ৰাজ্যৰ ছটা ধৰ্মৰ লোকে লাভ কৰিব সংখ্যালঘুৰ প্ৰমাণ পত্র

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 29

মুছলিম, খ্ৰীষ্টান, জৈন ,পাৰ্চী, বৌদ্ধ আৰু শিখ ধৰ্মৰ লোক লাভ কৰিব সংখ্যালঘুৰ প্ৰমাণ পত্ৰ। চৰকাৰে ১,২০৮ কোটি টকা ব্যয় সাপেক্ষ নতুনকৈ ৩০০৭টা পুখুৰী খান্দি অমৃত সৰোবৰ হিচাপে নামকৰণ কৰিব। চাহ বাগিছাৰ মাটি অধিগ্ৰহণ কৰিলে দিব ১০ শতাংশ ক্ষতিপূৰণ। অসম আন্দোলনৰ নিৰ্যাতিত ২৮৮ গৰাকী ব্যক্তি আৰু ৫৭ গৰাকী মহিলাৰ বাবে ২ লাখকৈ টকাৰ এককালীন সাহায্য।

তাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ মে’: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী কেশৱ মহন্তই।
কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ছয় বছৰীয়া অসম আন্দোলনত নিৰ্যাতিত ২৮৮ গৰাকী ব্যক্তি আৰু ৫৭ গৰাকী মহিলাক ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব। ১০ ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনা প্ৰদান কৰা হ’ব এই সাহায্য। আনহাতে অসম চাহ নিগমৰ শ্ৰমিক সকলৰ ১৪২ কোটি ৫ লাখ টকা ভৱিষ্যনিধিত দিবলৈ বাকী আছিল। আজিৰ কেবিনেটে এই টকা মুকলি কৰি দিয়ে। সেইদৰে চাহ বাগিছাৰ মাটি অধিগ্ৰহণ কৰিলে ক্ষতিপূৰণৰ ১০ শতাংশ ধন শ্ৰমিকসকলৰ পুনৰ সংস্থাপনৰ বাবে প্ৰদান কৰা হ’ব। মালিক পক্ষই চৰকাৰৰ পৰা সেই টকা লৈ দিব লাগিব শ্ৰমিকক। কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসমত বসবাস কৰা সংখ্য‍ালঘু খ্ৰীষ্টান, বুদ্ধ, জৈন, পাৰ্চী, মুছলিম আৰু শিখক সংখ্যালঘুৰ প্ৰমাণ পত্ৰ দিয়া হ’ব। সংখ্যালঘু চিনাক্তকৰণৰ বাবে এই প্ৰমাণ পত্ৰ দিয়া হৈছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি ১,২০৮ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে নতুনকৈ ৩০০৭টা পুখুৰী খান্দি অমৃত সৰোবৰ হিচাপে নামকৰণ কৰিব। একোটা পুখুৰীৰ নিৰ্মাণৰ বাবদ খৰছ হ’ব ২৪ লাখকৈ টকা। ২৬ জানুৱাৰীৰ ভিতৰত আটাইকেইটা পুখুৰী নিৰ্মাণ কৰি কাম শেষ কৰা হ’ব। আনহাতে এই পুখুৰীৰ পাৰত বাগিচা কৰা হ’ব। জল সংৰক্ষণ আঁচনিৰ জৰিয়তে এই পুখুৰী খন্দা হ’ব।
চাহ বাগিচাত ইক’ টুৰিজিম হিচাপে গঢ়িবলৈ অতিৰিক্তভাৱে ৫ শতাংশ অঞ্চল ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে কেবিনেটে। বাগিছাৰ কোম্পানী বা মালিকপক্ষ বা চৰকাৰী পক্ষৰ সৈতে সংযুক্তৰ বাহিৰে আনক দায়িত্ব বা লীজত দিব নোৱাৰিব। চাহ বাগিছাৰ যুৱক-যুৱতীক সংস্থাপন পাব পাৰিব। ইফালে বৰাকৰ ডলু চাহ বাগিছাৰ ১২৬৩ জন শ্ৰমিকক গুড উইল গ্ৰাণ্ট হিচাপে ১ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। ডিমা হাচাওৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিব আৰু কেবিনেটত আজি এই বিষয়ত আলোচনা হয়। আনহাতে চাহৰ কেঁচা পাতৰ ক্ষেত্রত লোৱা কৰ তিনি বছৰলৈ ৰেহাই দিয়া হৈছে। ড° বাণীকান্ত কাকতি কম্পিউটাৰ সাহায্য আঁচনিৰ অন্তৰ্গত ১৩২৮ গৰাকী শিক্ষকলৈ চিলিং ফ্ৰী কৰি দিয়া হৈছে। এতিয়াৰে পৰা তেওঁলোকে নিয়মিত দৰমহা লাভ কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More