ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এইবাৰ গাঁৱে গাঁৱে সাংস্কৃতিক মহাৰণ

0 32

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০জুনঃ বিহুক বিশ্বজনীন কৰাৰ পৰিকল্পনা সাকাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন এক নতুন পৰিকল্পনাৰ বিষয়ে সদৰি কৰে তেজপুৰত৷ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত আন এক সংযোজন ঘটোৱা হ’ব আৰু ইয়াক নামকৰণ কৰা হ’ব সাংস্কৃতিক মহাৰণ হিচাপে৷ ৰাজ্যৰ ২৮ হেজাৰ গাঁৱত গীনিজ বুকত বিহুৰ অভিলেখ স্হাপন কৰা প্ৰমাণপত্ৰ লাভ কৰা বিহুৱা-বিহুৱতীৰ সহযোগত নৱেম্বৰত জ্যোতি-বিষ্ণু আৰু ভূপেন্দ্ৰ-ৰবীন্দ্ৰ গীতৰ কৰ্মশালা অনুষ্ঠিত হ’ব৷ জিলা প্ৰশাসনৰ প্ৰত্যক্ষ হস্তক্ষেপত অনুষ্ঠিত হ’ব লগীয়া এই কাৰ্যসূচী পঞ্চায়ত পৰ্যায়ত প্ৰথমাৱস্থাত প্ৰতিযোগিতা অনুষ্ঠিত কৰি পিছলৈ সমষ্টি ভিত্তিত আৰু শেষ পৰ্যায়ত ৰাজ্যিক ভিত্তিত গুৱাহাটীত অনুষ্ঠিত হ’ব৷ ইয়াত বিহুৰ লগতে ৰাজ্যৰ যিকোনো এটা জনগোষ্ঠীৰ নৃত্যয়ো স্হান পাব৷ ইপিনে,মুখ্যমন্ত্ৰীৰ আন এক নতুন নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পূৰ্বে অনুষ্ঠিত হ’ব লাগিব এখন বিশেষ নাট৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ আজি কাৰ্যকৰী হোৱা দেখা গ’ল তেজপুৰত৷ তেজপুৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত পূৰ্বৰ দৰে দেখা ন’গল অযথা সময় অপ-ব্যৱহাৰেৰে বন্তি প্ৰজ্বলন অথবা সম্বৰ্ধনা৷তাৰ পৰিৱৰ্তে দেখা গ’ল এখন বিশেষ নাট৷ ৰাজ্যত ক্ৰমশঃ বৃদ্ধি পোৱা মটৰ দুৰ্ঘটনাৰ ঘটনাত উদ্বিগ্ন মুখ্যমন্ত্ৰীয়ে সেয়ে বাটৰ নাটৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস চলালে৷ লগতে আহ্বান জনালে – প্ৰতিটো চৰকাৰী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পূৰ্বে এনেদৰে মটৰ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত বাটৰ নাট মঞ্চস্হ কৰাটো বাধ্যতামূলক৷ তেজপুৰ নেহৰু ময়দানত স্হানীয় শিল্পী বিজয় শংকৰ শইকীয়াৰ ৰচনা-পৰিচালনাৰে মঞ্চস্হ হ’ল এখন বাটৰ নাট৷ এই নাট মঞ্চৰ পৰা উপভোগ কৰিলে মুখ্যমন্ত্ৰীয়ে বাটৰ নাট৷ উল্লেখ্য যে, বাহন চলাওঁতে হেলমেট আৰু চিট বেল্ট পৰিধান কৰা, সুৰাপান তথা মোবাইল ব্যৱহাৰ নকৰা আদিৰ ওপৰত সজাগতা অনাৰ লক্ষ্যৰে “পথ ৰক্ষা জীৱন সুৰক্ষা” শীৰ্ষক নাটখনি মঞ্চস্হ তেজপুৰৰ বাণ থিয়েটাৰৰ একাংশ কলা-কুশলীয়ে৷ আনহাতে,অগ্নিগড়ৰ পৰা বামুণীপাহাৰলৈ ৰ’পৱে’ নিৰ্মাণৰ পৰিকল্পনাৰ কথা উল্লেক কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে নেকৰ পৰা ইতিমধ্যে ১০ কোটি টকা অগ্নিগড়ৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে দিয়া হৈছে যদিও প্ৰয়োজনত অতিৰিক্ত আৰু ধন মোকলাই দিয়া হ’ব৷ তদুপৰি, তেজপুৰত ৰাজভৱন নিৰ্মাণৰ বাবে উপায়ুক্তক মাটি দিয়াৰ কথা উল্লেখ কৰি পল’গ্ৰাউণ্ড খেলপথাৰত গেলেৰী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় চাৰি কোটি টকা দিয়াৰ আশ্বাস প্ৰদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More