ৰাজ্যত সাত সহস্ৰাধিক প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম আজিও নিযুক্তিৰ পৰা বঞ্চিত

লখিমপুৰত চৰকাৰী ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম নাৰ্চৰ সংবাদমেল

0 52

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ ৰাজ্যত আজিও নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে সাত সহস্ৰাধিক এ এন এম নাৰ্চ৷ প্ৰায় আঠ বছৰ পূৰ্বেই চৰকাৰী ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰা এইসকল নাৰ্চক আজিও চৰকাৰে চাকৰিত মকৰল নকৰাত তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ দেওবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি একাংশ চৰকাৰী প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চে তেওঁলোকৰ মৰ্মবেদনা ব্যক্ত কৰে৷ ২০১৩-১৫ চনতে দুবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা এইসকল নাৰ্চৰ বয়স বাঢ়ি যোৱাৰ পিছতো এইপৰ্যন্ত চৰকাৰে তেওঁলোকক নিযুক্তি নিদিয়াত ব্যক্তিগত স্বাস্থ্য খণ্ডত অতি নিম্ন পাৰিশ্ৰমিকত তেওঁ সেৱা আগবঢ়াই আহিবলগা হৈছে বুলি ক্ষোভ উজাৰে৷ এইসকল প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চক জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীক তেওঁলোকে আহ্বান জনাইছে৷ বহুবাৰ আবেদন-নিবেদন জনোৱাৰ পিছতো ২০১৫ চনৰ পৰা এই পৰ্যন্ত কেৱল কম সংখ্যক চৰকাৰী প্ৰশিক্ষণপ্ৰাপ্ত এ এন এমক হে নিযুক্তি প্ৰদান কৰাৰ ফলত এইপৰ্যন্ত সমগ্ৰ ৰাজ্যখনত সাত-আঠ হাজাৰ এনে চৰকাৰী প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চ চৰকাৰী ভাৱে নিযুক্তিৰ পৰা বঞ্চিত হৈ আহিছে বুলি সংবাদমেলত প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম নাৰ্চ পপী নাথ, ৰঞ্জু বৰা, বিন্দু কৌৰ, বিনিতা দত্ত আদিয়ে ক্ষোভ প্ৰকাশ কৰে৷ প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চসকলক চৰকাৰে একোখনকৈ পাচবুকো প্ৰদান কৰিছিল৷ প্ৰশিক্ষণত উত্তীৰ্ণ হোৱা ৭-৮ বছৰ পিছতো এইসকল নাৰ্চে নিযুক্তি নোপোৱাত তেওঁলোকে গভীৰ হতাশাত ভূগিছে৷ প্ৰতি ৫ বছৰৰ অন্তত এই নাৰ্চসকলে তেওঁলোকৰ কাৰ্ডসমূহ নবীকৰণ কৰিব লগা হয়৷ উপায়হীন হৈহে এইসকল চৰকাৰীভাৱে প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চে ব্যক্তিগত চিকিৎসালয়ত কাম কৰিব লগা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে৷ ইফালে একাংশ ব্যক্তিগত প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা নাৰ্চে চৰকাৰী ভাৱে নিযুক্তি লাভ কৰা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰে৷ চৰকাৰে জ্যেষ্ঠতাৰ ভিত্তিত এইসকল চৰকাৰী ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চক নিযুক্তি দিব লাগে বুলি গোহাৰি জনাইছে৷ আনহাতে এ এন এম নাৰ্চৰ পদৰ সংখ্যা বৃদ্ধি কৰিবলৈকো চৰকাৰক তেওঁলোকে দাবী জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More