সঘনে দিখৌ নদীৰ পানীৰ বৰণ সলনিঃ চাঞ্চল্য

ওপঙি উঠিছে হাজাৰ হাজাৰ থলুৱা মাছ

0 203

শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৬ এপ্ৰিলঃ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, বিগত এটা পষেক ধৰি অব্যাহত থকা বৰষুণৰ মাজতেই এইবাৰ দিখৌ নদীত পৰিলক্ষিত হৈছে এক অস্বাভাৱিক পৰিৱৰ্তন । নৈপৰীয়া জন জীৱনত অভ্যস্ত হৈ পৰা সাধাৰণ ৰাইজকো দিখৌ নদীৰ জলৰাশিৰ এই অস্বাভাৱিক পৰিৱৰ্তনে কৌতূহলৰ লগতে আতংকৰো সৃষ্টি কৰিছে । বিশেষকৈ ২৪ ঘন্টাৰ পূৰ্বে দিখৌ নদীত অস্বাভাৱিক গতিত ঘোলা পানী অহাৰ লগতে ভয়ংকৰ ৰূপত ওপঙি উঠিছিল থলুৱা প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড মাছ সমুহ । পুৱতি নিশা প্ৰায় ৪ মান বজাৰ পৰাই দিখৌ নদীত ঘোলা পানীৰ সমানে ওপঙি উঠিছিল হাজাৰ হাজাৰ থলুৱা মাছ । হঠাৎ ওপঙি উঠা প্ৰকাণ্ড, প্ৰকাণ্ড লিঠা, বৰালী, আঁৰি, বাহু, পিঠিয়া মাছ ধৰিবলৈ দিখৌ নদীত জনতাৰ ভিৰ লাগিছিল ।গৰু বিহুৰ পুৱাৰ পৰা মানুহ বিহুৰ দুপৰীয়ালৈকে দিখৌ নদীত অহা ছাই বৰণীয়া ঘোলা পানীত থলুৱা মাছ ওপঙি উঠাৰ ঘটনা অব্যাহত থাকিল । দিখৌ নদীৰ উৎপত্তি স্থলৰ সমীপত ব্যাপক ৰূপত কয়লাৰ খনন আৰু মজুতকৰণ চলি আছে । নদীৰ গড়াৰ কাষত লাখ লাখ টন কয়লা জমা কৰি থোৱা আছে । ফলত বাৰিষাৰ সময়ত বৰষুণৰ পানীৰ সৈতে কয়লাৰ পৰা নিগৰিত পানী একাকাৰ হৈ নদীত বিষক্ৰিয়া ঘটিয়েই এনেদৰে থলুৱা মাছ ওপঙি উঠা বুলি সন্দেহ, আশংকাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তেই এইবাৰ দিখৌ নদীয়ে হঠাৎ সলনি কৰিলে নিজৰ বক্ষৰ পানী । ছাই মিহলি ঘোলা পানীৰ পৰিৱৰ্তে হঠাৎ দিখৌ নদীৰ জলৰাশি উগ্ৰ গাঢ় নীলা বৰণৰ হৈ পৰাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ । সাধাৰণতে পৰিলক্ষিত হোৱা নীলা জলৰাশিৰ পৰিৱৰ্তে আজি পুৱাৰ পৰা পৰিলক্ষিত হোৱা দৃশ্য আছিল সম্পুৰ্ণ সুকীয়া । নদীখনৰ ঠায়ে ঠায়ে উগ্ৰ গাঢ় নীলা জলৰাশিৰ পৰিৱৰ্তে কলা ছাই বৰণীয়া পানীৰ এটা অস্বাভাৱিক প্ৰলেপো দৃষ্টি গোচৰ হৈছে । বিশেষকৈ নদীৰ গঢ়াৰ কাষৰ পানীত ছাই বৰণীয়া প্ৰলেপটো অধিক দৃষ্টি গোচৰ হৈছে । ইফালে নদীৰ ওপৰতেই জীৱন জীৱিকা নিৰ্ভৰশীল নদীপৰীয়া ৰাইজৰ মাজত এই অস্বাভাৱিক ঘটনাই আতংক, কৌতহূলৰ লগতে উৎসুক্যৰ সৃষ্টি কৰিছে । কিয়নো নদীৰ পানীৰ ওপৰতেই দৈনন্দিন কাম কাজ নিৰ্ভৰশীল পৰিয়াল সমুহে অজান আশংকাত এই পানী খোৱাৰ লগতে ব্যৱহাৰ কৰাৰ পৰাওঁ বিৰত আছে । হঠাৎ নদী খনৰ অস্বাভাৱিক জলৰাশিৰ ৰং সলনি হোৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অৱশ্যে কি কাৰণত নদীৰ পানীয়ে এনে অস্বাভাৱিক বৰণ লৈছে সেই সন্দৰ্ভত ৰাইজৰ মাজত কোনো স্পষ্ট কাৰণ বা ভিত্তি নাই যদিও সচেতন মহলে এয়া অবৈধ কয়লা খনন, মজুতকৰণৰ ফলত সৃৃষ্টি হোৱা বিষক্ৰিয়াৰ অংশ বিশেষ বুলি সন্দেহ প্ৰকাশ কৰিছে । উল্লেখ্য যে শিৱসাগৰ জিলাখনৰে জীৱন ৰেখা স্বৰূপ চিৰ যৌৱনা খৰস্ৰোতা দিখৌ নদীত অব্যাহত থকা এই অস্বাভাৱিক পৰিৱৰ্তন স্বাভাৱিকতেই চিন্তা আৰু উদ্বেগৰ কাৰণ হৈ পৰিছে । সচেতন মহলে তাৎক্ষণিকভাৱে চৰকাৰ প্ৰশাসনক দিখৌ নদীত পৰিলক্ষিত হোৱা অস্বাভাৱিক হোৱা পানীৰ বৰণ পৰিৱৰ্তনৰ আঁৰত ৰাসায়নিক বিষক্ৰিয়া নে স্বাভাৱিক পৰিৱৰ্তন সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহব্বান জনাইছে । অন্যথা সময় থাকোতেই যদি যথোচিত কাৰ্যপন্থা গ্ৰহণ নকৰে তেন্তে নদীখনৰ মাছ কাছৰ লগতে নদীখনৰ প্ৰতিও ভয়ংকৰ বিপদ নামি অহাতো নিশ্চিত ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More