ত্ৰিৰংগ পতাকা ক’ত ওলোমাম

0 41

 বিনয় কৃষ্ণ তামুলী ফুকন

চৰকাৰ মহোদয়ে কৈছে – “ঘৰ ঘৰ মে ত্ৰিৰংগা”
তাকো তিনিদিনৰ আগৰ পৰাই আঁৰিব লাগিব। ঘৰ মানে কি? মহানগৰী ফ্লাই অভাৰ তলত থকা সকলে ক’ত উত্তোলন কৰিব পতাকা? তেঁওলোকে ভাৰতীয় নাগৰিক নহয় নেকি?
কথাবোৰ কিবা খেলি মেলি।
কোনোৱাই ক’লে বুলিয়েই চীনৰ পৰা আমদানি কল ড্ৰিংকচৰ ষ্ট্ৰ লগোৱা ফুটপাথত ১০ টকাত পোৱা জাতীয় পতাকা উত্তোলন নকৰোঁ।
জাতীয় পতাকা উত্তোলন নকৰা সকলৰ ভাৰত থকাৰ অধিকাৰ নাই বুলি ধমক দিলেও নকৰোঁ।
জাতীয় পতাকাৰ বেপাৰ উচিত নে?

ফুটপাথত পোৱা প্লাষ্টিকৰ পতাকা, সমবায়ৰ এজেন্টে বিক্ৰী কৰা পলিয়েষ্টাৰৰ পতাকাবোৰে জাতীয় পতাকাৰ সন্মান লঘূ কৰা নাইনে? খদ্দৰৰ দিয়ক । পতাকা উত্তোলনৰ দণ্ডৰ উচ্চতা জনাওক। জেওৰাৰ খুঁটিত জাতীয় পতাকা আঁৰি দিলে আজাদীৰ মহোৎসৱ নহয়।
ভাৰৰ ১৩৩ কোটি জনতাৰ ১২ শতাংশ ঘৰ নোহোৱা মানুহ আছে। ঘৰ ঘৰ মে ত্ৰিৰংগ ক’ত উৰুৱাব?
ত্ৰিৰংগা হয়তো পাব। ঘৰ নোহোৱা অঘৰী সকলে ক’ত উৰুৱাব ত্ৰিৰংগ পতাকা??

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More