ৰামকণ ঘূৰি আহিল…

0 464

শৈলেন বৰুৱা

ৰামকণ ঘূৰি আহিল… এইটো কোনো নিউজ নহয় বা ৰামকণো কোনো তথাকথিত ডাঙৰ মানুহ নহয় যে ৰামকণ “নিজৰ জেগা”লৈ ঘূৰি অহাটো সংবাদ মাধ্যমত প্ৰকাশযোগ্য কিবা এটা খবৰ হ’ব! কিন্তু ৰামকণৰ জীৱন চৰিত জানিলে আপুনিও আচৰিত হ’ব যে ৰামকণ কিয় ঘূৰি আহিল। পোনতেই কৈ থও ৰামকণ এজন সাধাৰণ চাহ দোকানী। লখিমপুৰ জিলাৰ ঘিলামৰাত ৰামকণৰ আছে এখন চাহৰ গুমটি। যি এবাৰ ৰামকণৰ হাতৰ চাহ খাই পাইছে, তেঁও নিশ্চিতভাবে ৰামকণৰ ওচৰলৈ দ্বিতীয়বাৰ যাবলৈ বাধ্য। তাৰ পিছত বাৰে বাৰে… সেই ৰামকণে সুদীৰ্ঘ ৬ টা দশকত চাহ বনাই বিক্ৰী কৰি ঘিলামৰা -ঢকুৱাখনাত এটা চাহপ্ৰেমী পৰিমণ্ডল সৃষ্টি কৰি ললে। যাৰ বাবে ৰামকণৰ অবৰ্তমানত বহুজনে যেন একাপ সতেজ ডাঠ গাখীৰৰ চামনি পৰা সুস্বাদু চাহৰ পৰা বঞ্চিত হৈ আছিল।

ৰামকণ ছমাহ পূৰ্বে “দেশ”লৈ গ’ল।

     চাহপ্ৰেমীসকল একপ্ৰকাৰ হতাশ। কেতিয়া ঘূৰিব ৰামকণ? কোনো ঠিক নাই। কাৰণ ৰামকণৰ তিনি পুত্ৰ-বোৱাৰীয়ে নিবিচাৰে তেঁও  অসমত চাহ বনাই বিক্ৰী কৰি থাকক!
ৰব, ৰামকণৰ পৰিয়ালটোৰ চিনাকী দি লও… তাৰ পিছত কাহিনী আগবাঢ়িব। উত্তৰ প্ৰদেশৰ নিজ জিলা দেৱৰীয়াত ৰামকণৰ ডাঙৰ পুত্ৰ অশোক কুমাৰে জুনিয়ৰ চেকেণ্ডাৰী স্কুলত শিক্ষকতা কৰে। দ্বিতীয় পুত্ৰ সন্তোষ কুমাৰে দেৱৰীয়াতে কানাড়া বেংকৰ কেচিয়াৰ। তৃতীয় পুত্ৰ মনোজ কুমাৰ লক্ষ্ণৌত ষ্টেট বেংকৰ মেনেজাৰ ৰূপে কৰ্মৰত। এগৰাকী বোৱাৰীও বেংকৰ কৰ্মচাৰী। তেনে এক আঢ্যৱন্ত পৰিয়ালৰ পিতৃ ৰামকণে চাহ বনাই চলিব লগা নিশ্চয় নহয়। ৰামকণৰ উচ্চ পদস্থ পুত্ৰসকলে সেয়ে পূৰ্বেও অসমলৈ আহি ৰামকণক ঘৰলৈ লৈ যায়… কিন্ত ৰামকণ পুনৰ ঘূৰি আহে। পিতৃয়ে এই ৭১ বছৰীয়া বৃদ্ধ বয়সত কষ্ট কৰাটো পুত্ৰ সকলে নিবিচাৰে। সেয়ে বছৰত এবাৰ হলেও অসমলৈ আহি ৰামকণক লৈ যায়। পুত্ৰই আহিবলৈ নিদিলেও তেঁও পলাই হলেও ঘিলামৰালৈ আহে। বাৰে বাৰে…WhatsApp Image 2023 06 30 at 8.51.25 AM

     এইবাৰো ছমাহমান পূৰ্বে ৰামকণ গুচি গৈছিল। পুনৰ ঘূৰি অহা-নহাৰ নিশ্চয়তা নাছিল। কিন্তু অৱশেষত কালি ডাঙৰ পুত্ৰক লগত লৈ ৰামকণ আহি ঘিলামৰাত উপস্থিত হল।
ৰামকণ বুলি পৰিচিত মানুহজনৰ আচল নাম ৰামকৰণ শ্বাহ। অসমীয়া মানুহৰ মুখত পৰি সেই ৰামকৰণৰ নাম “ৰামকণ” হলগৈ। তেঁওৰ জন্ম উত্তৰ প্ৰদেশৰ দেৱৰীয়া জিলাৰ চালেমপুৰ মৌজাৰ দুমৰী মথিয়া গাঁৱত। তেওঁৰ পত্নীৰ নাম ধৰ্মা দেৱী। সম্প্ৰতি ৭১ বছৰত ভৰি দিয়া ৰামকণে জনোৱা মতে কিশোৰ অৱস্থাতে ১৯৬২ চনৰ বানপানীৰ সময়ত প্ৰথম তেওঁ লখিমপুৰলৈ আহে আৰু এঙাৰখোৱাত ওম প্ৰকাশ নামৰ মৰোৱাৰী এজনৰ মিলত ৰান্ধনিৰ কাম কৰে। তাৰ পিছত বিহপুৰীয়াৰ ধুমৰ লালৰ চাউলৰ মিলত কাম কৰে। সেই সময়তে ৰামকণক ঘিলামৰাৰ গোপাল শৰ্মাই গেলামালৰ দোকানত কাম কৰিবলৈ লৈ যায়। তাতে এদিন কাজিয়া হল আৰু ৰামকণে দোকান এৰি দিলে। সেইসময়ত তেঁওৰ হাতত আছিল ১৭.৫০ টকা। তাৰে তেওঁ কমলা কিনি ঘিলামৰাৰ শনিবৰীয়া বজাৰত বেচি ২০ টকা লাভ কৰিলে। সেয়া তেতিয়া বহুত টকা! আৰু সেই মূলধন লৈয়ে আৰম্ভ কৰিলে চাহৰ দোকান। তেতিয়া একাপ চাহৰ দাম আছিল ১০ পইচা, ৪০ পইচাত ১ লিটাৰ ম’হৰ গাখীৰ পায়। ৰামকণে আজি গৌৰৱৰে ক’লে–১০ পইচাৰ চাহ বিক্ৰী কৰি কৰি ল’ৰাক পঢ়ুৱাই তেঁও মানুহ কৰিলে।
সেই ৰামকণ কালি পুনৰ ঘূৰি আহিছে ঘিলামৰালৈ। ৰামকণে কেৱল ৱ্যৱসায়ৰ বাবে ঘিলামৰালৈ বাৰে বাৰে ঘূৰি নাহে… ঘিলামৰাৰ সমাজ জীৱনৰ লগত ৰামকণৰ অন্তৰ আত্মা কেতিয়াবাই বিলীন হৈ গৈছে। পুত্ৰ তথা পৰিয়ালৰ হকা বাধা নেওচি ৰামকণ এইবাৰো ঘূৰি আহিছে। সেয়ে ৰামকণ ঘূৰি অহাটো সেই সকলৰ বাবে ডাঙৰ খবৰ যি ৰামকণৰ হাতৰ ধূমায়িত চাহকাপক একাপ অনন্য চাহ বুলি গণ্য কৰে…

    দিনটোত হাজাৰ কাপ চাহ বনালেও ৰামকণৰ চাহৰ বাচন সদায়ে চিকচিকিয়া হৈ থাকে। ৰামকণে ব্য়ৱসায় কৰে, কিন্তু ৰামকণৰ বাবে চাহৰ বেপাৰ এতিয়া পেশা হৈ থকা নাই। ৰামকণক লাগে ঘিলামৰা-ঢকুৱাখনাৰ চাহপ্ৰেমীৰ আন্তৰিকতাপূৰ্ণ সহচৰ্য, কাৰণ অসমীয়া সমাজ জীৱনৰ লগত ৰামকণৰ অন্তৰ আত্মা কেতিয়াবাই বিলীন হৈ গৈছে…

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More