তেজপুৰৰ “অসমীয়া ক্লাব” ৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত উৎসৱমুখৰ পৰিৱেশ

কালীচৰণ বৰুৱাক "সদস্য মহীয়ান" উপাধি প্ৰদান

0 17

শতাব্দ  প্ৰতিনিধি, তেজপুৰ, ১৬ এপ্ৰিল : সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ লগতে একাংশ সমাজহিতৈষী ব্যক্তিয়ে ১৯১৫ চনৰ পহিলা ব’হাগৰ দিনটোত গঢ়ি তোলা তেজপুৰৰ শতবৰ্ষ গৰকা অন্যতম সামাজিক অনুষ্ঠান “অসমীয়া ক্লাব” ৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ক্লাব প্ৰাংগনত। পহিলা ব’হাগৰ দিনটোতে পুৱাই ক্লাবৰ সকলো সদস্য সদস্যাই জাতীয় সাজপাৰ পৰিধান কৰি এক পৱিত্ৰ পৰিৱেশত আয়োজিত এই প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে ক্লাবৰ সভাপতি অৰুণা দেৱীৰ দ্বাৰা পতাকা উত্তোলনৰ সময়ত সদস্য সদস্যা সকলে ক্লাবৰ প্ৰতীকী গীত পৰিৱেশন কৰে। আনহাতে কালিৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে ক্লাবৰ জ্যেষ্ঠ সদস্য কালী চৰণ বৰুৱাক সদস্য মহীয়ান উপাধি প্ৰদান কৰাৰ লগতে বংকিম শৰ্মাই ৰচনা কৰা আৰু সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই সুৰাৰোপিত কৰা আৰু সীমান্ত কাকতিৰ সংগীত ব্যৱস্থাপনাৰ ক্লাবৰ প্ৰতীকী গীতৰ বাণীৱদ্ধ ৰূপ উন্মোচন কৰে ক্লাবৰ সদস্য তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই । উন্মোচনী ভাষণত অসমীয়া ক্লাবৰ ইতিহাস আলোকপাত কৰি বিধায়ক পৃথ্বিৰাজ ৰাভাই প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰীসকলক স্মৰণ কৰে। উল্লেখ্য যে, বাণীৱদ্ব ৰূপৰ গীতটোত কন্ঠদান কৰা শিল্পী সকল হ’ল ক্ৰমে – প্ৰণামী বৰঠাকুৰ, অন্বেষা কাঞ্চন বৰা, ডেইজী ৰাণী হাজৰিকা, সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা আৰু সীমান্ত কাকতি। আনহাতে কালিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতেই দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি শইকীয়াই নৱীন চন্দ্র লহকৰ সম্পাদিত ক্লাবৰ মুখপত্ৰ “আলোকৰে যাত্ৰা” উন্মোচন কৰে। এই অনুষ্ঠানতে ক্লাবৰ ২০ গৰাকী নতুন সদস্যক সম্পাদক অনুদেৱী মহন্তই চিনাকী কৰি দিয়াৰ লগতে অলপতে ৰাষ্ট্ৰীয় লৌহ ক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰ শৰীৰৰ চৰ্চা সন্থাৰ জৰিয়তে তেজপুৰলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ ক্ৰমে – পল্লৱী কোঁচ, কৃষ্টিৰেখা হাজৰিকা আৰু প্ৰাঞ্জল ডেকাক বিশেষ ভাবে অভিনন্দন জ্ঞাপন কৰে।মনকৰিবলগীয়া যে ৰঙালী বিহুৰ বতৰতেই এই প্ৰতিষ্ঠা দিৱসৰ কালিৰ অনুষ্ঠানত স্থানীয় শিল্পী গুলেশ্বৰ বড়োৰ নেতৃত্বত বিহুৱা দলে ক্লাবৰ বাকৰিত বিহু নৃত্য প্ৰদৰ্শন কৰাৰ কালত ক্লাবৰ সদস্য সকলেও বিহু নৃত্য কৰি সমগ্ৰ পৰিৱেশটো ৰঙীণ কৰি তোলে। শেষত অসমীয়া ক্লাবে সমূহ অভ্যাগতক বিহুৰ পিঠা পনা, জলপানেৰে আপ্যায়ন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More