চীনা কাকতৰ এটা সম্পাদকীয়ই জোকাৰিছে জি-৭ ক

ভাৰতৰ প্ৰসঙ্গলৈ জি-৭ দেশসমূহক চীনৰ কটাক্ষ

0 19

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে’ : চীনৰ চৰকাৰ নিয়ন্ত্ৰিত ‘গ্লোবেল টাইমছ’ৰ কালি প্ৰকাশ হোৱা এটা সম্পাদকীয় প্ৰৱন্ধত ভাৰতৰ সপক্ষে অৱস্থান কৰি চীন চৰকাৰে উন্নত দেশসমূহৰ সংগঠন জি-৭ ক সমালোচনা কৰিছে। উল্লেখযোগ্য যে, যোৱা সপ্তাহত দেশৰ খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতবৰ্ষই ঘেঁহু ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত ক্ষুন্ন হৈ জি-৭ দেশসমূহৰ কৃষি মন্ত্ৰীসকলে ভাৰতৰ এই স্থিতিক সমালোচনা কৰিছিল। সম্পাদকীয়টোৰ যোগেদি চীনে জি-৭ দেশসমূহক কৈছে যে, ভাৰতক এই ক্ষেত্ৰত সমালোচনা কৰি বিশ্বৰ খাদ্য সমস্যাটো সমাধান কৰিব নোৱাৰি। ভাৰতক সমালোচনা কৰাতকৈ জি-৭ ৰ দেশসমূহে নিজেই ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰি বিশ্বত খাদ্য যোগানৰ পৰিস্থিতিটো স্বাভাৱিক কৰিবলৈ আগবাঢ়ি নাহে কিয় বুলি কাকতখনে প্ৰশ্ন কৰিছে। কাকতখনে লগতে আৰু কয় যে, ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় বৃহৎ দেশ যদিও ইয়াৰ ৰপ্তানিৰ পৰিমাণ অতি সামান্য। ঘেঁহু ৰপ্তানিৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, ইউৰোপীয় সংঘ আৰু অষ্ট্ৰেলিয়া শীৰ্ষস্থানত থকাৰ পাছত ভাৰত বা আন উন্নয়নশীল ৰাষ্ট্ৰসমূহক ইয়াৰ বাবে জগৰীয়া কৰি সমালোচনা কৰাটো অনুচিত। পৰম্পৰাগত ভাৱে ভাৰতৰ এখন বৈৰী দেশ হিচাপেই পৰিচিত চীনৰ এই সাম্প্ৰতিক মন্তব্য কূটনৈতিক ভাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More