তেজপুৰত দুৰ্ঘটনাত হতাহত দম্পতী

0 14

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,১৭এপ্ৰিল: আজি পুৱা প্ৰায় ৯-৩০বজাত পিঠাখোৱা চেন্টাৰতে সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত এগৰাকী বোৱাৰী থিতাতে নিহত হয় । তেজপুৰ বামপৰ্বতীয়াৰ বাঢ়ৈচুবুৰী নিবাসী নিৰঞ্জন লহকৰে তেওঁৰ পত্নী ৰশ্মি হাজৰিকা লহকৰক লৈ এএছ ১২টি ১২৪৭ নম্বৰ মটৰচাইকেলৰে শিঙৰি দেৱালয়লৈ গৈ থকা অৱস্থাত এএছ ১২বিচি ৮৬১৬ নম্বৰ ট্ৰাকখনে পিছফালৰ পৰা দুয়োকে মহতিয়াই নিয়ে । উল্লেখ্য় যে,যোৱা ২৫ নৱেম্বৰত দম্পতীহালৰ বিয়াৰ এবছৰ পূৰ্ণ হৈছিল । ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা প্ৰত্যক্ষ কৰা একাংশ লোকে কয় যে,একেটা দিশৰ পৰাই অহা দ্ৰুতবেগী ট্ৰাকখনে ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত লহকৰ দম্পতী গৈ থকা মটৰচাইকেলত নিয়ন্ত্ৰণহীন গতিত খুন্দা মৰাত মটৰচাইকেলখনত বহি যোৱা বোৱাৰীগৰাকী পথৰ ওপৰতে পৰি যায় আৰু লগে লগে তেওঁৰ মূৰৰ ওপৰৰে ট্ৰাকখন পাৰ হৈ যোৱাত মহিলাগৰাকী ঘটনাস্থলীতে নিহত হয় । আনহাতে তেওঁৰ স্বামী গুৰুতৰ ভাবে আহত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে দুৰ্ঘটনাস্থলিত বহুসংখ্যক লোক সমবেত হৈ আহত লহকৰক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । আহত লহকৰক টুমুকিৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে নিহত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । ইপিনে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক আৰু সহায়কাৰীজনক আৰক্ষীয়ে আটক কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More