ডোৰাকঁহৰাৰ এক নং বাজৈ হোটেলৰ এসাঁজ

কোনে কয় অসমত উদ্যমী ব্যক্তিৰ অভাৱ ?

1 397

অৰিন্দম তালুকদাৰ
অসমত বাজৈ হোটেল সম্ভৱতঃ প্ৰথম কোকৰাঝাৰতেই আৰম্ভ হৈছিল। আমিও প্ৰথমতে কোকৰাঝাৰতেই বাজৈ হোটেলৰ প্ৰথম ভাত সাঁজ খাইছিলো। তাৰ পিছত বঙাইগাঁৱৰ বাজৈত খালো। সেইযে বাজৈ হোটেলৰ ভাতৰ সোৱাদ জিভাত লাগিল সেয়া এতিয়াও এৰা নাই। কোকৰাঝাৰৰ বাজৈ হোটেলৰ চমকপ্ৰদ সাফল্যৰ পিছত বাজৈ হোটেল নাম দি অসমৰ বহু ঠাইত বিশেষকৈ বড়ো জনজাতীয় অঞ্চলবোৰত কেবাখনো বাজৈ হোটেল খোলা হ’ল। ইয়াৰ স্বত্বাধিকাৰীসকল পৃথক, তেনেদৰে সকলোৰে খাদ্যৰ মানদণ্ডও একে নহয়। ব্যক্তিগত ভাৱে আমি এতিয়া কোকৰাঝাৰলৈ গ’লে আই হোটেলৰ ভাত সাঁজৰ বেছি জুতি পাওঁ। সি যিয়েই নহওঁক, যতেই নহওঁক কৰবাত বাজৈ হোটেলৰ নাম ফলক দেখিলে মনটো ভাল লাগে, খাই চাবৰ মন যায়। দহ বছৰমান আগতে আমাৰ এজন গাড়ী চালকে পাঠশালালৈ গ’লে দুপৰীয়া পাঠশালাত আৰম্ভ কৰা বাজৈ হোটেলতহে গাহৰি ভাত খাইছিল। তেওঁৰ মুখত শুনি শুনি আমিও দুদিনমান পাঠশালাৰ বাজৈ হোটেলত ভাত খাইছিলো। সেই অধ্যায় সিমানতে শেষ। আজি কেইবছৰমানৰ পৰা চাংসাৰিত এখন বাজৈ হোটেল দেখি আহিছিলো যদিও তাত কেতিয়াও খোৱা হোৱা নাছিল। বিগত কিছু দিনৰ পৰা চাংসাৰিৰ আগৰ ডোৰা কহঁৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত (গুৱাহাটীৰ পৰা গ’লে বাওদিশত) এখন বৰ ডাঙৰ বাজৈ হোটেল খোলাৰ প্ৰস্তুতি চলাই থকা প্ৰত্যক্ষ কৰিছিলোঁ। যোৱা ১৪ মাৰ্চ তাৰিখে সেই ১ নং বাজৈ হোটেল ৰাইজৰ বাবে মুকলি হ’ল। এইবাৰ আৰু আমি নৰ’লো। বিগত দিনবোৰত দুবাৰ ডোৰা কহঁৰাৰ ১ নং বাজৈ হোটেলত আহাৰ গ্ৰহণ কৰিলোঁ। প্ৰথমবাৰ এনেই চাই যাওচোন বুলি সোমাওতে মালিক গৰাকীৰ লগত কথা পাতি থাকোতে মানুহজন চিনাকী যেন লাগিল, গম পালো তেখেত মানুহজন পাঠশালাৰ আৰু সেই আমি কৈ অহা পাঠশালাৰ বাজৈ হোটেলখন তেওঁৱেই আৰম্ভ কৰিছিল। ছবছৰমান আগতে পাঠশালাৰ বাজৈ হোটেলখন বিক্ৰী কৰি আহি তেওঁ প্ৰথমে চাংসাৰিত আৰু শেহতীয়াকৈ ডোৰাকহঁৰাত ১ নং বাজৈ হোটেল আৰম্ভ কৰিছে। মানুহজনৰ নাম দিলীপ ব্ৰহ্ম, প্ৰকৃতাৰ্থত এগৰাকী উদ্যমী ব্যক্তি। কেবা লক্ষ টকা খৰচ কৰি মাটি কিনাৰ পৰা ডেৰশ‌‌ মানুহ বহি খাব পৰা বিশাল আৰ চি চি ভোজনালয় গৃহ সাজি উলিওৱালৈকে সকলো ব্যায় বহন কৰি আৰম্ভ কৰিছে ৰাজপথৰ কিনাৰৰ আহল-বহল ,চাফ-চিকুণ, মূলতঃ থলুৱা খাদ্যৰ এখনি ভোজনালয় যত ব্ৰহ্ম ডাঙৰীয়াই নিযুক্তি দিছে ৫৫ গৰাকী কৰ্মচাৰী। সৌ সিদিনা আকৌ এবাৰ দুপৰীয়া বাজৈ হোটেলত সোমাই ব্ৰহ্ম ডাঙৰীয়াৰ লগত কথা- বতৰা পাতি ভাতৰ পাতত বহিলো।
ষ্টীলৰ কাঁহীত সাজি দিয়া নিৰামিষ ভাত সাঁজত আছিল ভাত, মগু-মচুৰ দাইল, মাটি মাহৰ দাইল,দীঘল, দীঘলকৈ কুটা আলু ভাজি, মৰিচা শাকৰ ভাজি, লাব্ৰা, কচু থোৰৰ থপথপীয়া আঞ্জা, শুকান জলকীয়া আৰু পিয়াজৰ গুৰিকৈ কৰা শুকান ভাজি আৰু কেঁচা চালাড, পাপৰ আদি। মই মাছ খাম বুলি কওতে তেওঁলোকে সেইদিনা থলুৱা সৰুমাছ, কুচিয়া, ৰৌ আৰু শ’ল মাছ থকা বুলি ক’লে। মই শ’ল মাছৰ জোল খাম বুলি ক’লো। মিহি চাউলৰ জৰজৰীয়া বগা ভাত কেইটামান মই প্ৰথমতে শাক ভাজি অকণেৰে সানি খালো। কোমল মৰিচা শাকৰ ভাজিখন সৰহকৈ তেল নিদি ভাপতে সিজাই সেউজীয়া কৈ ৰাখিছিল। মই শাকে ভাতে খাই থাকোতে কাঁহীৰ কাষত দিয়া ৰঙা জলকীয়াৰ গুৰি ভাজিখিনি অকণ আঙুলিৰ আগত লগাই মুখত দি চালো। গুৰি ভাজি খিনিত অলপ কেঁচা নিমখ মিহলাই দিয়া আছিল, জলা যদিও খাই খুব ভাল লাগিল। কচুৱে ডিঙিত ধৰিব বুলি অলপ ভয় লাগিছিল বাবে কচুৰ আঞ্জা খিনি নেমু চেপি খালো। নধৰিলে,কচু খাই ভাল লাগিল। ইয়াৰ পিছত মাহৰ দাইলখন খাবলৈ ল’লো। মাহৰ দাইলত অকণ খাৰ দিছিল আৰু গোটাকৈ ৰান্ধিছিল, খাই মজা লাগিল। ইয়াৰ পিছত এনেই নামতহে হালধীয়া দাইল আৰু ভাজি- তৰকাৰী অলপ খালো লগতে চলি থাকিল জলকীয়া ভাজিৰ জুতি।ইয়াৰে মাজতে ল’ৰা দুজনমানে আহি ভাত আঞ্জা লাগিব নেকি বুলি সুধি থাকিল। আমি নগৰীয়া মানুহ, জুতি খাই ভাল পাঁও যদিও সৰহকৈ খাব নোৱাৰো। মই অলপ অলপ কৈ এবিধ, এবিধ ব্যঞ্জনৰ সোৱাদ লৈ আছিলো, একো নেলাগে বুলি ক’লো। এইবাৰ মোৰ মাছৰ জুতি লোৱাৰ পাল। এটুকুৰা ডাঙৰ শ’ল মাছেৰে সৈতে সিদ্ধ আলু ভাঙি কৰা হালধীয়া মাছৰ জোলখনৰ ওপৰত মিহিকৈ কুটা ধনীয়া পাতখিনি জিলিকি আছিল। ভাতৰ লগত মাছৰ জোলখন মুখত দিয়েই ভাল লাগি গ’ল। বিশেষ তেল মচলা নিদিয়াকৈ মাছৰ জোলখন কৰিছিল, আলু মিহলি জোলখন খাওঁতে আদাৰ ৰসৰ সোৱাদটো জিভাত লাগিছিল। মাছ টুকুৰাৰ আকাৰটো দেখিয়েই অনুমান হৈছিল যে যথেষ্ট ডাঙৰ শ’ল মাছৰ টুকুৰা এটা মোৰ ভাগত পৰিছে। সাধাৰণতে হোটেলৰ মাছবোৰৰ ভিতৰখন টান টান হয়, ৰবৰ ৰবৰ লাগে। আমি খোৱা শ’ল মাছৰ টুকুৰাটো কিন্ত ভিতৰলৈকে কোমল আৰু মিঠা আছিল। মাছ আৰু জোলখন খাই ইমান ভাল লাগিল যে মই দুটামান ভাত নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। ইয়াৰ আগতে প্ৰথমবাৰ বাজৈলৈ আহোতে ছাগলীৰ মাংস খাইছিলো আৰু গম পাইছিলো যে হাহঁ-কুকুৰা,বৰাহ সকলো মাংস বাজৈত উপলব্ধ। সৰহকৈ পানী নিদি সাধাৰণ তেল মচলা দি আলুৰ সৈতে ছাগলীৰ মাংসখন গোটাকৈ ৰান্ধিছিল, মাংসৰ টুকুৰাবোৰৰ গাত মচলাবোৰ লাগি আছিল আৰু তেল বিৰিঙি থকা ক’লা আঞ্জাখিনিৰ বাটিটোত মাংস আৰু আলুৰ টুকুৰাবোৰ জিলিকি আছিল। মাংস ভালদৰে সিজিছিল। অসাধাৰণ সোৱাদ। মোৰ গাড়ী চালক ধ্ৰুবই বৰাহৰ মঙহ খাইছিল আৰু বৰাহৰ মাংসখন খুব সোৱাদ হোৱা বুলি কৈছিল। দুদিনকৈ এক নং বাজৈ হোটৈলত খাই অনুমান কৰিলো যে তেওঁলোকৰ খানাত তেল-মচলাৰ প্ৰকোপ কম, আমাৰ পৰম্পৰাগত ৰন্ধনশৈলীৰ লগত ৰজিতা খোৱাকৈ ৰন্ধা ভাত সাঁজ খালে হোটেলৰ ভাত খোৱা যেন নালাগে। খাদ্য অনুযায়ী দামো অত্যধিক নহয়। আমাৰ লেখীয়া মধ্যবিত্ত মানুহৰ বাবে উপযুক্ত ঠাই। এক নং বাজৈ হোটেলৰ ভাত সাঁজৰ লগত যিমান পৰিমাণৰ আঞ্জা-তৰকাৰী দিয়ে সেই গোটেইবোৰ একে লগে খোৱাতো সহজ নহয়, সেয়ে কিছু খাদ্যৰ অপচয় হ’ব যেন লাগে। আমাৰ বোধেৰে কাঁহীখনতে ভাতৰ লগত গোটেইবোৰ ভাজি তৰকাৰী দিয়াতকৈ সৰু সৰু বাটিত দিলে কাঁহী খনো ধুনীয়া দেখিব আৰু খাদ্যৰ অপচয়ো নহ’ব। যাক যি লাগে দ্বিতীয়বাৰ খুজি ল’ব। এক নং বাজৈ হোটেলৰ কৰ্মচাৰীখিনিৰ ব্যৱহাৰ শলাগিবলগীয়া। আপ্যায়নৰ কোনো কাৰ্পণ্য নাই কিন্ত তেওঁ লোক নতুন আৰু অনভিজ্ঞ হোৱাৰ বাবে সেৱা আগবঢ়াওতে অলপ অনাহক চিঞৰ-বাখৰ কৰা পৰিলক্ষিত হ’ল। এই কথাটো আমি দিলীপ ব্ৰহ্ম ডাঙৰীয়াৰ কাণ চোৱাই আহিলো। এনে এক হুলস্থুলীয়া পৰিৱেশৰ বাবেই আমি পাইকাৰকুছি চক’ৰ এখন বিখ্যাত ৰেষ্টুৰেন্টত সোমোৱা বাদ দিলো। ২৪×৭ খোলা থাকিবলগীয়া এক নং বাজৈ ইতিমধ্যে ৰাইজে আদৰি লৈছে ,জন্মৰ এমাহ নৌহওঁতেই ইয়াত নিতৌ সাত-আঠশৰ পৰা বাৰশ ৰাইজে ভোজন কৰিছে। উত্তৰ পশ্চিম অসমৰ পৰা গুৱাহাটী লৈ অহা-যোৱা কৰা ৰাইজে ভাত খাবলৈ পোনছাটেই ইয়াত প্ৰবেশ কৰিছে। চাফ-চিকুণ wash room আৰু পাৰ্কিংৰ মোটামুটি সুবিধা থকা এক নং বাজৈৰ ভৱিষ্যত উজ্জ্বল বুলিয়েই কব লাগিব।
এক নং বাজৈ হোটেলৰ আন এক diversification হ’ল ইয়াৰ গাখীৰৰ মিঠাই। বিশুদ্ধ গাখীৰেৰে খুব কম চেনী দি নিজৰ কাৰখানাতে তেওঁলোকে অতি উৎকৃষ্ট চানাৰ মিঠাই তৈয়াৰ কৰিছে।
এক নং বাজৈ হোটেলত তৃপ্তিৰে এসাঁজ খাই ওভতাৰ বাটত ভাবিলো কোনে কয় অসমত উদ্যমী ব্যক্তিৰ অভাৱ ? উদ্যমীতা আৰু অতিথি সেৱাৰ মনোবৃত্তিৰে এনে এক প্ৰয়াস হাতত লোৱা দিলীপ ব্ৰহ্ম দেৱ আৰু তেওঁৰ প্ৰতিষ্ঠান এক নং বাজৈ হোটেললৈ আমি আন্তৰিক শুভেচ্ছা জনালোঁ।

১ টা মন্তব্য
  1. Avatar of অৰিন্দম তালুকদাৰ
    অৰিন্দম তালুকদাৰ says

    ধন্যবাদ জনালোঁ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More