ৰাজ্যিক কাৰাটেত শোণিতপুৰৰ সফলতা

0 20
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ অক্টোবৰঃ অহা নৱেম্বৰত শ্বলিঙত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট অলিম্পিকত অংশ গ্ৰহণৰ বাবে শোণিতপুৰৰ তিনিজন কাৰাটে খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে৷ উল্লেখযোগ্য যে, ৬ আৰু ৭ অক্টোবৰত গুৱাহাটী খানাপাৰাত অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত স্হানীয় গণেশ মন্দিৰ ইণ্ড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত  ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত শোণিতপুৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে৷ ৰাজ্যৰ ৩৫ খন জিলাৰ প্ৰায় ১২শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত শোণিতপুৰ জিলা দলৰ প্ৰশিক্ষক দিগন্ত দাস, ৰাজীৱ হাজৰিকা আৰু টিম মেনেজাৰৰ ভূপেন বৰা নেতৃত্বত যোৱা ৪০ জনীয়া দলটোৰ খেলুৱৈ প্ৰাচূৰ্য্য গগৈয়ে ৭৫ কিলোগ্ৰাম কুমিটেত সোণ, জয়ন্ত দাসে ৮৪ কিলোগ্ৰাম তলৰ কুমিটেত সোণ, সুদৰ্শন ৰায়ে ৮৪ কিলোগ্ৰাম উৰ্দ্ধৰ  কুমিটেত ৰূপ, চোহেইল আলীয়ে কুমিটেত ৰূপ, দিবাশ্ৰী শৰ্মাই কাটাত  ব্ৰঞ্জ, ববিন লিম্বুয়ে ৬৭তলৰ কিলোগ্ৰামত কুমিটেত ব্ৰঞ্জ, ভাস্কৰ জ্যোতি নাথে ৮৪ কিলোগ্ৰাম অনুৰ্দ্ধৰ কুমিটেত ব্ৰঞ্জ, বিনিতা চহৰীয়াই মহিলাৰ ৫০ কিলোগ্ৰাম অনুৰ্দ্ধৰ কুমিটেত, কুইন দেবীয়ে মহিলাৰ কুমিটেত ৬১ কিলোগ্ৰাম অনুৰ্দ্ধৰ শাখাৰ, চাৰজিন চাহিন শইকীয়াই ৬৮ কিলোগ্ৰামত অনুৰ্দ্ধত. কুমিটেত  ব্ৰঞ্জৰ পদক লাভ কৰে৷ আনহাতে পুৰুষৰ দলীয় শাখাত হীৰক জ্যোতি পটংগীয়া, চফিকুল ৰহমান, প্ৰাচুৰ্য্য গগৈয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ৰাজ্যিক প্ৰতিযোগিতাখনিত শোণিতপুৰ জিলাৰ পৰা চেনচেই সঞ্জয় কুমাৰ চাও আৰু চেনচেই মনোজ কুমাৰ নাথে বিচাৰক হিচাপে অংশ লয়। উল্লেখযোগ্য যে,ছিলঙত অনুষ্ঠিত হবলগীয়া নৰ্থ ইষ্ট অলিম্পিকলৈ শোণিতপুৰৰ প্ৰাচুৰ্য্য গগৈ, হীৰক জ্যোতি পটঙ্গীয়া আৰু চফিকুল ৰহমানলে যোগ্যতা অৰ্জন কৰিছে৷ তিনিওজন খেলুৱৈলৈ শোণিতপুৰ জিলা কাৰাটে সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ আৰু তিলেশ্বৰ ডেকাই শুভেচ্ছা জ্ঞাপন কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More