0 13

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১০জুনঃ ৰাজ্যৰ শিক্ষাখণ্ডত অ- প্ৰাদেশিকীকৰণৰ সমস্যাটো বৰ্তমান সময়ত এটা জ্বলন্ত সমস্যা হিচাবে চিহ্নিত হৈছে৷ ৰাজ্যৰ যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী হাইস্কুলত অধ্যয়ন কৰি আছে তাৰে প্ৰায় ৩০ শতাংশ ছাত্ৰ-ছাত্ৰী এই অ-প্ৰাদেশিকৃত বিদ্যালয় সমূহত অধ্যয়ন কৰি আছে৷ এই সমূহ বিদ্যালয় ২০০৬ ৰ পহিলা জানুৱাৰীৰ আগতেই ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা বিদ্যালয়৷ ২০০৬ ৰ আগৰে পৰাই এই সমূহ বিদ্যালয়ৰ পৰা ছাত্ৰ- ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা দি আহিছে৷ সেই সময়ত এই বিদ্যালয় থকা অঞ্চল সমূহত হাইস্কুল নথকাৰ বাবে ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি আৰু কোনো কোনোৱে নিজৰ ব্যক্তিগত মাটি দান দি হ’লেও এই হাইস্কুল সমূহ প্ৰতিষ্ঠা কৰিছিল৷ আজি এইদৰে এক সংবাদমেলত প্ৰকাশ কৰে সদৌ অসম অপ্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সন্থাই৷ তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত দিনৰ এক বজাত আয়োজিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে সন্থাটোৰ সভাপতি বিপুল শৰ্মাই৷ সন্থাটোৰ বহুকেজন বিষয়ববীয়াৰ অংশগ্ৰহণৰে অনুষ্ঠিত হোৱা সংবাদমেলত কোৱা হয় যে, সময়ত এই সমূহ বিদ্যালয়ে চৰকাৰৰ ফালৰ পৰা বিদ্যালয় খোলাৰ অনুমতি স্বীকৃতি ইত্যাদি পাবলৈ সক্ষম হৈছিল৷ ২০১৩ আৰু ২০২২ ত কিছু সংখ্যক হাইস্কুল প্ৰাদেশিকৰণ হ’ল যদিও বহুসংখ্যক হাইস্কুল সেই সময়ত কিছু কঠোৰ ধাৰা-উপধাৰাৰ বাবে বাদ পৰি ৰ’ল৷ ইয়াৰ উপৰিও ২০১৩ আৰু ২০২১ ত হোৱা প্ৰাদেশিকৰণৰ সময়ত বহু সংখ্যক শিক্ষক প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি ৰ’ল বুলি আক্ষেপ প্ৰকাশ কৰি সংবাদমেলত লগতে কোৱা হয় যে, শেহতীয়াভাবে অসম চৰকাৰে এই ভেনছাৰ শিক্ষানুষ্ঠান সমূহত এতিয়ালৈকে পাই থকা, মধ্যাহ্ন ভোজনো যোৱা পহিলা এপ্ৰিলৰ পৰা বন্ধ কৰি দিলে আৰু প্ৰাদেশিকৃত বিদ্যালয় সমূহক দি অহাৰ দৰে এই ভেনছাৰ বিদ্যালয় সমূহকো বৰ্তমানলৈকে পোচাক আৰু চাইকেল দিয়া আঁচনি দুয়োটাই এই বছৰৰ পৰা বন্ধ কৰি দিলে৷ সন্থাটোৰ বিষয়ববীয়া সকলে কি কাৰণে চৰকাৰে এই বিদ্যালয় সমূহক মাহীআইৰ চকুৰে চাইছে বুজি পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰি শেহতীয়াভাবে অসম চৰকাৰে শিক্ষা সেতু নামৰ এটা পৰ্টেল আৰম্ভ কৰিছে আৰু এই পৰ্টেলত অসমৰ সকলো বিদ্যালয়ে ছাত্ৰী-ছাত্ৰীৰ তথ্য, বিদ্যালয়ৰ তথ্য, শিক্ষক-কৰ্মচাৰী সকল তথ্য অনলাইনযোগে দিব লগা হৈছে বুলিও উল্লেখ কৰে৷ কিন্তু দুৰ্ভাগ্যজনক ভাবে এই পৰ্টেলটোত স্বীকৃতি প্ৰাপ্ত অ-প্ৰাদেশীকৃত হাইস্কুলৰ বাবে নিৰ্দিষ্ট স্থান থাকিব লাগিছিল য’দিও সেই স্থান এই প’ৰ্টেলটোত নাই বুলিও কয় সন্থাৰ সভাপতি শৰ্মাই৷ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বিগত বিভিন্ন সময়ত সদৌ অসম অপ্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সন্থাৰ বিষয় ববীয়া সকলে অনানুষ্ঠানিক আৰু আনুষ্ঠানিক ভাবে কেইবাবাৰো সাক্ষাৎ কৰাৰ লগতে দাবীসমূহ লিখিত আকাৰে তেওঁলোকক দাখিল কৰিছে যদিও প্ৰতিশ্ৰুতিৰ বাদে একো ফলাফল লাভ নকৰিলে৷ এনে অৱস্থাত মুখ্য মন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বৰ্তমানলৈকে প্ৰাদেশিকীকৰণ কৰিবলৈ বাকী থকা সকলো পৰ্যায়ৰ হাইস্কুল প্ৰাদেশীকৰণ কৰাৰ দাবী জনায় সংবাদমেলত৷ তদুপৰি সংবাদমেলত কোৱা হয় যে ২০০৬ৰ পহিলা জানুৱাৰী বা তাৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ বিদ্যালয় বৰ্তমান যি পৰ্যায়তে বা অবস্থাতে নাথাকক কিয় সকলো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে৷ এই সময়ৰ  বা তাৰ পূৰ্বে স্থাপিত হোৱা আৰু অসম চৰকাৰৰ দ্বাৰা অষ্টম শ্ৰেণী খোলাৰ অনুমতি তথা স্বীকৃতিপ্ৰাপ্ত সমূহ বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে বুলিও সংবাদমেলত প্ৰকাশ কৰি সন্থাটোৱে প্ৰাদেশিকীকৰণ আইনখনত ২০০৬ ক ভিত্তি বৰ্ষ হিচাবে ধৰি লৈ ২০১৭- ১৮ ত সংশোধন ঘটালে যদিও হাইস্কুলৰ ক্ষেত্ৰত নৱম শ্ৰেণী প্ৰথম শ্ৰেণী হিচাবে ধৰা হ’ল বুলি উল্লেখ কৰি ২০১০ ৰ ৩১ ডিচেম্বৰবলৈকে অষ্টম শ্ৰেণী হাইস্কুলৰ লগত সংলগ্ন হৈ আছিল বুলি আঙুলিয়াই দিয়ে৷ গতিকে এই সংশোধিত আইনখনৰ মতে হাইস্কুলৰ ক্ষেত্ৰত অষ্টম শ্ৰেণী প্ৰথম শ্ৰেণী হিচাবে ধৰি সংশোধন হ’ব লাগিছিল বুলি মন্তব্য কৰি সংস্থাটোৱে আজি সংবাদমেলত লগতে কয় যে, সেই বাবে এই আইনখন পুনৰ সংশোধন কৰি অষ্টম শ্ৰেণীক প্ৰথম শ্ৰেণী হিচাবে ধৰি হাইস্কুল সমূহ প্ৰাদেশিকীকৰণ কৰিব লাগে৷ ২০১৩ আৰু ২০২১ ৰ প্ৰাদেশিকীকৰণৰ সময়ত প্ৰাদেশিকীকৰণৰ পৰা বাদপৰা সমূহ অৰ্হতা সম্পন্ন শিক্ষক-কৰ্মচাৰীকো বিনাচৰ্তে প্ৰাদেশিকীকৰণৰ কৰিব লাগে বুলি সংবাদমেলত দাবী জনাই লগতে সেই সময়ত প্ৰাদেশিকৰণ নকৰা হিন্দী, সংস্কৃত আদি ঐচ্ছিক বিষয়ৰ শিক্ষক সকলৰ পদ সমূহ বিনাচৰ্তে প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে বুলিও কোৱা হয়৷ বৰ্তমান যি সমূহ বিদ্যালয়ে নৰম আৰু দশম শ্ৰেণীৰ অনুমতি পাই আছে সেই সমূহ বিদ্যালয়ক দশম শ্ৰেণীৰ স্বীকৃতি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে, বিদ্যালয় পৰিচালনা সমিতিয়ে দিয়া নিযুক্তি পত্ৰ সমূহ বাহাল ৰাখিব লাগে আৰু ইউ ডাইছ আৰু ডাইছ প্লাছ শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰা, অসম চৰকাৰে অ-প্ৰাদেশিকৃত শিক্ষানুষ্ঠান সমূহত প্ৰধান মন্ত্ৰী পোষণ আচনিৰ অধীনত যি মধ্যাহ্ন ভোজন বিনামূলীয়া পোচাক, চাইকেল ইত্যাদি দি আহিছিল এই সমূহ আঁচনি ২০১৩ৰ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়াত গভীৰ উদ্বেগ প্ৰকাশ কৰি আৰু নিৰ্দেশটো পুনৰ বিবেচনাৰে চৰকাৰী বিদ্যালয়ৰ দৰে অপ্ৰাদেশিকৃত বিদ্যালয় সমূহতো পুনৰ এই আঁচনি সমূহ প্ৰৱৰ্তন কৰিবলৈ দাবী জনাই৷ তদুপৰি ৰাজ্য চৰকাৰে প্ৰবৰ্তন কৰা শিক্ষা সেতু নামৰ পৰ্টেলত স্বীকৃতি প্ৰাপ্ত অ-প্ৰাদেশিকৃত হাইস্কুলৰ বাবে কোনো স্থান নৰখাত এই পৰ্টেলটো পুনৰ সম্পাদনা কৰিবৰ বাবেও সন্থাটোৱে দাবী জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More