জাপানত অভিলেখ হাৰত জনসংখ্যা হ্ৰাস পাইছে

এটা বছৰতে জনসংখ্যা ৬,৪৪,০০০ হ্ৰাস

0 49

শতাব্দ বিশেষ প্ৰতিনিধি,১৭ এপ্ৰিলঃ অভিলেখ হাৰত জনসংখ্যা হ্ৰাস পাইছে জাপানত। জাপানৰ আভ্যন্তৰীণ পৰিক্ৰমা বিভাগৰ পৰিসংখ্যা গোটে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰটোৰ তুলনাত এই বছৰত জাপানৰ জনসংখ্যা ৬,৪৪,০০০ হ্ৰাস পাইছে। বৰ্তমান দেশখনৰ জনসংখ্যা হৈছে ১২৫.৫ নিযুত। উল্লেখযোগ্য যে, ইয়াৰ ভিতৰত জাপানত স্থায়ী ভাৱে বসবাস কৰিবলৈ লোৱা বিদেশী লোকৰো সংখ্যা অন্তৰ্ভুক্ত হৈ আছে। পৰিসংখ্যা অনুযায়ী জাপানৰ ৪৭খন প্ৰশাসনিক এলেকাৰ ৪৬খনতেই জনসংখ্যাৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ৰাজধানী মহানগৰ টকিয়’ত যোৱা ২৪ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৪০,০০০ জন লোকৰ জনসংখ্যা হ্ৰাস পাইছে। ৬৫ বছৰীয়া বৃদ্ধলোকৰ সংখ্যা দেশখনত ২৮.৯ শতাংশ হাৰত বৃদ্ধি হৈ ৩৬.২ নিযুত হোৱাৰ বিপৰীতে ১৫ বছৰৰ তলৰ শিশুৰ সংখ্যা হৈছেগৈ মাথোন ১৪.৭৮ শতাংশ। বৃদ্ধলোকৰ সংখ্যা বৃদ্ধি দেশখনৰ এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More