অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তঃনিহত দুই পাইলত

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৬ মাৰ্চ :IMG 20230316 WA0115 অৰুণাচল প্ৰদেশত পুনৰ দুৰ্ঘটনাত পতিত হৈছে দেশৰ সেনাৰ এখন চিতা হেলিকপ্টাৰ৷ প্ৰতিৰক্ষা বিভাগে নিশ্চিত কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত হেলিকপ্তাৰখনৰ দুইজন পাইলত লেফটেনেণ্ট কৰ্ণেল ভিভি ৰেড্ডীৰ লগতে সহযোগী পাইলত এ জয়ন্ত নিহত হৈছে৷ উল্লেখযোগ্য যে, আজি পুৱা ৯-১৫বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ স’তে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰখনৰ যোগাযোগ বিচ্ছিন্ন হৈছিল৷ দুৰ্ঘটনাটোৰ পাছতে নিৰুদ্দিষ্ট হেলিকপ্তাৰখনৰ সন্ধানত সেনাৰ লগতে এছ এছ বি আৰু আইটিবিপি সহ মুঠ পাঁচটা উদ্ধাৰকাৰী দল অভিযানত নামে আৰু দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰখনৰ ধ্বংসাৱশেষ পূৱ বমডিলাৰ পূৱ বাংলাজাপ গাঁৱৰ সমীপৰ মাণ্ডালাত উদ্ধাৰ কৰা হয়৷IMG 20230316 WA0114 আনহাতে স্হানীয় আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দুয়োগৰাকী পাইলটৰ মৃতদেহ উদ্ধাৰ কৰি ডিৰাং আৰক্ষী থানা লৈ অনা হৈছে আৰু কাইলৈ তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ সেনাক গতাই দিয়া হ’ব৷উল্লেখযোগ্য যে,নিয়মীয়া উৰণ অভিযানৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয়৷ দেশৰ সেনা আৰু বায়ুসেনাই চিতা আৰু চেতক হেলিকপ্টাৰ অধিক উচ্চতাৰ অঞ্চল সমূহত ব্যৱহাৰৰ ক্ষেত্ৰত সালসলনিৰ পৰিকল্পনা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও এনে প্ৰায় দুশ হেলিকপ্টাৰ ব্যৱহাৰ কৰি থকা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More