লতাশিলত গুৱাহাটী বিহু সন্মিলনীৰ বিহু আৰম্ভ

 বিহুতলীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

0 38
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৪ এপ্ৰিলঃ অসমীয়া জাতিৰ বাবে আজি এটা অতি মংগলময় দিন। দুটা বছৰ ক’ভিডৰ বিভীষিকাৰ পাছত এইবাৰ ৰাইজে মুকলি মনৰে ব’হাগ বিহু উদযাপন কৰিব পাৰিছে। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। আজি গৰু বিহুৰ দিনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিহু সন্মিলনীৰ ৭১সংখ্যক ৰঙালী বিহু উদযাপন অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে কয়। গুৱাহাটী লতাশিল খেলপথাৰত আয়োজন কৰা বিহুৰ অনুষ্ঠানত জাতীয় সাজ-পাৰ পৰিধান কৰি মুখ্যমন্ত্রীগৰাকীয়ে অংশ লয়। বিহু পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্রীয়ে সন্মিলনীৰ বিহু আলোচনী উন্মোচন কৰে। তদুপৰি মুখ্যমন্ত্রীয়ে পিঠা, লাড়ুকে ধৰি বিহুৰ জলপানৰ সোৱাদ লয়। অসমবাসীৰ লগতে বিশ্বৰ বিভিন্ন স্থানত থকা প্ৰতিগৰাকী অসমীয়ালৈ বিহুৰ শুভেচ্ছা জনাই মুখ্যমন্ত্রীয়ে আশা প্ৰকাশ কৰে যে এই ব’হাগে জাতিটোক নতুন পথৰ সন্ধান দিব। তেওঁ কয় যে বিহু অসমৰ সাংস্কৃতিক জনজীৱনৰ প্ৰকাশ, জাতীয় পৰিচয়। বৰঅসমৰ প্ৰসংগ উল্লেখ কৰি তেওঁ সকলোকে অসমীয়া জাতিক বিশ্বৰ শ্ৰেষ্ঠ জাতি হিচাপে গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। চান্দাৰ বিপৰীতে আমি আমাৰ নিজৰ বিহু উদযাপন কৰিম বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বিহু তাৎপৰ্য যাতে অক্ষুণ্ণ থাকে তাৰ বাবে সকলোৱে প্ৰচেষ্টা হাতত ল’ব লাগিব। বিহু অসমীয়া জাতিৰ প্ৰাণ আৰু এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব। আমি আমাৰ ভৰিৰ তলৰ মাটিখিনি খামুচি ধৰি ৰাখিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আমি আমাৰ পৰিচয় ধৰি ৰাখিব লাগিব। বিহু সন্মিলনী সমূহক নতুন প্ৰজন্মক বিহুৰ সৈতে জড়িত কৰি ইয়াৰ স্বকীয়তা বৰ্তাই ৰখাৰ বাবে তেওঁ আহ্বান জনায়। তেওঁ লগতে অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক অসমীয়া জাতিৰ স্বকীয় বৈশিষ্ট্যক আপোন কৰি লৈ মহান অসমীয়া হিচাপে নিজকে পৰিচয় দিবলৈ আহ্বান জনায়।  অনুষ্ঠানত বিধায়ক কৌশিক ৰয়, পদ্মশ্ৰী সন্মান প্ৰাপক অজয় দত্তকে ধৰি বিহু উদযাপন সমিতিৰ বিষয়ববীয়াকে আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More