উত্তৰ লখিমপুৰ পৌৰসভাত হাহাকাৰঃ পুৱাই কাৰ্যবাহী বিষয়াক উপায়ুক্তৰ ধমক

কাৰ্যবাহী বিষয়াই স্বীকাৰ কৰিলে অসহায়তাৰ কথাঃ খণ্ড প্ৰতিপালকৰ কাৰ্যত ক্ষোভৰ অগনি জ্বলিছে শাসকীয় দলীয় কৰ্মীৰ মাজত

0 45

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ উত্তৰ লখিমপুৰ পৌৰসভাত বজাৰ-পাৰ্কিং আৱণ্টনৰ নামত সংঘটিত কৰা ব্যাপক অনিয়মৰ তথ্য আজি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে উত্তৰ লখিমপুৰ পৌৰসভাত একপ্ৰকাৰে হাহাকাৰ লাগে৷ মঙ্গলবাৰে পৌৰসভাখনত বজাৰ-পাৰ্কিং বন্দোবস্তি দিয়াৰ নামত কেনেদৰে চৰকাৰৰ বৃহৎ ৰাজহ লোকচান কৰি আৰু এজনীয়া নিবিদা দাখিল কৰাৰ পিছতো তেনে লোকক পাৰ্কিং বন্দোবস্তি দিয়া কাৰ্যৰ বিৰুদ্ধে  বুধবাৰে সবিস্তাৰে বাতৰি প্ৰকাশ পায়৷ এই বাতৰি প্ৰকাশৰ পিছতে পুৱাই জিলা উপায়ুক্তই উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াক একপ্ৰকাৰে ধমক দি বিষয়টো সন্দৰ্ভত সকলো নীতিমতে থিক-থাক কৰিবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে কাৰ্যবাহী বিষয়া কেচিঅ’ কৰণ পেগুৱে আজি বাতৰি প্ৰকাশ পোৱাৰ পিছতে কয় যে বজাৰ-পাৰ্কিং আৱণ্টনৰ দিয়াৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ অসহায়৷ এই ক্ষেত্ৰত তেওঁ বন্দোবস্তি পত্ৰত স্বাক্ষৰো কৰা নাই বুলি উল্লেখ কৰি পৌৰসভাখনেহে সকলো কৰা বুলি জানিবলৈ দিয়ে৷ কেৱল এখন নিবিদা দাখিল কৰা লোকক কেনেদৰে পাৰ্কিং আৱণ্টন দিলে সেই বিষয়ে তেওঁৰ পৰা জানিব বিচৰাত তেওঁ কয় যে এই কাম তেওঁ কৰা নাই বৰ্ডেহে কৰিছে৷ তদুপৰি বাতৰিত প্ৰকাশ পোৱা পেগু উপাধিৰ লোকজনক তেওঁ চিনি নাপায় আৰু তেওঁৰ কোনো ঘনিষ্ঠ নহয় বুলিও কয়৷ ইফালে উত্তৰ লখিমপুৰ পৌৰসভাৰ একাংশ কাম-কাজত শাসকীয় দলৰ বহু নেতা-কৰ্মীয়ে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে৷ বিশেষকৈ ৰাস্তা ঘাট, নলা-নৰ্দমা নিৰ্মাণ, বজাৰ, পাৰ্কিং আদি আৱণ্টনৰ ক্ষেত্ৰত তেওঁলোকক কোনোধৰণৰ সুযোগ সুবিধা নিদিয়া বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে একাংশ খণ্ড প্ৰতিপালকে কমিচনৰ বিনিময়ত নিজৰ ঘনিষ্ঠ লোকক ঠিকা-ঠুকলি, বজাৰ-পাৰ্কিং আদি আৱণ্টনৰ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে৷ এই সন্দৰ্ভত শীঘ্ৰে মুখ্যমন্ত্ৰীক তেওঁলোকে অৱগত কৰিব বুলি জানিবলৈ দিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More