জিজ্ঞাস বৰুৱা
ইতিহাসে ঢুকি পোৱাৰ দিনৰে পৰা মানুহ আৰু পৰিৱেশৰ মাজত যে এক এৰাব নোৱাৰা সম্পর্ক আছে। সেই কথা আজিৰ মানুহে পাহৰিলেও প্ৰকৃতিয়ে কিন্তু পাহৰা নাই। জুইৰ আৱিষ্কাৰৰ আগলৈকে প্ৰকৃতি আৰু জীৱশ্ৰেষ্ঠৰ মাজৰ সম্পৰ্কটো আজিৰ তুলনাত কম ধ্বংসমুখী আছিল। আজিৰ দৰে কেনেকৈ গছে অক্সিজেন এৰি দিয়ে, ফুলৰ পৰা কেনেকৈ ফল হয় আৰু সেই ফলে কেনেকৈ আমাক শক্তি যোগান ধৰে, এই কথাবোৰ বুজি পোৱা নাছিল যদিও, তেতিয়াৰ লোকসকলে বুজিছিল যে প্ৰকৃতিৰ অবিহনে জীয়াই থকা অসম্ভব। জীয়াই থাকিবলৈ হলে প্রকৃতিক ৰক্ষা কৰিবই লাগিব।
জুইৰ আবিষ্কাৰে সমগ্ৰ মানৱজাতিৰ বাবে এটা নতুন যুগৰ সূচনা কৰিলে। জুইৰ সহায়ত লাহে লাহে মানুহে খাদ্য বস্তু সিজাই খাবলৈ শিকিলে। জুইৰ ব্যৱহাৰ কৰি প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন বস্তু দৈনন্দিন জীৱনৰ বাবে আৰু বেছি উপযোগী কৰি তুলিবলৈ শিকিলে। লাহে লাহে বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন প্ৰযুক্তিৰ আবিষ্কাৰ কৰিলে। এই প্রযুক্তিসমূহৰ সহায়ত মানুহে প্ৰকৃতিৰ পৰা আৰু বেছিকৈ আৰু উপযোগীকৈ সম্পদ আহৰণ কৰিব পৰা হ’ল। উন্নত প্রযুক্তিবিদ্যা আৰু জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে বিভিন্ন দ্ৰব্যৰ তাগিদা বাঢ়ি যাবলৈ ধৰিলে, সেই তাগিদা পূৰাবলৈ লাহে লাহে বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন হ’বলৈ ধৰিলে আৰু আৰম্ভ হ’ল মানুহ আৰু প্ৰকৃতিৰ মাজত সংঘাতৰ। সময় বাঢ়ি যোৱাৰ লগে লগে এই সংঘাত আৰু তীব্ৰতৰ হ’ব ধৰিলে আৰু বৰ্তমান সময়ত ই প্ৰায় শিখৰ চুইছেগৈ। দিনে দিনে প্রযুক্তিবিদ্যা যিমানে উন্নত হৈছে, যিমানে আমি উন্নয়নশীলৰ পৰা উন্নতলৈ গতি কৰি আছো সিমানে প্ৰকৃতিৰ ওপৰত আমাৰ অত্যাচাৰ বাঢ়ি গৈ আছে। প্ৰকৃতিয়ে নীৰৱে আমাৰ অত্যাচাৰসমূহ সহ্য কৰি আহিছে যদিও, মাজে মাজে আমাক সোঁৱৰাই দিছে যে মানুহতকৈ প্ৰকৃতিৰ শক্তি বহুগুণে বেছি। যোৱা দুবছৰে এই কথাটো কম বেছি পৰিমাণে সকলোৱে বুজিছে। মানিবলৈ বাধ্য হৈছে প্ৰকৃতিতকৈ শক্তিশালী আন একো নাই। আগৰ প্ৰজন্মই কৰা ভুলবোৰৰ বাবে যে নতুন প্ৰজন্মই ভুগিবলগীয়া হৈছে সেই কথা চিৰন্তন সত্য। ধ্বংসৰ মুখলৈ গতি কৰা পৰিৱেশটোক ৰক্ষা কৰিব পাৰিব কেৱল উঠি অহা নতুন প্রজন্মই। তাৰ বাবে আমি তেওঁলোকক সৰুৰ পৰাই গঢ়ি তুলিব লাগিব একো একোজন প্রকৃতিপ্রেমী হিচাপে আৰু তাৰ বাবে বৰ্তমানৰ শিক্ষা আৰু সমাজ ব্যৱস্থা দুয়োটাতে সংশোধনৰ প্ৰয়োজন আছে।
ছাত্ৰ-ছাত্ৰীসকলক প্রকৃতিপ্রেমী হিচাপে গঢ়ি তোলাৰ প্ৰথমটো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব অভিভাৱকসকলে। তেওঁলোকে সন্তানক সৰুৰে পৰাই প্ৰকৃতিৰ লগত খেলিবলৈ, প্ৰকৃতিৰ সৌন্দর্য উপভোগ কৰিবলৈ, প্রকৃতিক ধ্বংসমুখলৈ ঠেলি দিব পৰা বিভিন্ন কামৰ পৰা আঁতৰত থাকিবলৈ শিকাব লাগিব। এই ক্ষেত্ৰত আৰু এটা মন কৰিবলগীয়া কথা যে, ভৱিষ্যতে পৰিৱেশ বিজ্ঞান বিষয়টোত উচ্চ শিক্ষা ল’বৰ বাবে অভিভাৱকসকলেই ছাত্র-ছাত্রীসকলক উৎসাহিত কৰিব লাগিব। বর্তমান সমাজ ব্যৱস্থাটোত পৰিৱেশ বিজ্ঞান, পৰিৱেশ অধ্যয়ন বা বন্যজীৱ বিজ্ঞান আদি বিষয়সমূহৰ প্ৰতি থকা বিৰূপ মনোভাৱ আঁতৰোৱা আৰু ভৱিষ্যৎ প্ৰজন্মক আগ্ৰহী কৰি তোলাত অভিভাৱকসকলৰ কৰিবলগীয়া যথেষ্ট কৰণীয় আছে। কাৰণ বৰ্তমান ধ্বংসমুখী প্রকৃতিক কেনেকৈ ৰক্ষা কৰি ভাৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব পৰা যাব তাৰ বাবে এই বিষয়সমূহৰ অধ্যায়নৰ বিশেষ গুৰুত্ব আছে।
এই ক্ষেত্ৰত শিক্ষা ব্যৱস্থাটোৰো যথেষ্ট সংশোধনৰ প্ৰয়োজন আছে। অংকুৰ শ্ৰেণীৰ পৰাই পৰিৱেশ বিজ্ঞান বিষয়টোক এটা সম্পূর্ণ বেলেগ বিষয় হিচাপে অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। তলৰ শ্ৰেণী সমূহত পৰিৱেশ বিজ্ঞানৰ একেবাৰে আদি কথাবোৰৰ পৰা আৰম্ভ কৰি ওপৰৰ শ্ৰেণী সমূহৰ পাঠ্যক্ৰমত অধিক বিষয়বস্তু সন্নিবিষ্ট কৰিব লাগে। তেনে কৰিলে সময়ৰ লগে লগে ছাত্র ছাত্রীসকলে পৰিবেশ বিজ্ঞান বিষয়টোৰ গুৰুত্ব বুজাৰ লগতে লগতে একো একোজন প্রকৃতিবিদ হিচাপে গঢ় লৈ উঠিব আৰু তেতিয়াহে ধ্বংস মুখলৈ গতি কৰা প্ৰকৃতিক সুৰক্ষিত কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব পৰা যাব।
প্ৰকৃতিক ৰক্ষাৰ বাবে কেৱল গছ ৰুলেই বা গছ নাকাটিলেই বা বিশ্ব পৰিৱেশ দিৱস পালন কৰিলেই নহ’ব, ইয়াৰ উপৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে কেনেকৈ সংৰক্ষণ কৰিব পাৰি, কেনেকৈ ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত আৰু সন্তুলিত কৰি ৰাখিব পাৰি তাৰ বাবে চিন্তা কৰাৰ সময় আহি পালে। নতুন প্রজন্মক একো একোজন প্রকৃতিবিদ হিচাপে গঢ়ি তোলাৰ সময় আহি পালে। বর্তমান সমাজ ব্যৱস্থাটোৰ পৰা পৰিৱেশ বিজ্ঞান বিষয়টোলৈ থকা বিৰূপ দৃষ্টি ভংগী আঁতৰাই, নতুন প্রজন্মটোক এই বিষয়টোত উচ্চ শিক্ষাৰে শিক্ষিত হ’বৰ বাবে উৎসাহিত কৰাৰ সময় আহি পালে। ইয়াতকৈ পলম কৰিলে নহব, এয়াই উপযুক্ত সময়।
(লেখক কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিদ্যা আৰু বন্যজীৱ বিজ্ঞান বিভাগত অধ্যয়নৰত)