‘বিয়লি’ত ‘দিমেনচিয়া’ ৰোগ চিকিৎসা-সেৱা কেন্দ্ৰ মুকলি

0 50

শতাব্দ, লখিমপুৰ, ৩ জানুৱাৰীঃ আজি তীৰ্থেশ্বৰ হাজৰিকা স্মাৰক ন্যাসৰ উদ্যোগত ‘বিয়লি’ত ‘দিমেনচিয়া’ ৰোগ চিকিৎসা-সেৱা কেন্দ্ৰটো ন্যাসৰ কাৰ্যালয় প্ৰাঙ্গনতে শুভ-উদ্বোধন কৰা হয় । ন্যাসৰ হৈ সভাখনত সভাপতিত্ব কৰে বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই । কেন্দ্ৰটো মুকলি কৰে ডাঃ ছামিউল আখতাৰ বৰবৰাই । অহা ১৩ জানুৱাৰী, শনিবাৰে দিনৰ ১০ বজাৰ পৰা ‘বিয়লি’ত ডিমেনচিয়া ৰোগ পৰীক্ষা কৰা হ’ব আৰু সেইদিনাৰ পৰাই চিকিৎসাও আৰম্ভ কৰা হ’ব । ইচ্ছুক কোনো ৰোগী বা তেওঁলোকৰ অভিবাবক সকলে সেইদিনা ‘বিয়লি’লৈ আহি সকলো কথা জানিব পাৰিব। গতিকে উদ্যোক্তা সকলে সেইদিনা সংশ্লিষ্ট সকলোকে বিয়লিলৈ আমন্ত্ৰণ জনাইছে । উল্লেখযোগ্য যে এই ৰোগবিধ সম্প্ৰতি সমগ্ৰ দেশ জুৰি ব্যাপক হাৰত বৃদ্ধি পাব ধৰিছে । এতিয়া একমাত্ৰ গুৱাহাটীৰ বাহিৰে এই ৰোগৰ চিকিৎসা অসমৰ আন ক’তো নাই। তেনেস্থলত বিয়লিত সংশ্লিষ্ট সকলোকে এই ৰোগৰ চিকিৎসা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More