ইউক্ৰেইনৰ এজনী কণমানিৰ চিঠি

মা ! তুমি সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠ মা

0 36

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ এপ্ৰিলঃ এজনী কণমানি। নাম গালিয়া। বয়স মাত্ৰ ৯ বছৰ। গালিয়া হৈছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ বাসিন্দা। ৰাছিয়ান সেনাৰ আক্ৰমণত বোৰোডিয়াংকাত মৃত্যু হৈছে গালিয়াৰ মাতৃ। মাতৃৰ মৃত্যুৰ পিছত গালিয়াই এখন চিঠি লিখিছে; মাকলৈ বুলি। কণমানি গালিয়াৰ এই মর্মস্পর্শী চিঠিখন এতিয়া চৰ্চাৰ তুংগত। চিঠিখনে চুই গৈছে অনেকৰ মন। গালিয়াই লিখা মর্মস্পর্শী সেই চিঠিখনৰ এখন ফটো টুইটাৰত পোষ্ট কৰিছে ইউক্রেইনৰ স্বৰাষ্ট্রমন্ত্রীৰ উপদেষ্টা এণ্টন গেৰাচচেংকোৱে। তেওঁ টুইটাৰত গালিয়াৰ চিঠিখনৰ ইংৰাজী অনুবাদ কৰি লিখিছে— “মাকলৈ ৯ বছৰীয়া এগৰাকী কন্যাৰ চিঠি।”  চিঠিখনত গালিয়াই লিখিছে— ”মা! তুমি সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠ মা। মই কেতিয়াও তোমাকে নাপাহৰোঁ। মই আশা কৰিছোঁ, তুমি স্বর্গলৈ যাবা আৰু তাত সুখী হ’বা। ময়ো ভাল মানুহ হ’ম আৰু স্বর্গলৈ যোৱাৰ বাবে যথাসাধ্য চেষ্টা কৰিম। স্বর্গত তোমাৰ লগত দেখা হ’ব ! তোমালৈ চুমা। ইতি— গালিয়া।” গালিয়াৰ চিঠিখন পঢ়ি বহুজন আৱেগপ্রৱণ হৈ পৰিছে। এজনে টুইটত কমেন্ট কৰিছে— “প্রত্যেক সন্তানৰ বাবে মাকেই সকলো। মই এই মুহূর্তত গালিয়াৰ কষ্ট অনুভব কৰিছোঁ। মাকক হেৰুওৱাৰ সময়ত তেওঁ কিমান কষ্ট অনুভৱ কৰিছিল, সেয়াও বুজিব পাৰিছোঁ। গালিয়াৰ দৰে অনেক শিশু এই মর্মন্তুদ পৰিস্থিতিৰ মুখামুখি হৈছে। কেনেকৈ বাৰু দেশবোৰে যুদ্ধ কৰে? তেওঁলোক কিয় শান্তিত থাকিব নোৱাৰে আৰু আনকো শান্তিত বাচি থাকিবলৈ দিব নিবিচাৰে কিয়?”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More