ৰাজ্যৰ বাহিৰৰ তিনি পৰীক্ষাৰ্থীক আটক তেজপুৰত

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১জুলাইঃ তেজপুৰত আজি অনুষ্ঠিত হোৱা ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষাত ধৰা পৰে এজন ভূৱা পৰীক্ষাৰ্থী৷ আজি অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত তেজপুৰ ৰাবাৰ বাগান পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ অহা সুগ্ৰীৱ প্ৰজাপতি নামৰ উত্তৰ প্ৰদেশৰ যুৱকজনৰ ওপৰত পৰীক্ষা দিবলৈ অহা আন একাংশ পৰীক্ষাৰ্থীৰ সন্দেহ উপজে আৰু তেওঁলোকে যুৱক জনক সোধপোছ কৰাত কোনো উত্তৰ দিব নোৱাৰে যুৱক জনে।পাছত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ সহযোগত যুৱকজনক আৰক্ষীক গতাই দিয়া হয় ।আৰক্ষীয়ে যুৱকজনৰ পৰা দুখনকৈ আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে।দুয়োখন আধাৰ কাৰ্ডত উল্লেখ আছে পৃথক জন্মৰ তাৰিখ। আৰক্ষীয়ে যুৱকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।উল্লেখযোগ্য, ইয়াৰ পূৰ্বেও তেজপুৰত এছএছচিৰ পৰীক্ষা দিবলৈ আহি আটক হৈছে বহি:ৰাজ্যৰ কেইবাজনো ভুৱা পৰীক্ষাৰ্থী।একেদৰে
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ট্ৰেডমেনৰ পৰীক্ষা দিবলৈ আহি উত্তৰ প্ৰদেশৰ দুই চাকৰি প্ৰত্যাশী যুবকো আটক হ’বলগীয়া হয় তেজপুৰত৷ ধৃত উমা শংকৰ আৰু শংকজ কুমাৰ নামৰ যুৱক দুজনৰ প্ৰয়োজনীয় নথিপত্ৰত থকা বিসংগতিৰ বাবে দুয়োকে আটক কৰিছে আৰক্ষীয়ে৷ দৰং কলেজৰ সমীপৰ এটা পৰীক্ষা কেন্দ্ৰত আজি অনুষ্ঠিত হোৱা পৰীক্ষাত দুয়োকে আটক কৰা হয়৷ সম্প্ৰতি দুয়ো মহাভৈৰৱ আৰক্ষী চকীত সোধপোছ অব্যাহত আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More