ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 96

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱাই। কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমৰ হ’ব। কেবিনেটত শিক্ষা বিভাগৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মাতৃভাষাতে বিদ্যালয় থাকিব যদিও গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়োৱা হ’ব। নিৰ্বাচিত কিছু বিদ্যালয়ত মাতৃভাষাৰ সমান্তৰালকৈ ষষ্ঠ শ্ৰেণীলৈ ইংৰাজী ভাষাত অধ্যয়নৰ ব্যৱস্থা থাকিব। আনহাতে সমাজ অধ্যয়ন বিষয়তো মাধ্যমিক পৰ্যায়ত নাথাকিব। তাৰ ঠাইত দুটা নতুন বিষয় ভূগোল আৰু বুৰঞ্জী পঢ়োৱা হ’ব। অংগনবাড়ীৰ দুটা শ্ৰেণী আৰু প্ৰাথমিকৰ ৩টা শ্ৰেণীৰ পাঠদান কৰা হ’ব মাতৃভাষাত। ঐতিহ্যমণ্ডিত ছোৱালী বিদ্যালয়ৰ বাহিৰে ৰাজ্যত নাথাকিব কোনো ছোৱালী বিদ্যালয়। আনহাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ফি ৰেগুলেটৰি অথৰিটিত পঞ্জীয়ন নকৰিলে দহ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব। প্ৰাইভেট বিদ্যালয়ৰ ক্ষেত্রত থকা ৰেগুলেটৰি আইনৰ সংশোধন কৰা হৈছে। ৬০০০ ব্যক্তিগত বিদ্যালয়ৰ ভিতৰত ১৮০০ বিদ্যালয়ে পঞ্জীয়ন কৰিছে। বাকী সকলক ৰেজিষ্টাৰ কৰিবলৈ আহ্বান। কেবিনেটত অসমৰ নতুন পর্যটন পলিছি গ্ৰহণ কৰা হৈছে। সেই অনুসৰি ৫০খন চাহ বাগানক পৰ্যটন ক্ষেত্ৰলৈ উন্নত কৰা হ’ব। ইয়াৰ বাবে প্ৰতিখন বাগানক ২ কোটি টকালৈ ৰাজসাহায্য দিয়া হ’ব। কেবিনেটত মানাহত জিঞ্জাৰ ব্ৰেণ্ডৰ হোটেল খোলাৰ সিদ্ধান্ত লোৱা হয়। আনহাতে এতিয়াৰে পৰা অ’বিচি প্ৰমাণ পত্ৰ অসম মৰাণ সভাই দিব পাৰিব। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জলাহ সম্প্ৰদায়ে অ’বিচি প্ৰমাণ পত্ৰ লাভ কৰিব। পূৰ্বৰ দৰে এম অ’ বি চিৰ প্ৰমাণ পত্র দিয়া নহয়। আনহাতে ৰাজ্যৰ মেডিকেল কলেজ সমূহৰ চৌপাশ সেউজীয়া কৰাৰ লক্ষ্যৰে প্ৰতিখন মেডিকেল কলেজলৈ অতিৰিক্ত ধন আবন্টন দিয়াৰ ব্যৱস্থা কৰা হয় কেবিনেটত। সেইদৰে গুৱাহাটী বিল্ডিং Construction আইনখন অসম বিল্ডিং Construction আইন হিচাপে নামকৰণ কৰা হয়। ৫ আগষ্টৰ দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰা হ’ব। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত এই দিৱস পালন কৰিব ৰাজ্য চৰকাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More