৩১ মে’ত দেশজুৰি ৰে’ল ধৰ্মঘটৰ আহ্বানঃ ষ্টেচন মাষ্টাৰৰ সমস্যা কোনে সমাধান কৰিব ?

0 14

শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে’ :

অহা ৩১ মে’ত সমগ্ৰ ভাৰতবৰ্ষতে ৰে’ল চলাচলত ব্যাঘাত জন্মিব পাৰে। সেইদিনা বিভিন্ন দাবীৰ সমৰ্থনত সৰ্বভাৰতীয় ষ্টেছন মাষ্টাৰ এছোচিয়েশ্যনে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। দেশৰ প্ৰায় ৩৫,০০০ ষ্টেছন মাষ্টাৰে সেইদিনা প্ৰতিবাদী ধৰ্মঘটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে সমগ্ৰ দেশৰ ৰে’ল যাতায়াত ব্যৱস্থা স্থবিৰ হৈ পৰাৰ আশংকাই দেখা দিছে। এছোচিয়েশ্যনৰ সভাপতি ধনঞ্জয় চন্দ্ৰই অভিযোগ কৰে যে, দীৰ্ঘ দিন ধৰি চৰকাৰে তেওঁলোকৰ দাবী সমূহৰ প্ৰতি কোনো কাণসাৰ কৰা নাই। ২০২০ চনতো তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও চৰকাৰে আজি দুবছৰৰ পাছতো ৰে’ল যাতায়াত ব্যৱস্থাত মুখ্য ভূমিকা গ্ৰহণ কৰা ষ্টেছন মাষ্টাৰ সমূহৰ দাবী সমূহক গুৰুত্ব প্ৰদান কৰা নাই। সমগ্ৰ দেশতে খালী হৈ থকা ৬,০০০ ষ্টেছন মাষ্টাৰৰ পদ এতিয়াও চৰকাৰে পূৰণ কৰাৰ কোনো পদক্ষেপ হাতত লোৱা নাই। ইয়াৰ ফলত বহুতো ষ্টেচনত দুজন ষ্টেচন মাষ্টাৰেই আঠ ঘণ্টাৰ ঠাইত বাৰ ঘণ্টাকৈ চাকৰি কৰিবলগীয়া হৈছে। এওঁলোকৰ দাবী চনদ ইতিমধ্যে ৰে’লৱে ব’ৰ্ডলৈ বিবেচনাৰ অৰ্থে প্ৰেৰণ কৰা হৈছে। চৰকাৰে দাবী সমূহৰ প্ৰতি সহমত পোষণ নকৰিলে অহা ৩১ মে’ত ৰে’ল যাত্ৰীসকলে দুৰ্ভোগ ভোগাটো একপ্ৰকাৰ নিশ্চিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More