচিৰ নিৰ্ধাৰিত চৰ্তাৱলী পূৰণ হৈছে নে নাই, চৰজমিন পৰীক্ষা কৰে। বিশেষজ্ঞ দলটোৱে পৰিদৰ্শনৰ অন্তত এনএমচিৰ ‘মেডিকেল এছেছমেণ্ট এণ্ড ৰেটিং বোৰ্ড’ৰ ওচৰত দাখিল কৰা প্ৰতিবেদন পৰ্যালোচনা কৰি এমএআৰবিয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাথঁনিকে বিভিন্ন দিশত সন্তুষ্ট হৈ অনুমোদনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি আয়োগৰ ফালৰ পৰা প্ৰেৰণ কৰা পত্ৰখনত প্ৰকাশ কৰিছে। ৰাজ্যৰ এই দ্বাদশখন চিকিৎসা মহাবিদ্যালয়েও শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত এমবিবিএছ পাঠ্যক্ৰম পৰিচালনা কৰিব। ইফালে, কোকৰাঝাৰ আৰু নগাঁৱৰ পাছত নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈও এনএমচিৰ অনুমোদনক আদৰণি জনাইছে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। এনএমচিৰ এই সিদ্ধান্তত আনন্দ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নলবাৰীবাসীৰ লগতে ৰাজ্যবাসী আৰু নতুন চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, বিভাগীয় মূৰব্বী তথা অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকে ধৰি মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যকে অভিনন্দন জনায়। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাৰ বিশেষ ভাৱে শলাগ লৈ স্বাস্থ্যমন্তৰীগৰাকীয়ে কয়, ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব, দূৰদৰ্শী পৰিকল্পনা আৰু বিশেষ উদগণিৰ বাবেই ৰাজ্যৰ এই দ্বাদশখন চিকিৎসা মহাবিদ্যালয়েও চলিত বৰ্ষৰ পৰাই পাঠ্যক্ৰম মুকলিৰ অনুমতি লাভ কৰিবলৈ সক্ষম হ’ল। ৰাজ্যবাসীৰ বাবে আগন্তুক দিনত অত্যাধুনিক তথা সুলভ চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই লোৱা দূৰদৰ্শী সিদ্ধান্তৰ বাবেই ৰাজ্যৰ জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ দিশত আমাৰ চৰকাৰ আগবাঢ়িছে। ২০২৬ চনৰ ভিতৰত ৰাজ্যখনত ২৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। ইয়াৰ অংশ হিচাপে চলিত বৰ্ষত ইতিমধ্যে কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ে অনুমতি লাভ কৰাৰ পাছত এতিয়া নলবাৰী চিকিৎসা মহাবিদ্যালয়েও ৰাজ্যৰ দ্বাদশখন চিকিৎসা মহাবিদ্যালয় ৰূপে এই বছৰৰ পৰাই পাঠ্যক্ৰম মুকলিৰ অনুমতি পাবলৈ সক্ষম হোৱাটো আমাৰ সকলোৰে বাবেই অতি গৌৰৱৰ বিষয়।’
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More