লিডুৰ অবৈধ কয়লা খনিত ইজনৰ পাছত সিজন শ্ৰমিকৰ কৰুণ মৃত্যু

0 21
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৫  ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লা খনিত কাম কৰিবলৈ যোৱা জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ প্ৰায় ২৪ বছৰীয়া যুৱকজন এমাহৰো অধিক কাল সন্ধানহীন হৈ থকাৰ বিষয়ে ১২ ফ্ৰেব্ৰুৱাৰীৰ ’আমাৰ অসম’ত বিতংকৈ প্ৰকাশিত বাতৰিয়ে কেওদিশে আলোড়ন তুলিছে৷ ইতিমধ্যে এই বাতৰিয়ে অন্যান্য ছপা আৰু বৈদ্যুতিন মাধ্যমৰ শিৰোনামা দখল কৰা পৰিলক্ষিত হৈছে ৷ লিডুৰ টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত জিলাখনৰ বৰডুমচাৰ কাৰ্তিক গোৱালা আৰু মাকুমৰ পশ্চিম মামৰণীৰ বিজয় মূঢ়া নামৰ ২ জন শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰাৰ ঘটনাৰ পাছতে প্ৰাঞ্জল সন্ধানহীন হোৱাৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ আজি তিনিচুকীয়া প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত মৰাণ ছাত্ৰ সন্থা আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাই (আটাছু) সমগ্ৰ ঘটনা স্পষ্ট কৰাৰ বাবে প্ৰশাসনক ২৪ ঘণ্টাৰ সময় বান্ধি দিয়ে ৷ মৰাণ ছাত্ৰ সন্থা সভাপতি নৱ মৰাণ, সাধাৰণ সম্পাদক দেৱকান্ত মৰাণ, উপ-সভাপতি পলিন্দ্ৰ বড়া, আটাছুৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, সীমান্ত গগৈ প্ৰমুখ্যে দুই ছাত্ৰ সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত আয়োজিত সংবাদমেলত এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে তীব্ৰ ক্ষোভ জাহিৰ কৰে ৷ মৰাণ ছাত্ৰ সন্থা আৰু আটাছুৰ নেতৃবৰ্গই কয় যে সন্ধানহীন যুৱকজনৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ ইমানদিনৰ পাছতো আৰক্ষী তথা প্ৰশাসনে প্ৰাঞ্জল জীৱিত নে মৃত তাকে স্পষ্ট কৰিব পৰা নাই ৷ মাৰ্ঘেৰিটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কেইজনমানক ধৰা বুলি সদৰি কৰিছে যদিও কাক ধৰিছে তাক প্ৰকাশ কৰাৰ পৰা বিৰত আছে। যদিহে উক্ত ব্যক্তিকেইজন ঘটনাৰ লগত জড়িত তেন্তে তেওঁলোকক সোধপোছ কৰিলেই সকলো কথা ওলাই পৰিব ৷ কিন্তু তাকে নকৰি আৰক্ষীয়ে ৰহস্যজনক নিৰ্লিপ্ততা তথা মৌনতা অৱলম্বন কৰাহে দেখা গৈছে ৷ দুই ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই সংৰক্ষিত এলেকাত কয়লা মাফিয়াই কিদৰে খনন চলাই থাকিবলৈ সক্ষম হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁলোকে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং আৰু মুখ্যমন্ত্ৰীক সমগ্ৰ বিষয়টোত তৎকালে হস্তক্ষেপ কৰি কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ ইয়াৰোপৰি মৰাণ ছাত্ৰ সন্থা আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাই ২৪ ঘণ্টাৰ ভিতৰত প্ৰাঞ্জল জীৱিত নে মৃত নিশ্চিত কৰি যদিহে মৃত তেন্তে পৰিয়ালক মৃতদেহ চমজাই দিয়া, দোষীক আটক কৰি শাস্তি প্ৰদান আৰু প্ৰাঞ্জলৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই ইয়াৰ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকিয়নী দিছে ৷ উল্লেখ্য, পত্নী আৰু একমাত্ৰ আঢ়ৈ বছৰীয়া পুত্ৰক এৰি বিগত ডিচেম্বৰত জনৈক ’কমল চাহাব’ বুলি পৰিচিত ব্যক্তিজনৰ অধীনত কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰাৰ বাবে ৰাওনা হৈছিল প্ৰাঞ্জল মৰাণ ৷ সপ্তাহ, দহদিনৰ মূৰেমূৰে ঘৰলৈ অহা প্ৰাঞ্জল ডিচেম্বৰৰ শেষৰ পৰা ৬ জানুৱাৰীলৈকে ঘৰতে আছিল ৷ ৬ জানুৱাৰীত পুনৰ কামলৈ বুলি ওলাই যোৱা প্ৰাঞ্জলে সেইবাৰ কৰ্মস্থলীত চাৰ্জ দিবলৈ অসুবিধা হোৱাৰ বাবে নিজৰ মবাইলটো ঘৰতে থৈ যায় ৷ ১২ জানুৱাৰীলৈকে আনৰ মবাইলৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ ৰখা প্ৰাঞ্জল ৰহস্যজনকভাৱে ১২ জানুৱাৰীৰ পাছৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ পৰিয়ালৰ লোকে প্ৰাঞ্জলৰ সহকৰ্মীলৈ ফোন কৰিও যুৱকজনৰ কোনো সন্ধান লাভ নকৰে ৷ সেই সময়তে লিডুৰ টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত দুজন শ্ৰমিকৰ কৰুণ মৃত্যুৰ বাতৰি ‘আমাৰ অসম’কে ধৰি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাত আতংকিত প্ৰাঞ্জলৰ পৰিয়ালে যুৱকজনৰ সন্ধানত ১ ফেব্ৰুৱাৰীত নিজে গৈ লিডুত উপস্থিত হৈ কয়লা খননৰ লগত জড়িত একাধিক ব্যক্তিক সোধপোছ কৰি যুৱকজনৰ সন্ধান উলিওৱাৰ প্ৰয়াস কৰে ৷ ইয়াৰ পাছদিনাই অৰ্থাৎ ২ ফেব্ৰুৱাৰীৰ পুৱা তেওঁলোকৰ ঘৰত উপস্থিত হয় লক্ষীপথাৰৰ হৰেন গগৈ (মুন) নামৰ এজন লোক ৷ উক্ত ব্যক্তিজনে লেখাপানী অঞ্চলত প্ৰাঞ্জলৰ মৃত্যুৰ খবৰ জাহিৰ কৰে ৷ এই কথা শুনা মাত্ৰেই প্ৰাঞ্জলৰ ঘৰত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ প্ৰাঞ্জলৰ পৰিয়ালে গাঁৱৰ লোকৰ সৈতে ঘটনাস্থলীলৈ গৈ কয়লাৰ চোৰাং বেহাৰ লগত জড়িত চক্ৰটোৰ জনৈক ৰাজা, কমল চাহাবকে ধৰি একাধিক ব্যক্তিক লগ পাই যদিও প্ৰাঞ্জলৰ বিষয়ে কোনো পতিয়নযোগ্য উত্তৰ লাভ নকৰে ৷ বৰং কয়লা মাফিয়া চক্ৰই দায়সৰা উত্তৰ দি সমগ্ৰ বিষয়টোৰ পৰা গা এৰা দিবলৈ বিচাৰে বুলি অভিযোগত প্ৰকাশ ৷ প্ৰাঞ্জল সন্ধানহীন হৈ থকা সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয় যদিও আৰক্ষীৰ পৰা কোনো সহযোগিতা লাভ নকৰাৰ অভিযোগ উঠিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More