ৰাজ্যৰ বিশিষ্ট পৰিৱেশ কৰ্মী জয়নাল আবেদিন ওৰফে বেণুদাক সাহায্যৰ প্ৰয়োজন

0 61

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৩ ডিচেম্বৰ : ৰাজ্যৰ এজন বিশিষ্ট পৰিৱেশ কৰ্মী তথা উত্তৰ পূৰ্বাঞ্চলৰ ইক’ টুৰিজিম ধাৰণাৰ বাটকটীয়াস্বৰূপ তিনিচুকীয়াৰ গুইজান নিবাসী জয়নাল আবেদিন ওৰফে বেণু সম্প্ৰতি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷ বিশেষজ্ঞ চিকিৎসকৰ মতে তৎকালীন বৃক্ক সংৰোপনেই হৈছে পৰিৱেশ সংৰক্ষণৰ কৰ্মৰাজিৰে আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা বেণুদা বুলি জনপ্ৰিয় প্ৰকৃতিপ্ৰেমীজনৰ শেষ চিকিৎসা ৷ ইতিমধ্যেই আর্থিকভাৱে জুৰুলা হৈ পৰা বেণুদাৰ পৰিয়ালক এনে ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় ৩৫ লাখৰো অধিক ধনৰাশিৰ ৷ দুৰ্যোগৰ এই সময়ত বেণুদাৰ শুভাকাংক্ষীসকলে সদাশয় ৰাইজক সাধ্যানুসাৰে সাহায্য আগবঢ়াবলৈ বিনম্র আহ্বান জনাইছে । আজি বিয়লি তিনিচুকীয়া প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত তিনিচুকীয়াৰ উইমেনজ্ কলেজৰ অধ্যক্ষ ড° ৰাজীৱ বৰদলৈ, উক্ত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক উত্তম দুৱৰা, তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° ঋষি দাস আৰু সেই মহাবিদ্যালয়ৰে ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ৰানা চাংমায়ে বিশিষ্ট পৰিৱেশ কৰ্মীজনক এক নতুন জীৱন প্ৰদানৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ প্ৰতি অনুৰোধ জনায় ৷ ইচ্ছুক ব্যক্তিয়ে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ (এছ বি আই) গুইজান শাখাত ইমন আবেদিনৰ নামত থকা ৩৬৮৯২৬১৪০৫৪ নম্বৰৰ একাউণ্টত ধন জমা কৰিব পাৰিব ৷ আই এফ এছ ক’ড হৈছে এছ বি আই এন ০০০৭৩৮৫ (SBIN0007385) ৷ জিপে’, ফোনপে’, ইউ পি আই আদিৰ বাবে নম্বৰ হ’ল ৮৩৯৯৮৫৩৫৯৪ ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More