শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮জুলাই: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কুৰুংকুমে জিলাত নিৰুদ্দিষ্ট অসমৰ কোকৰাঝাৰ, বাক্সা আৰু বৰপেটাৰ ১৯ জনকৈ শ্ৰমিকৰ ওপৰত নিৰ্যাতন চলাৰ বাবেহে তেওঁলোকে ঘৰলৈ আহিবলৈ বিচাৰিছিল বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত আনকি উত্তৰ পূৰ্বাঞ্চলৰ এক সংখ্যালঘু ছাত্ৰ সংগঠন নেমছুৱে শ্ৰমিকসকলক উদ্ধাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পাছতহে নিৰুদ্দিষ্ট শ্ৰমিকসলক উদ্ধাৰৰ বাবে অভিযান তীব্রতৰ কৰি তুলিছিল বুলি আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত দাবী কৰে নেমছুৰ সভাপতি বদৰুল ইছলামে।এই ঘটনাৰ বিষয়ে সবিশেষ জ্ঞাত হোৱাৰ উদ্দেশ্যে নেমছু’ৰ সভাপতি বদৰুল ইছলামৰ নেতৃত্বত ২৬ জুলাইত নাহৰলগুন ট’ম’ ৰিবা ইনষ্টিটিউট অৱ হেল্থ এণ্ড মেডিকেল চায়েন্সত উপস্থিত হৈছিল সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দল। নেমছুৰ প্ৰতিনিধি দলটোৱে এই চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসাধীন শ্ৰমিকসকলৰ ভাষ্য শুনাৰ পাছত অসমৰ এই সকল শ্ৰমিকক অৰুণাচলৰ ঠিকাদাৰ আৰু মালিক পক্ষই শোষণ কৰাৰ বিষয়টো স্পষ্ট হয় বুলি প্ৰকাশ কৰিছে নেমছু নেতৃত্বই। ইছলামে কয় যে,অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তত এতিয়াও বিভিন্ন জাতি জনগোষ্ঠীৰ বহু সংখ্যক অসমৰ শ্ৰমিকে কাম কৰি আছে।ইয়াৰে ভিতৰত এই ১৯ জন শ্ৰমিকক কুৰংকুমে জিলাৰ কলৰিয়াং থানাৰ অন্তৰ্গত সীমান্ত পথ নিৰ্মাণ সংস্থাৰ অধীনত পথ নিৰ্মানৰ কামত কোনে নিয়োজিত কৰিছিল সেয়াও এক প্ৰশ্ন বুলি তেওঁ কয়। এই শ্ৰমিককলক অসমৰ পৰা অৰুণাচললৈ নিয়াৰ ক্ষেত্ৰত একাংশ ঠিকাদাৰ আৰু মধ্যভোগী জড়িত আছে বুলি অভিযোগ উত্থাপিত কৰি বদৰুল ইছলামে, এই ১৯ জন শ্ৰমিকক অৰুণাচল প্ৰদেশলৈ নিয়াৰ ক্ষেত্ৰত মধ্যভোগীৰ ভূমিকাত অভয়াপুৰীৰ ৰেজাউল হক, উত্তৰ লখিমপুৰৰ ৰহমত আলী থকা বুলি প্ৰকাশ কৰে। তেওঁলোকে শ্ৰমিক সকলক অৰুণাচল প্ৰদেশৰ “টানি” নামৰ উপ-ঠিকাদাৰ জনক কেবা লাখ টকাৰ বিনিময়ত গতাই দিয়ে বুলিও নেমছুৰ সভাপতিজনে সংবাদমাধ্যমৰ আগত অভিযোগ কৰে।তেওঁ আৰু কয় যে, বিগত ঈদৰ পূৰ্বে এই শ্ৰমিকসকলে ঘৰলৈ অহাৰ বাবে এক আলোচনা চলিছিল তেওঁলোকৰ মাজত আৰু এই আলোচনাৰ খবৰ পাইছিল মধ্যভোগী ৰেজাউল হক, ৰহমত আলি আৰু উপ ঠিকাদাৰ টানিয়ে।ইয়াৰ পাছতেই শ্ৰমিক সকলৰ ৰেছন বন্ধ কৰি দিয়াৰ লগতে দোকানৰ বাকী দিয়াটো বন্ধ কৰা হৈছিল বুলি নেমছু নেতাজনে প্ৰকাশ কৰি আৰু কয় যে এনে অৱস্থাত এই শ্ৰমিকসকল নিৰুপায় হৈ পৰিছিল। তদুপৰি, টানি নামৰ অৰুণাচলী ঠিকনাৰজনে শ্ৰমিকসকলক মাতি আনি ঘৰলৈ যাব নোৱাৰে বুলি বুলি বিভিন্ন ভয় ভাবুকি দিয়াৰ লগতে মাটিত দুই যায় গুলি ফুটাই আৰু ডিঙিত চোকা অস্ত্ৰ লগাই শ্ৰমিক সকলক আতংকিত কৰা বুলিও প্ৰকাশ কৰে বদৰুল ইছলামে।এনে এক বিপজ্জনক পৰিস্থিতিত খাদ্য আৰু জীৱনৰ সংকটৰ সন্মুখীন হোৱা শ্ৰমিকসকলে নিজৰ প্ৰাণ ৰক্ষাৰ উদ্দেশ্যেৰ যোৱা পাঁচ জুলাইৰ নিশা প্ৰায় ১২ বজাত ঘৰলৈ বুলি পলায়ন কৰিবলৈ বাধ্য হয় বুলিও নেমছু নেতাজনে কয়। পলায়নৰ পিছত শ্ৰমিকসকলে বাট বিচাৰি গভীৰ অৰণ্যত দিক বিদিক হেৰুৱাই পেলাইছিল বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে,বৰ্তমানলৈকে এজন শ্ৰমিকৰ মৃতদেহ পোৱা বুলি অৰুণাচল প্ৰদেশ চৰকাৰে ঘোষণা কৰিছে আৰু পাঁচজনক চিকিৎসাৰ পাছত ঘৰলৈ যোৱাৰ অনুমতি দিয়ে। বাকীসকল এতিয়াও সন্ধানহীন বুলি অৰুণাচল আৰক্ষীয়ে জানিব দিয়াৰ বিষয়েও প্ৰকাশ কৰে নেমছু নেতা ইছলামে। এই সমগ্ৰ বিষয়টোত অৰুণাচল চৰকাৰ আৰু প্ৰশাসনৰ ভূমিকা সম্পূৰ্ণ ৰহস্যজনক বুলি আজি মন্তব্য কৰি তেওঁ কয় যে কুৰুংকুমে জিলাৰ আৰক্ষী অধীক্ষকৰ মতে এই ঘটনাত শ্ৰমিক সন্ধানহীন হোৱা ০৬/২০২২ নম্বৰ গোচৰটো পঞ্জীয়ন হোৱাৰ বিপৰীতে কলৰিয়ং থানাৰ আৰক্ষী বিষয়াৰ মতে এই গোছৰটো ন জুলইতহে পঞ্জীয়ন হয়।নেমছুৱে অভিযোগ কৰে যে এনে ভিন্ন পঞ্জীয়নৰ পৰা প্ৰকাশিত সংখ্যাতকৈ অধিক শ্ৰমিকৰ মৃতদেহ ওলালেও অৰুণাচল চৰকাৰ আৰু প্ৰশাসনে সকলো তথ্য লুকুৱাই ৰাখিছে বুলি ধাৰণা কৰিব পাৰি। নেমছুৱে অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু আৰক্ষীক টানি নামৰ উপ ঠিকাদাৰজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিবলৈ আহ্বান জনায়। এই ঘটনাৰ বাবে এই ঠিকাদাৰজন সম্পূৰ্ণ দায়ী বুলি নেমছুৱে প্ৰকাশ কৰি নিহত শ্ৰমিকৰ পৰিয়াললৈ ৫০ লাখকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু অৰুণাচল চৰকাৰক দাবী জনায়।তদুপৰি, এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা নীৰৱ হোৱাত আক্ষেপ প্ৰকাশ কৰে নেমছুৰ সভাপতিজনে । ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত বহি সমগ্ৰ বিষয়টো তদন্তৰ আওতালৈ আনিব লাগে বুলি নেমছুৱে দাবী জনোৱাৰ লগতে নেমছুৱে এই সমগ্র ঘটনাৰ ক্ষেত্ৰত চিবিআইৰ দ্বাৰা তদন্তৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়।নেমছুৱে আৰু কয় যে অৰুণাচল প্ৰদেশত অসমৰ বহু লোকে মানুহৰ ঘৰত কাম কৰি আছে অথবা শ্ৰমিকে কাম কৰি আছে যাক ঘৰলৈ আহিবলৈ দিয়া হোৱা নাই।আনহাতে নেমছু’ৰ ফালৰ পৰাও পথ নিৰ্মাণকাৰী সংস্থা, ঠিকাদাৰ, উপ ঠিকাদাৰ আৰু অসমৰ মধ্যভোগী কেইজনৰ বিৰুদ্ধে গোচৰ তৰাৰ লগতে কেন্দ্রীয় শ্ৰমিক আয়ুক্তক স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলিও আজি সংগঠনটোৰ নেতৃবৰ্গই প্ৰকাশ কৰাৰ লগতে অৰুণাচল চৰকাৰে যদি ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অৰুণাচলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ নেমছু বাধ্য হব বুলি ঘোষণা কৰে। সংগঠনটোৱে লগতে প্ৰকাশ কৰে যে, বৰ্তমানলৈকে ১৯ গৰাকী অসমৰ শ্ৰমিকৰ ভিতৰত ১০ জন চিকিৎসালয়ত আছে, এজনৰ মৃতদেহ নদীত উটি গৈছে আৰু আঠ জন নিৰুদ্দেশ হৈ আছে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.