দৰং, শোণিতপুৰৰ একাধিক সত্ৰ-দেৱালয় পৰিদৰ্শন অসম সত্ৰ আয়োগৰ, সত্ৰাধিকাৰ-সত্ৰ প্ৰতিনিধিৰে বৈঠক

0 65

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ এপ্ৰিল : সত্ৰসমূহ অসমৰ প্ৰাণ । আমাৰ ভাষা-কৃষ্টি-সংস্কৃতি-পৰম্পৰা সত্ৰসমূহে জীয়াই ৰাখিছে । এখন সত্ৰ বৰ্তি থাকিবলৈ হ’লে বহু উপাদানৰ প্ৰয়োজন । সত্ৰৰ ভূমি পূৰ্বৰ দৰে হৈ থকা নাই। ৰাজ্যখনৰ একমাত্ৰ মাজুলীৰ আউনীআটি সত্ৰৰ বাহিৰে বাকী আটাইবোৰ সত্ৰ বহু সমস্যাৰে জৰ্জৰিত । এই অভিমত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ । আজি শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিধায়ক গণেশ লিম্বু, জিলাখনৰ ৫৬ খন সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদক প্ৰমুখ্য সত্ৰৰ অন্যান্য প্ৰতিনিধি, জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত পংকজ নাগবংশী, তেজপুৰ ৰাজহ চক্ৰ বিষয়া পংকজ বৰা তথা আন বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত আয়োগৰ অধ্যক্ষ হাজৰিকাই এনেদৰে কয় । এই প্ৰসংগতে আয়োগৰ অধ্যক্ষ হাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সত্ৰক বেদখলমুক্ত কৰণ, সত্ৰৰ সংৰক্ষণ -প্ৰসাৰ আদিৰ বাবে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰে । তেওঁ লগতে কয় যে সত্ৰৰ ভূমি বেদখল কৰিলে চৰকাৰে উচ্ছেদ কৰিব । বিভিন্ন কাৰণত কেবাখনো সত্ৰ প্ৰায় বিলুপ্ত হৈছে । আনকি সত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত যথাযথ গুৰুত্ব নিদিয়া বাবেই মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ পিতৃভেটি কুসুম্বৰ ভূঞাৰ ভেটিটো বেদখল হ’ব লগীয়া হৈছে । সত্ৰৰ নামত নিজা ভূমি নথকা সত্ৰক ভূমি আবণ্টনৰ বাবে জিলা উপায়ুক্তৰ ওচৰত আবেদন দাখিল কৰিবলৈয়ো আয়োগৰ অধ্যক্ষ হাজৰিকাই আহ্বান জনায় । চৰকাৰে এই দিশটো চালিজাৰি চাব বুলি সভাত তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে । উল্লেখযোগ্য যে অসমৰ জাতীয় জীৱনৰ অন্যতম শক্তিশালী বৰভেটি স্বৰূপ ঐতিহাসিক সত্ৰ সমূহৰ ভূমি বেদখল, সত্ৰৰ ঐতিহ্য-পৰম্পৰা সংৰক্ষণ তথা প্ৰসাৰ-প্ৰচাৰ আদিক সামৰি সত্ৰকেন্দ্ৰিক এক তথ্য ভিত্তিক প্ৰতিবেদন প্ৰস্তুতৰ উদ্দেশ্য ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা প্ৰতিনিধি দলে আজি দৰং আৰু শোণিতপুৰ জিলাৰ কেবাখনো সত্ৰৰ লগতে দেৱালয়ো পৰিদৰ্শন কৰি সামগ্ৰীক পৰিস্থিতি বুজ লয় । আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে আজি আৰম্ভণিতে দৰং জিলাৰ দেৱানন্দ সত্ৰ পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত দেৱানন্দ সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰ উন্নয়ন কমিটিৰ সভাপতিৰ লগতে স্থানীয় সত্ৰবাসীৰ সৈতে আয়োগৰ প্ৰতিনিধি দলটোৱে এখন বৈঠকত মিলিত হৈ সত্ৰখনৰ সংৰক্ষণ , ভূমি সমস্যা তথা উন্নয়ন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে । ইয়াৰ পাছতে জিলাখনৰ আন এখন গুৰুত্বপূৰ্ণ খটৰা সত্ৰ পৰিদৰ্শন কৰে আয়োগৰ প্ৰতিনিধি দলটোৱে । নিকা সংহতিৰ সত্ৰ হিচাপে পৰিচিত সত্ৰাধিকাৰবিহীন ৪৩৮ বছৰীয়া পুৰণি খটৰা সত্ৰখনৰ ইতিহাস, ধৰ্মীয় পৰম্পৰা, সংস্কৃতি আদি বিভিন্ন দিশ সন্দৰ্ভত সত্ৰ পৰিচালনা সমিতিৰ সভাপতিসহ অন্যান্য বিষয়ববীয়াৰ সৈতে আয়োগৰ প্ৰতিনিধি দলটোৱে বিতংভাৱে আলোচনা কৰে । দৰঙী লোক কৃষ্টি-সংস্কৃতিৰ নিয়মিত অনুশীলন-অধ্যয়ন অব্যাহত থকা সত্ৰখনৰ স্থায়ী উপাৰ্জনৰ এটা উৎস হিচাপে গৰুখুটি প্ৰকল্পত খটৰা প্ৰকল্পৰ নামত এক বিশেষ ব্যবস্হা কৰিবলৈ সত্ৰ পৰিচালনা সমিতিয়ে প্ৰতিনিধি দলটোক অনুৰোধ জনায় । তদুপৰি সত্ৰখনৰ অভাৱ, সীমা সমস্যা আদি সত্ৰ আয়োগৰ জৰিয়তে সমাধান কৰিবলৈয়ো তেওঁলোকে আয়োগৰ দৃষ্টি আকৰ্ষন কৰে । আনহাতে ৰাজ্য চৰকাৰে সত্ৰৰ সংৰক্ষণ-প্ৰসাৰ আদিৰ বাবে গ্ৰহণ কৰা ভূমিকাক আয়োগৰ প্ৰতিনিধি দলটোৰ সন্মুখত উচ্চ প্ৰশংসা কৰে সত্ৰবাসীয়ে । ইপিনে, সত্ৰৰ মুঠ মাটি কালি, বেদখল তথা আন আন সমস্যা সন্দৰ্ভত আয়োগৰ প্ৰতিনিধি দলটোৱে বিতংভাৱে আলোচনা কৰে । এই প্ৰসংগত আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই ৰজা নৰনাৰায়ণে সত্ৰসমূহৰ প্ৰতি আগবঢ়োৱা অৰিহণাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । সত্ৰ পৰিদৰ্শন কালত ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া মাইনাওশ্ৰী বড়ো, স্থানীয় গাঁও প্ৰধান তথা অন্যান্য বিশিষ্ট উপস্থিত থাকে । ইয়াৰ পাছতে আয়োগৰ প্ৰতিনিধি দলটোৱে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয় পৰিদৰ্শন কৰি দেৱালয়খনৰ বিভিন্ন সমস্যা, পৰ্যটনৰ সম্ভাবনা আদি বিষয়সমূহ আলোচনা কৰে । পৰিদৰ্শনৰ পাছতে বৰচলা সমষ্টিৰ বিধায়ক গনেশ লিম্বু, ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া তন্ময় বৰা, গুপ্তেশ্বৰ দেৱালয় উন্নয়ন সমিতিৰ সভাপতি, শিঙৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী তথা স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ সৈতে আয়োগৰ প্ৰতিনিধি দলটোৱে এখন বৈঠকত মিলিত হৈ দেৱালয়খনৰ উন্নয়নৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে । বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সত্ৰ-দেৱালয়ৰ সংৰক্ষণ -উন্নয়নৰ বাবে গ্ৰহণ কৰা ভূমিকাৰ বাবে আয়োগৰ অধ্যক্ষ হাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে । উল্লেখযোগ্য যে অসমৰ সত্ৰ সমূহৰ অবস্থিতি সন্দৰ্ভত বিভিন্ন বিষয় সংগ্ৰহ কৰি থকা কালত সত্ৰ আয়োগে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয়ৰ তথ্য লাভ কৰিছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ৰহস্য অন্তৰ্নিহিত হৈ আছে এই দেৱালয়ৰ সৈতে । আনহাতে এই যাত্ৰা কালতে আয়োগৰ প্ৰতিনিধি দলটোৱে শিঙৰী পাহাৰত থকা প্ৰাচীন ধ্বংসাৱশেষৰ বিশ্বকৰ্মা মন্দিৰ পৰিদৰ্শন কৰে । আজি আয়োগৰ প্ৰতিনিধি দলটোৰ সৈতে আয়োগৰ কনচালটেণ্ট মাধৱ প্ৰসাদ শৰ্মা, অতুল দাস আৰু অন্যান্য বিষয়া উপস্হিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More