তেজপুৰত ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক “পকী” আৰু কলাগুৰুৰ সমাধি “সমন্বয় ক্ষেত্ৰ” পৰ্যবেক্ষণ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ

0 27
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ অক্টোবৰঃ ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, শোণিতকোঁৱৰ গজেন বৰুৱা আদি জাতীয় জীৱনৰ পুৰোধা শিল্পীসকলৰ অনুভৱ-অনুভূতি আৰু জীৱনাদৰ্শক সকলো লোকে হৃদয়ংগম কৰিব পৰাকৈ বৰ্তমানৰ চৰকাৰখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এনে লোকসকলৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ চৰকাৰে কোনো কাৰণে ধনৰ কথা নভবাকৈ সকলো ক্ষেত্ৰতে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি আজি তেজপুৰত মন্তব্য কৰে অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। উল্লেখ্য যে, ব্যক্তিগত ভ্ৰমণ সূচীৰে কালিয়েই তেজপুৰত উপস্থিত হোৱা মন্ত্ৰী বিমল বৰাই আজি তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে একাংশ বিষয়া-কৰ্মচাৰীৰ লগত ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক “পকী” তথা বৰ্তমানৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত উপস্থিত হৈ ঐতিহাসিক “পকী” ৰ আপুৰুগীয়া সা – সামগ্ৰী সমূহ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰাৰ পিছত সাংবাদিকৰ আগত চৰকাৰে এই ১৮৭৪ চনতে হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথমটো পকী গৃহ পূৰ্বৰ শৈলীতে আধুনিক ভাবে উন্নীতকৰণ কৰি বিশেষ ভাবে সংৰক্ষণৰ আঁচনিৰ কথা সদৰী কৰে। মন্ত্ৰী বৰাই কয় – চৰকাৰে ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত দুটা দিশত অধিক গুৰুত্ব প্ৰদান কৰি ইয়াৰ সা-সামগ্ৰীসমূহ অতি বিজ্ঞানসন্মত ভাবে উন্নতমানৰ পদ্ধতিৰে সংৰক্ষণৰ ব্যৱস্থাৰ লগতে ইয়াৰ গৃহটিও পূৰ্বৰ শৈলীতে বিজ্ঞানসন্মত ভাবে সংৰক্ষণ কৰিবলৈ ইতিমধ্যে প্ৰকল্প প্ৰস্তুত কৰা হৈছে বুলি মন্তব্য কৰে। আনহাতে সাংবাদিকে ইয়াৰ বাবে কিমান ধনৰাশি প্ৰয়োগ কৰা হ’ব বুলি জানিব বিচৰাত টকা ডাঙৰ কথা নহয় জাতীয় জীৱনৰ এনে পুৰোধা সকলৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে টকা ডাঙৰ কথা নহয় বুলি কৈ এনে লোকসকলৰ অনুভৱ-অনুভূতিৰ সৈতে সকলোৱে পৰিচয় হ’ব পৰাকৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। আনহাতে মন্ত্ৰী বিমল বৰাই ইয়াৰ পিছতেই কলাগুৰুৰ সমাধি সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ কলাগুৰু গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমাধি সমন্বয় ক্ষেত্ৰৰ আকৰ্ষণীয় ভাস্কৰ্য পূৰ্ণ দৃশ্যাৱলীয়ে মন্ত্ৰী গৰাকীক বাৰুকৈয়ে মুগ্ধ কৰাৰ লগতে বিশেষকৈ কলাগুৰু গৰাকীৰ গীতৰ শৈলীৰে সজোৱা ভাস্কৰ্য সমূহৰ প্ৰসংগ উত্থাপন কৰি সাংবাদিকৰ আগত কয়-যিসকল লোকে কলাগুৰুৰ সান্নিধ্য লাভ নকৰিলে সেইসকল লোকে এই আকৰ্ষণীয় সমন্বয় ক্ষেত্ৰত কিছু সময় পাৰ কৰিলেই কলাগুৰু গৰাকীৰ অনুভৱ – অনুভূতিৰ উমান পাব বুলি মন্তব্য কৰে। এই সমাধি ক্ষেত্ৰলৈ বাৰিষাৰ সময়ত বাঢ়নি পানীয়ে কঢ়িয়াই অনা সংশয় মষিমূৰ কৰিবলৈ ইতিমধ্যে কলাগুৰু গৰাকীৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ভোমোৰাগুৰিৰ পৰা সমাধি ক্ষেত্ৰলৈ যি নতুন পথৰ পৰিকল্পনা কৰিছে সেই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈও চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More