একেলগে উৰিল ৭৮ হাজাৰ ত্ৰিৰংগা

ভংগ কৰিলে ১৮ বছৰীয়া অভিলেখ

0 24
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ এপ্ৰিল : এখন দুখন নহয়, হাজাৰ পতাকা। এহেজাৰ দুহেজাৰো নহয়, ৭৮ হাজাৰ পতাকা। একেলগে উৰিল দেশৰ স্বাভিমান জাতীয় পতাকা। এইদৰে জাতীয় পতাকা উৰুৱাই কালি পাকিস্তানৰ ১৮ বছৰৰ পুৰণি অভিলেখ ভাঙি দিলে বিহাৰৰ ভোজপুৰ জিলাই। ভোজপুৰত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এটা অনুষ্ঠানত প্রায় ৭৮ হাজাৰ মানুহে একলগে উৰুৱালে জাতীয় পতাকা। আৰু এই অনুষ্ঠানৰ যোগেদিয়েই ভংগ কৰা হ’ল পাকিস্তানৰ পুৰণি ৰেকর্ড। যিটো অঙ্গ হৈ ৰ’ল ‘আজাদী কা অমৃত মহোৎসৱ’ অনুষ্ঠানৰ। ব্রিটিছৰ বিৰুদ্ধে ১৮৫৭ চনত চিপাহী বিদ্রোহৰ অন্যতম নায়ক বীৰ কানৱৰ সিং ( Kunwar Singh)ৰ ১৬৪ সংখ্যক মৃত্যু বার্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ সেই অনুষ্ঠানত উপস্থিত আছিল। তেওঁৰ লগত আছিল কেন্দ্রীয় মন্ত্রী আৰ কে সিং, নিত্যানন্দ ৰায় আৰু বিহাৰৰ উপ-মুখ্যমন্ত্রী তাৰাকিশোৰ প্রসাদ তথা ৰেণু দেবী আৰু বিজেপি নেতা সুশীল মোদী। এই অনুষ্ঠানত উপস্থিত থকাসকলে প্রায় পাঁচ মিনিটৰ বাবে জাতীয় পাতাকা উৰুৱায়। আৰু তাতেই ভাঙি যায় পাকিস্তানৰ পুৰণি ৰেকর্ড। বিজেপিয়ে এই অনুষ্ঠানৰ পৰিকল্পনা বহুদিন আগতেই কৰিছিল। উদ্দেশ্য আছিল প্রায় ৭৫ হাজাৰ জাতীয় পকাতা উৰুৱাব।1650771944114 ইয়াৰ পূৰ্বে পাকিস্তানে লাহোৰত ৫৬ হাজাৰ জাতীয় পকাতা উৰুৱাই এই ৰেকর্ড কৰিছিল। ইতিপূৰ্বে ৭৪ সংখ্যক সেনা দিৱসৰ অনুষ্ঠানত খাদীৰে তৈয়াৰী বিশ্বৰ বৃহত্তম জাতীয় পাতাক উৰুৱাই ৰেকর্ড গঢ়িছিল ভাৰতে। ৰাজস্থানৰ জয়ছালমেৰত মনুমেন্ট নেচনেল ফ্লেগ প্রদর্শন কৰা হৈছিল। উল্লেখ্য যে জয়ছালমেৰৰ পশ্চিমাঞ্চলত লঙ্গেৱালাত ভাৰত-পাকিস্তান সীমান্তত খাদীৰে তৈয়াৰী এই ত্ৰিৰংগা প্রদর্শিত হয়। লঙ্গেৱালা ১৯৭১ চনত ভাৰত-পাক যুদ্ধৰ এক গুৰুত্বপূর্ণ স্থান আছিল। লঙ্গেৱালাত খাদীৰে তৈয়াৰ কৰা বিশ্বৰ বৃহত্তম জাতীয় পতাকা প্রদর্শনৰ উদ্যোগ লৈছিল, ক্ষুদ্র আৰু মজলীয়া শিল্প উদ্যোগ মন্ত্রণালয়ে (MSME)। পতাকাৰ এইজাতীয় পঞ্চমটো প্রদর্শনী আছিল এইটো। ইয়াৰ পূৰ্বে যোৱা বছৰ গান্ধী জয়ন্তীত লেহত জাতীয় পতাকা প্রদর্শনীৰ আয়োজন কৰা হৈছিল। দ্বিতীয়টো অনুষ্ঠান হৈছিল ২০২১ চনৰ ৮ অক্টোবৰত বিমান বাহিনী দিৱসত হিণ্ডন এয়াৰবেছত। তৃতীয় অনুষ্ঠানটো হৈছিল ২১ অক্টোবৰত লালকিল্লাত, দেশত ১০০ কোটি ক’ভিড টীকা ড’জ দিয়াৰ উপলক্ষে। ৪ ডিচেম্বৰত নৌবাহিনী দিৱসত গেটৱে অব ইণ্ডিয়াত চতুৰ্থটো এনে পতাকা প্রদর্শনৰ অনুষ্ঠান সম্পন্ন হৈছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More