নিৰ্বাচনী বণ্ড সন্দৰ্ভত ছুপ্ৰিম ক’ৰ্টৰ যুগান্তকাৰী ৰায়

ফাদিল হব ৰাজনৈতিক দলৰ 'বৰঙণি'ৰ উৎস

0 129

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ফেব্ৰুৱাৰীঃ সৰ্বোচ্চ ন্যায়ালয়ে আজি ৰাজনৈতিক দলৰ ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰত এক যুগান্তকাৰী ৰায় প্ৰদান কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ অধ্যক্ষতাত পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে নিৰ্দেশ দিয়ে যে এতিয়াৰ পৰা বেংকে নিৰ্বাচনী বণ্ড জাৰি কৰা বন্ধ কৰিব লাগিব আৰু ভাৰতীয় ষ্টেট বেংকক নিৰ্দেশ দি কয় যে “ ২০১৯ চনৰ ১২ এপ্ৰিলৰ অন্তৱৰ্তীকালীন আদেশৰ পিছত ক্ৰয় কৰা নিৰ্বাচনী বণ্ডৰ সবিশেষ দাখিল কৰিব লাগিব ভাৰতীয় নিৰ্বাচন আয়োগক। আজিৰ এই ৰায়ে ভাৰতৰ ৰাজনীতিত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰে। কাৰণ বিভিন্ন কোম্পানী, কৰ্পৰেট খণ্ডই ৰাজনৈতিক দলক বৰঙণিৰ নামত কোটি কোটি টকা প্ৰদান কৰি আহিছিল আৰু সেই ধনৰ উৎস ৰাজনৈতিক দলে কাৰো ওচৰত বেকত কৰিব লগা নহৈছিল। কিন্তু ছুপ্ৰিম কৰ্টে ভাৰতীয় ষ্টেট বেংকক ২০১৯ চনৰ পিছত ৰাজনৈতিক দলক নিৰ্বাচনী বণ্ডৰ নামত দিয়া ধনৰ সবিশেষ প্ৰদান কৰিবলৈ দিয়া নিৰ্দেশৰ ফলত এতিয়া ৰাজনৈতিক দলক বৰঙণি দিয়া কোম্পানীৰ নাম প্ৰকাশ হব।আদালতে আঙুলিয়াই দিয়ে যে ১৮২ নং ধাৰাৰ উদ্দেশ্য হৈছে দুৰ্নীতি আৰু নিৰ্বাচনী বিত্তীয় সাহায্য ৰোধ কৰা। উদাহৰণস্বৰূপে, চৰকাৰী কোম্পানী এটাক বৰঙণি দিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ উদ্দেশ্য হ’ল ৰাজনৈতিক দললৈ অৱদান আগবঢ়াই এনে কোম্পানীক ৰাজনৈতিক যুঁজত প্ৰৱেশ কৰাত বাধা দিয়া। সীমাহীন কৰ্পৰেট অৱদানৰ অনুমতি দি ১৮২ নং ধাৰাত সংশোধন কৰিলে নিৰ্বাচনী প্ৰক্ৰিয়াত অসংযত প্ৰভাৱ পৰিব। মুক্ত আৰু নিকা নিৰ্বাচনৰ স্বাৰ্থত আৰু ৰাজনৈতিক সমতাৰ নীতি উলংঘা নহবলৈ এই ৰায় প্ৰদান কৰা হৈছে। যিবোৰ ৰাজনৈতিক দলে ১২ এপ্ৰিল, ২০১৯ তাৰিখৰ অন্তৱৰ্তীকালীন আদেশৰ পৰা আজিলৈকে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বৰঙণি লাভ কৰিছে, সেইবোৰৰ সবিশেষ নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ আদালতে নিৰ্দেশ দিয়াৰ লগতে প্ৰতিটো নিৰ্বাচনী বণ্ড ক্ৰয়ৰ তাৰিখ, বণ্ড ক্ৰয় কৰা ব্যক্তিৰ নাম আৰু ক্ৰয় কৰা নিৰ্বাচনী বণ্ডৰ মূল্য অন্তৰ্ভুক্ত হ’ব লাগিব।  এছ বি আইয়ে এই ৰায়দানৰ তাৰিখৰ পৰা তিনি সপ্তাহৰ ভিতৰত অৰ্থাৎ ২০২৪ চনৰ ৬ মাৰ্চৰ ভিতৰত ওপৰৰ তথ্যসমূহ নিৰ্বাচনী আয়োগক দাখিল কৰিব”। একেদৰে আয়োগে তথ্যসমূহ তথ্য লাভ কৰাৰ এসপ্তাহৰ ভিতৰত অৰ্থাৎ ১৩ মাৰ্চ, ২০২৪ৰ ভিতৰত নিজৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More