ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
প্ৰথম বৰ্ষতে এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ কৃতিত্ব
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ জানুৱাৰীঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ পিছত চলিত বৰ্ষৰ ১০ জানুৱাৰীত এম বি বি এছৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ শ্ৰীমন্ত শঙ্কৰদেৱ ইউনিভাছিটি অফ হেলথ চাইন্স এ ঘোষণা কৰা ফলাফলত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰা তিনি শিক্ষাৰ্থীয়ে অসমৰ ১০ টা স্থানৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয় ৷ মুঠ ১০০ জন শিক্ষাৰ্থীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ইয়াৰে ৯৮ জনেই সুখ্যাতিৰে উত্তীৰ্ণ…
লখিমপুৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ প্ৰস্তুতি তুংগত
৭০ খন মহাবিদ্যালয়ৰ যোগদান নিশ্চিত
৫০ শিতানত প্ৰতিযোগিতা
১৫০০ প্ৰতিযোগীৰ মাজত হ'ব শ্ৰেষ্ঠত্বৰ যুঁজ
৬০ লক্ষাধিক টকাৰ বাজেট
৬ টা মঞ্চত একেধাৰে চলিব প্ৰতিযোগিতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জানুৱাৰীঃ সোৱণশিৰি আৰু ৰঙানদী উপত্যকাৰ উৰ্বৰা ভূমি উত্তৰ লখিমপুৰৰ এক অগ্রণী শিক্ষানুষ্ঠান এল.টি.কে. মহাবিদ্যালয়ৰ উদ্যোগত অহা ২২, ২৩, ২৪ আৰু ২৫ জানুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুব মহোৎসৱ অনুষ্ঠিত হব। এল.টি.কে. মহাবিদ্যালয়ৰ বিশাল আৰু সেউজ পৰিৱেশৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ'ব এইবাৰৰ যুৱ মহোৎসৱ।…
লখিমপুৰ জিলা হিল্লাল কমিটি গঠন
শতাব্দ, লখিমপুৰ, ৮ জানুৱাৰীঃ কালি দুপৰীয়া লখিমপুৰ বৰ মছজিদত অনুষ্ঠিত এখন ৰাজহুৱা সভাত 'লখিমপুৰ জিলা হিল্লাল কমিটি' খন গঠন কৰা হয় । এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে ডক্টৰ আব্দুল মান্নানে । সভাত অংশ গ্ৰহণ কৰি আলহজ চামছুল হুছেইন, চাদিকুল হুছেইন, আচান আলি, ৰাতুল হুছেইন, ইমাদুচ চালাম হাজৰিকা, ভিক্টৰ আহমেদ, ৰূপতি হাজৰিকা আদিয়ে ভাষণ ৰাখে। ইয়াৰ পিছত সৰ্বসন্মতিক্ৰমে আলহজ চামচুল হুছেইনক সভাপতি, কামৰুল হুছেইনক সম্পাদক হিচাপে লৈ এখন জিলা কমিটি গঠন কৰা হয় । ইয়াত মতিউৰ ৰহমানক কাৰ্যকৰী সভাপতি আৰু ডক্তৰ আব্দুল মান্নান,আচান…
আলফাৰ শিবিৰত ভয়ংকৰ বোমা আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জানুৱাৰীঃ “সংযুক্ত মুক্তি বাহিনী, অসম ” চমুকৈ আলফাৰ ম্যানমাৰস্থিত এটা চলমান শিবিৰত কালি ৭ জানুৱাৰীত তিনিবাৰকৈ ড্ৰোণৰ জড়িয়তে বোমাৰ আক্ৰমণ সংঘটিত হয় ৷ সংযুক্ত মুক্তি বাহিনী, অসম প্রচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক বিবৃতিৰে জনোৱা মতে প্ৰথমটো বোমা আক্ৰমণ আবেলি ৪:১০ বজাত, দ্বিতীয়টো ৪:১২ বজাত আৰু তৃতীয়টো ৪:২০ বজাত সংঘটিত হয় যদিও তৃতীয়টো বিস্ফোৰিত নহোৱাৰ বিপৰীতে অন্য দুটা আক্ৰমণত আলফাৰ দুজন সদস্য সামান্যভাৱে আহত হয়৷ এই আক্ৰমণ ভাৰতে কৰা বুলি দাবী কৰি বিবৃতিটোত আলফাই কয়--ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই…
‘বিয়লি’ত ‘দিমেনচিয়া’ ৰোগ চিকিৎসা-সেৱা কেন্দ্ৰ মুকলি
শতাব্দ, লখিমপুৰ, ৩ জানুৱাৰীঃ আজি তীৰ্থেশ্বৰ হাজৰিকা স্মাৰক ন্যাসৰ উদ্যোগত 'বিয়লি'ত 'দিমেনচিয়া' ৰোগ চিকিৎসা-সেৱা কেন্দ্ৰটো ন্যাসৰ কাৰ্যালয় প্ৰাঙ্গনতে শুভ-উদ্বোধন কৰা হয় । ন্যাসৰ হৈ সভাখনত সভাপতিত্ব কৰে বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই । কেন্দ্ৰটো মুকলি কৰে ডাঃ ছামিউল আখতাৰ বৰবৰাই । অহা ১৩ জানুৱাৰী, শনিবাৰে দিনৰ ১০ বজাৰ পৰা 'বিয়লি'ত ডিমেনচিয়া ৰোগ পৰীক্ষা কৰা হ'ব আৰু সেইদিনাৰ পৰাই চিকিৎসাও আৰম্ভ কৰা হ'ব । ইচ্ছুক কোনো ৰোগী বা তেওঁলোকৰ অভিবাবক সকলে সেইদিনা 'বিয়লি'লৈ আহি সকলো কথা জানিব পাৰিব। গতিকে উদ্যোক্তা সকলে সেইদিনা সংশ্লিষ্ট সকলোকে…
লক্ষীমপুৰৰ প্রবীণ খেলুৱৈৰ কৃতিত্ব
শতাব্দ, লক্ষীমপুৰ, ৩ জানুৱাৰীঃ যোৱা ২৭ৰ পৰা ৩০ ডিচেম্বৰলৈ যোৰহাটত অনুষ্ঠিত ৰাজ্যিক প্রবীণ ক্ৰীড়া প্রতিযোগিতাত লক্ষীমপুৰৰ প্রতিযোগীসকলে বিশেষ কৃতিত্বৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। দলীয় ভিত্তিত খেলুৱৈসকলে মুঠ ২৫ টা স্বৰ্ণ পদক, ৰূপৰ পদক ১৩ টা আৰু ব্ৰঞ্জৰ ২৯ টা (মুঠ ৬৭ টা পদক অর্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত পবিত্র দাসে দুটা সোণৰ পদক, কুঞ্জ দত্তই ২ টা সোণৰ, উমাকান্তি নৰহে দুটা সোণৰ আৰু এটা ব্ৰঞ্জৰ, ৮০ বছৰ ঊর্দ্ধৰ সুৰেশ গগৈয়ে দুটা সোণৰ, ৯৩, বছৰ ঊর্দ্ধৰ হলধৰ দুৱৰাই দুটা সোণৰ আৰু এটা ৰূপৰ, ৭৫ বছৰ ঊর্দ্ধৰ হৰেন ডেকাই…
ধলপুৰত বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰত ডুবিলঃ বাহন চি আৰ পি এফ জোৱানৰ কৰুণ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ পহিলা জানুৱাৰীৰ দিনাই লুইতৰ চাপৰিত বনভোজ খাবলৈ গৈ অকালতে প্ৰাণ হেৰুৱালে ধলপুৰৰ বড়িগাঁৱৰ যুৱক তথা চি আৰ পি এফৰ জোৱান শ্ৰীমন্ত শইকীয়াই ৷ ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পহিলা জানুৱাৰী উপলক্ষে দিল্লীত কৰ্মৰত চি আৰ পি এফৰ জোৱান তথা ধলপুৰৰ যুৱক শ্ৰীমন্ত শইকীয়াই পৰিয়ালসহ ব্ৰহ্মপুত্ৰৰ চাপৰিত বনভোজ খাবলৈ যায়৷ পৰিয়ালটোৱে বনভোজ খাই ঘূৰি অহাৰ পথত ধলপুৰ জামুগুৰিৰ সমীপত তথা ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰেৰে গৃহাভিমুখে আহি থকাৰ পথত সন্ধিয়া জামুগুৰি ঘাটৰ সমীপত শইকীয়াৰ বাহনখন দুৰ্ঘটনাত পতিত হয়৷ শ্ৰীমন্ত…
তৃতীয় বৰ্ষত ‘শতাব্দ’
২০২২ চনৰ পহিলা জানুৱাৰীত আৰম্ভ হোৱা 'শতাব্দ ডি জি মিডিয়া'ই আজি তৃতীয় বৰ্ষত ভৰি দিলে। 'শতাব্দ'ৰ গ্ৰাহক, পঢ়ুৱৈ, বিজ্ঞাপনদাতালৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ২০২৪ বৰ্ষটো হওঁক সকলোৰে বাবে মঙ্গলময়। 'শতাব্দ'ৰ অবিৰত যাত্ৰাত আপোনালোকৰ সহায়-সহযোগ আমাৰ বাবে পাথেয় হৈ ৰব।
পৰিচালন সঞ্চালক
'শতাব্দ'
লখিমপুৰৰ বিদূষী মহিলা দেৱবালা ৰয়ৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ ডিচেম্বৰঃ লখিমপুৰৰ শৈক্ষিক জগতৰ এগৰাকী বিদূষী মহিলা দেৱবালা ৰয়ৰ ২৫ ডিচেম্বৰৰ পুৱতি নিশা প্ৰায় ৮৮ বছৰ বয়সত দেহাৱসান ঘটে। লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উপাধ্যক্ষাৰূপে অৱসৰ গ্ৰহণ কৰা ৰয়ে পিছৰ পৰ্যায়ত লখিমপুৰৰ প্ৰথমখন চি বি এছ ইৰ বিদ্যালয়-- সংগম একাডেমীৰ শৈক্ষিক উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰি শৈক্ষিক জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে।স্বৰাজোত্তৰ ভাৰতৰ লখিমপুৰৰ প্ৰথমগৰাকী বিধায়ক হেমচন্দ্ৰ হাজৰিকাৰ তৃতীয় কন্যা তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ভূতপূৰ্ব অধ্যক্ষ মোহন চন্দ্ৰ ৰয়ৰ…
বৰ্ণাঢ্য ৰূপত ‘বিয়লি’ৰ দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ ডিচেম্বৰঃ মহাত্মা গান্ধীৰ চিতাভস্মৰ পাত্ৰটো শিৰত লৈ সমদলটোৰ সন্মুখত মানুহজন। সুদীৰ্ঘ জীৱন স্বাধীনতা সংগ্ৰামত লাগি লাগি স্বাধীনতাৰ স্বাদ পোৱাৰ পিছতে হঠাৎ মহাত্মা গান্ধীক হত্যা কৰা বিষয়টোৱে তেখেতক গভীৰভাবে আঘাত দিলে। সেয়ে জাতিৰ পিতাৰ চিতাভস্ম শিৰত লৈ সমদলৰ নেতৃত্ব দিয়া মুহূৰ্ততে মানুহজনে ললে এক কঠোৰ সিদ্ধান্ত--তেওঁ বাকীচোৱা জীৱনত আৰু দাড়ি-চুলি নাকাটে। ১৯৪৮ চনত উত্তৰ লখিমপুৰত সেই কঠোৰ সিদ্ধান্ত লৈ ১৯৮৫ চনত দেহাৱসান ঘটালৈকে চুলি-দাড়ি নকটা সেই ব্যক্তিজনেই আছিল--লখিমপুৰৰ সেই সময়ৰ নেতৃস্থানীয়…