বৰ্ণাঢ্য ৰূপত ‘বিয়লি’ৰ দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠিত

স্বাধীনতা সংগ্ৰামী তীৰ্থেশ্বৰ হাজৰিকাৰ আবক্ষ প্ৰতিমূৰ্তি উদঘাটন

0 90

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ ডিচেম্বৰঃ মহাত্মা গান্ধীৰ চিতাভস্মৰ পাত্ৰটো শিৰত লৈ সমদলটোৰ সন্মুখত মানুহজন। সুদীৰ্ঘ জীৱন স্বাধীনতা সংগ্ৰামত লাগি লাগি স্বাধীনতাৰ স্বাদ পোৱাৰ পিছতে হঠাৎ মহাত্মা গান্ধীক হত্যা কৰা বিষয়টোৱে তেখেতক গভীৰভাবে আঘাত দিলে। সেয়ে জাতিৰ পিতাৰ চিতাভস্ম শিৰত লৈ সমদলৰ নেতৃত্ব দিয়া মুহূৰ্ততে মানুহজনে ললে এক কঠোৰ সিদ্ধান্ত–তেওঁ বাকীচোৱা জীৱনত আৰু দাড়ি-চুলি নাকাটে।WhatsApp Image 2023 12 23 at 5.48.27 PM e1703335045925 ১৯৪৮ চনত উত্তৰ লখিমপুৰত সেই কঠোৰ সিদ্ধান্ত লৈ ১৯৮৫ চনত দেহাৱসান ঘটালৈকে চুলি-দাড়ি নকটা সেই ব্যক্তিজনেই আছিল–লখিমপুৰৰ সেই সময়ৰ নেতৃস্থানীয় স্বাধীনতা সেনানী তথা তদানীন্তন লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি তীৰ্থেশ্বৰ হাজৰিকা। হাজৰিকা পেশাত উকীল আছিল যদিও স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল। ১৯৭২ চনত প্ৰধানমন্ত্ৰীয়ে তেখেতক তাম্ৰপত্ৰৰে সম্বৰ্ধনা জনাইছিল যদিও পিছৰ কালত অসম আন্দোলনৰ সময়ত অসমৰ বিদেশী সমস্যাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াত তেখেতে তাম্ৰপত্ৰখন চৰকাৰক ঘূৰাই দিয়ে আৰু গণ সংগ্ৰাম পৰিষদৰ লগত জড়িত হৈ কংগ্ৰেছ ত্যাগ কৰে।

   সেই তীৰ্থেশ্বৰ হাজৰিকাৰ ৭ টি সন্তানৰ ভিতৰতে বৰপুত্ৰ ঈশ্বৰ প্ৰসন্ন হাজৰিকাই ১৯৫২ চনত বৰ অসমৰ ভিতৰতে মেট্ৰিকত প্ৰথম স্থান লাভ কৰিছিল আৰু পিছলৈ ১৯৯৬ চনত ঈশ্বৰ প্ৰসন্ন হাজৰিকাই তেজপুৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
ঈশ্বৰ প্ৰসন্ন হাজৰিকাই পিতৃৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে ২০১১ চনত লখিমপুৰত স্থাপন কৰে বয়োজ্যেষ্ঠৰ সেৱালয়–“বিয়লি”। সম্প্ৰতি বিয়লিয়ে ১২ বছৰ অতিক্ৰম কৰি ১৩ বছৰত ভৰি দিছে। সেই উপলক্ষে আজি বিয়লিৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত তীৰ্থেশ্বৰ হাজৰিকাৰ এটি আবক্ষ প্ৰতিমূৰ্তি বিয়লিৰ চৌহদত উদঘাটন কৰে অৱসৰ প্ৰাপ্ত আয়ুক্ত সচিব পৰমেশ দত্তই।WhatsApp Image 2023 12 23 at 6.09.53 PM e1703335450674 বিয়লিৰ এক নতুন স্বাস্থ্য আঁচনি মুকলি কৰে মাধৱ দত্তই। বিয়লিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মূল অনুষ্ঠানত সমৱেত সংগীত পৰিৱেশন কৰে বিয়লিৰ লগত জড়িত কুৰিজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে। আদৰণি ভাষণ দিয়ে পৰিচালন ন্যাসৰক্ষী তথা তীৰ্থেশ্বৰ হাজৰিকাৰ পুত্ৰ বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই। হাজৰিকাই বিয়লিৰ ১২ বছৰীয়া যাত্ৰাৰ এক খতিয়ান দাঙি ধৰে। অধ্যাপক, লেখক ছাজ্জাদ হুচেইনে আঁতধৰা অনুষ্ঠানত শৈলেন বৰুৱাৰ দ্বাৰা সম্পাদিত স্মাৰক গ্ৰন্থ “তীৰ্থ-জ্যোতি” উন্মোচন কৰে ড° পুষ্পনাথ বৰাই। ভাষণত বৰাই তীৰ্থেশ্বৰ হাজৰিকাৰ সৈতে থকা সান্নিধ্য স্মৰণ কৰে। মুখ্য অতিথি পৰমেশ দত্তই হাজৰিকাৰ দেশাত্মবোধ আৰু ন্যায় নিষ্ঠা স্মৰণ কৰি আজন্ম দেশভক্তজনৰ জীৱনৰ ওপৰত আলোকপাত কৰে। সভাত বলী নাৰায়ণ ফুকন, ড° প্ৰবীণ শইকীয়া, দিব্যজ্যোতি হাজৰিকা, পুৰন্দৰ বৰুৱাই অংশগ্ৰহণ কৰাৰ লগতে দীপিকা বৰগোহাঁই, নৃপেন ফুকন, প্ৰীতি শইকীয়া, ঘন হাজৰিকা, মহিবুল হুচেইন আৰু চন্দ্ৰ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More