তেজপুৰত পথ দুৰ্ঘটনাত দুজন নিহত

0 4

শতাব্দ  প্ৰতিনিধি তেজপুৰ, ১৬ এপ্ৰিল: ৰঙালী বিহুৰ আনন্দৰ মাজত গৰু বিহুৰ দিনা তেজপুৰত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হয়। তেজপুৰৰ ডিপোতাত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিহগুৰিৰ নামপিঠাখোৱাৰ পিংকু বৰা আৰু কমাৰ চুবুৰীৰ মিন্টু নাথে নম্বৰবিহীন এখন নতুন মটৰচাইকেলৰে তেজপুৰৰ পৰা গৃহ অভিমুখে উভতাৰ সময়ত বিয়লি প্ৰায় ৪.৩০ বজাত এএচ২৭ চি ৬০৯০ৰ ট্ৰাকখনৰে মুখামুখি সংঘৰ্ষ হয় । ফলত দুয়োজন যুৱক থিতাতে নিহত হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে কালি বিয়লি শালনিবাৰী আৰক্ষী চকীৰ অধীনৰ বৰঝাৰ গাঁৱত এ আৰ ০৪, ৬৫৩৬ নম্বৰ এখন বাহনৰ চকা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সলনি কৰি থকা সময়তে তেজপুৰৰ পৰা গৰৈমাৰী অভিমুখে গৈ থকা তীব্ৰ বেগী এ এছ ১২ এম ৬৪২২ নম্বৰৰ বাহনখনে খুন্দা মাৰে। ফলত দুয়োখন বাহন ক্ষতিগ্ৰস্ত হয়। উল্লেখ্য যে ভালুকপুঙৰ চিৰিঙ কুঞ্জুই কালি তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা অসুস্থ ৰোগীক ঘৰলৈ নিয়াৰ সময়ত গৰৈমাৰীত বাহনখনৰ চকা পমচাৰ হোৱাত উক্ত স্থানত ৰৈ চকা সলনি কৰাৰ সময়তে একেদিশে গৈ থকা বাহন খনে খুন্দা মৰাত ভালুকপুঙৰ আৰোহী দুজন কথমপি ৰক্ষা পৰে।দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজন কিছু পৰিমাণে আহত হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More