ৰাজ্যত পুনৰ ১১ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ আগষ্ট : ৩ আগষ্ট বুধবাৰে অসমত নতুনকৈ কমেও ১১ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ (JE) ধৰা পৰে। ইয়াকে লৈ শেহতীয়া খবৰ অনুসৰি চলিত বৰ্ষৰ ১ জুলাইৰ পৰা মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩২৬ জন। মুঠ আক্ৰান্তৰ ভিতৰত কাৰ্বি আংলঙত ৩ জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে বিশ্বনাথ, চিৰাং আৰু কামৰূপ জিলাত দুজনকৈ আৰু পশ্চিম কাৰ্বি আংলং আৰু শোণিতপুৰত এজনকৈ আক্ৰান্ত হৈছে। অৱশ্যে এই ৰোগৰ ফলত ৰাজ্যত কোনো লোক মৃত্যু হোৱাৰ নতুন খবৰ পোৱা নাই। অৰ্থাৎ মৃত্যু হোৱা লোকৰ সংখ্যা ৫২ জনতে সীমাবদ্ধ আছে। নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে এছ অ’ পি জাৰি কৰিছে। উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ হৈছে এটা ভাইৰাছজনিত মগজুৰ সংক্ৰমণ; যি মহৰ কামোৰৰ জৰিয়তে বিয়পি পৰে। সাধাৰণতে গাহৰি আৰু চৰাইৰ দেহত এই ভাইৰাছ পোৱা যায়। সংক্ৰমিত জীৱ-জন্তুবোৰ কামোৰা মহৰ যোগেদি মানুহৰ দেহলৈ ই বিয়পি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More