আপদ কালৰ পদ্য
জগত অৱনৰি
উৎকট গৰমত
দহিছে দেহ
গৰমৰো বোলে
নানানটা বেশ।
ৰ’দৰ তাপত
পুৰিছে গা
গছ-গছনি কটা
মজাটো পা।
চোতালৰ দুৱৰিত
ঢাৰি পাৰি বহি
আইতাৰ সাধু শুনো
বিচনি মাৰি মাৰি।
খাৱন-শোৱন নাই
গৰমৰ জ্বালাত
কিয়নো পৰিলো ভাই
এনে জঞ্জালত।
নিয়তিৰ বিধানক
নমনা দোষত
ব্ৰহ্মাণ্ড পৰিছে আজি
প্ৰকৃতিৰ ৰোষত।
গছ-বন নাকাটিবা
খাল ডোং নুপুতিবা
নদীখনো ব’বলৈ দিয়া
প্ৰকৃতিক বশ কৰি
নোৱাৰিবা জয়ী হ’ব
এই কথা মনত ৰাখিবা।
চৰকাৰ বাহাদুৰে
কিনো আছে চাই
দিন ৰাতি সমানেই
বিজুলী যোগান নাই।
গছ-বন কাটি মেলি
তহিলং হ’ল
মানুহেই মানুহৰ
কালশত্ৰু হ’ল।
বন বিভাগ নামে
এটি দপ্তৰ আছে
অনবৰত ঘূৰি ফুৰে
ধনৰ পাছে পাছে।
দয়াৰ সাগৰ প্ৰভু
সুমতি দিয়া
গৰমৰ পৰা প্ৰভু
প্ৰাণ বচোৱা।
কবিৰ ঠিকনা: দিবানা চাপৰি ,মধ্য আঁহতগুৰি, মাজুলী, ভ্ৰাম্যভাষ :+৯১ ৮০১১৬ ২৮৯০৬