ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বাতিল হ'ব ভূদান আৰু গ্ৰামদান আইন

0 32
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী কেশৱ মহন্তই। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভূদান আৰু গ্ৰামদান আইন বিধানসভাত বাতিল কৰা হ’ব। আনহাতে চৰকাৰী পলিটেকনিক আৰু আই টি আই সমূহক চেণ্টাৰ অব এক্সিলেন্স হিচাপে গঢ় দিয়াৰ বাবে আজিৰ কেবিনেটে ৩০৭ কোটি ২২ লাখ টকা মঞ্জুৰ কৰে। ইয়াৰ দ্বাৰা ২০ হাজাৰ শিক্ষাৰ্থীক প্ৰশিক্ষণ দি সংস্থাপনৰ বাবে দক্ষ কৰি তোলা হ’ব। কমনৱেল্থ গেমছত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়াক অসম আৰক্ষীৰ ডি এছ পি নাইবা ফৰেষ্ট বেটেলিয়ানৰ সহঃ অধিনায়কৰ পদ আগবঢ়োৱাৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে। তেওঁ নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা পদ গ্ৰহণ কৰিব পাৰিব। লগতে প্ৰদান কৰা হ’ব ৫০ লাখ টকা। ৩ ছেপ্তেম্বৰত তেওঁক আনুষ্ঠানিকভাৱে এই সন্মান আগবঢ়োৱা হ’ব। কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ পদটোক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ সমমৰ্যদা দিয়া হৈছে। সেইদৰে পুৰণি প্ৰযোজ্য নোহোৱা ৩২৯খন ৰাজ্যিক আইন বিধানসভাত বাতিলৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। আনহাতে পিতৃ-মাতৃৰ বন্দনাৰ বাবে চৰকাৰী চাকৰিয়ালক পূৰ্বতে দিয়া বিশেষ চি এল এইবাৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰৱাৰীলৈ চাৰিদিনৰ বাবে দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰ ২৪ ছেপ্তেম্বৰৰ পৰা ২৬ ছেপ্তেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব। মুখ্যমন্ত্রীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই শিবিৰত মন্ত্ৰী পৰিষদৰ লগতে সকলো বিভাগৰ জেষ্ঠ সচিব আৰু বিভাগীয় সঞ্চালকসকলে অংশ গ্ৰহণ কৰিব। শিবিৰত বিভাগীয় কামকাজৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হ’ব। বাজেট প্ৰস্তুত কৰাৰ আগতেই অনুষ্ঠিত হ’ব এনে চিন্তন শিবিৰ। আনহাতে এইবাৰ প্ৰথমবাৰৰ বাবে লাচিত দিৱস ২৩ আৰু ২৪ নবেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত উদযাপন কৰা হ’ব। দিল্লীৰ বিজ্ঞান ভৱনত লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে এই কাৰ্যসূচী। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু সামৰণি অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More