জান

0 419

ডাঃ সুৰজিত গিৰি

“ছাৰ ভেণ্টিলেটৰ মেচিনটো নিজে নিজে বন্ধ হৈ গল।আকৌ চলাব চেষ্টা কৰিছোঁ,কিন্তু হোৱা নাই।সম্পূৰ্ণৰূপে চাট ডাউন হৈ গ’ল।”

সৰ্বনাশ কি হ’ব এতিয়া?পাপৰিৰ নিঠৰ দেহ আৰু মনিটৰলৈ চালো।তাই আমাৰ কথোপকথন শুনি আছিল।হৃদপিণ্ডৰ হাৰ ১১০ৰ পৰা গৈ ১৫০ হৈছিলগৈ।যদিও পাপৰি মৃতপ্ৰায়, তথাপি তাই আমাৰ কথা-বতৰাবোৰ শুনি আছিল।কিন্তু
পাৰালাইচিছ ব্যক্তিৰ দৰে তাইৰ সকলো মাংসপেশী অৱশ হৈ আছিল।

২৫ অক্টোবৰ তাৰিখে পাপৰিয়ে ৰাতি ৯:৩০ মান বজাত আঠুৱা তৰি শুবলৈ বুলি বিচনাত উঠিছিল।কেইটা বজাত টোপনি গৈছিল তাইৰ মনত নাই।কিন্তু ৰাতি ২:৩০ মান বজাত পিঠিৰ বাওফালে কিবা এটাই যেন খোচা নিচিনা অনুভৱ কৰে।তাই টোপনিৰপৰা সাৰ পাই দেখে বিছনাত এডাল কিছ-কিছিয়া ক’লা ৰঙৰ সাপ।তাই ভয়তে চিঞৰি দিয়ে।ছোৱালীৰ বিকট চিঞৰত ওচৰতে শুই থকা মাক-দেউতাক সাৰ পাই উধাতু খাই পাপৰিৰ ওচৰলৈ দৌৰি আহে।

:দেউতা, বিছনাত এডাল সাপ আছে। কপি-কপি পাপৰিয়ে কথাখিনি কয়।

দেউতাকে বিচনাখন চলাথ কৰি সাপডাল বিচাৰি নাপালে।তেওঁলোকে সপোন দেখিছিল বুলি ভাবিছিল।কিন্তু এইয়া কি?

গাৰু গিলিপৰ ভিতৰত দেখোন এডাল ক’লা ৰঙৰ সাপ সোমাই আছে।ঘৰৰ মানুহে সাপডাল মাৰি ফটো তুলি থৈ দিয়ে।

হুলস্থুলীয়া পৰিবেশৰ মাজতে প্ৰায় ৩ মান বজাৰ পৰা পাপৰিৰ গাটো বেয়া লাগিছে বুলি কব আৰম্ভ কৰে।মাক দেউতাকৰ কি কৰোঁ কি নকৰোঁ লাগি যায়?এই ৰাতিখন কোনখন হস্পিটেললৈ যাব? তাৰ সমান্তৰাল ভাবে তেওঁলোকে চাৰি চকীয়া বাহন বিচাৰিব আৰম্ভ কৰে।শেষ ৰাতিৰ কথা। ফোনা-ফোনি কৰি শেষত যেনিবা তেওঁলোকে গাড়ী এখন যোগাৰ কৰে।

তেওঁৰ অঙহী-বঙহী সকলোৱেই ডিমৌ হস্পিটেললৈ স্থানান্তৰিত কৰিবলৈ পৰামৰ্শ দিয়ে।তেওঁলোকৰ ঘৰ চৰাইদেউ জিলাৰ টিমন অঞ্চলত। সোঁফালে মেডিকেল কলেজ আৰু বাওঁফালে প্ৰায় সমান দুৰত্বত ডিমৌ গ্ৰাম্য চিকিৎসালয়।তেওঁলোকৰ ঘৰৰ পৰা ডিমৌ হস্পিটেললৈ দূৰত্ব প্ৰায় ৬০ কিলোমিটাৰ মান হব।পুৱতি নিশাৰ কথা, এণ্টিভেনম বেজীবোৰ ক’তো নাপালেও ডিমৌ হস্পিটেলত পাব বুলি তেওঁৰ আত্মীয়ই দেউতাকক পৰামৰ্শ দিয়ে।শেষত তেওঁলোক মেডিকেল কলেজখন এৰি এখন গ্ৰাম্য চিকিৎসালয়লৈ বুলি ঢাপলি মেলে।

ডিমৌ হস্পিটেললৈ বুলি আহি থাকোঁতে পাপৰিয়ে এবাৰ বমিও কৰে আৰু লাহে লাহে গা বিষ হ’ব আৰম্ভ কৰে।সেইয়াই আমাৰ কাৰণে সোণালী সুযোগ আছিল।এই মূহুৰ্তত এণ্টিভেনম বেজী প্ৰয়োগ কৰাহেঁতেন পাপৰি তৎক্ষণাৎ সুস্থ হোৱাৰ অৱকাশ আছিল।কিন্তু আমি সোণালী সুযোগটো নাপালোঁ।তেওঁলোক ডিমৌ হস্পিটেল আহি পাবলৈ আৰু প্ৰায় ডেৰ ঘণ্টা মান লাগিব।

যি কি নহওঁক, ৰাতিপুৱা প্ৰায় ৪:৩০ মান বজাত তেওঁলোক ডিমৌ হস্পিটেলত উপস্থিত হয়।কৰ্তব্যত থকা চিকিৎসক ডাঃ গৌৰৱ চৌধুৰী, নাৰ্চ টনো, বাৰ্বীয়ে, ববীয়ে তৎক্ষণাৎ ২০টা এণ্টিভেনম বেজী প্ৰয়োগ কৰে।

ফোনটো দুবাৰ মান বাজি আছিল, কিন্তু তৃতীয় বাৰতহে মই ফোনৰ শব্দত সাৰ পাও!সময় ৰাতিপুৱাৰ ৪:৪০।

: ছাৰ,ৰাতি ২:৩০ মানত কামুৰিছে বুলি কৈছে। এণ্টিভেনম বেজী দিয়া হৈছে কিন্তু ছোৱালী জনীৰ মাত-কথা নাই। হুৱাটছ এপত সাপৰ ফটোটো পঠাই দিছোঁ।আপুনি চাওকচোন।স্বাস্থ্যকৰ্মী সীমান্তই একে উশাহতে কথাখিনি কৈ যায়।

কথা ভীষণ দেখি শোৱাপাটীৰপৰা একে জপে উঠি বাৰাণ্ডা পালোগৈ।বাহিৰত তেতিয়া গভীৰ আন্ধাৰ আছিল।বিষাক্ত সাপৰ ফটোটো চাই তৎক্ষণাৎ ডাঃগৌৰৱক ফোন কৰিলোঁ-

: গৌৰৱ, বিষাক্ত ক’লা শংখচূড় সাপ(Bungurus niger)হয়।সম্ভৱ তাইক দুবাৰ খুটিছে।কাৰণ এই সাপে দংশন কৰিলে আমি প্ৰায়ে গম নাপাওঁ আৰু বিহৰ লক্ষণবোৰ ৩-৪ ঘণ্টা মানৰ পাছতহে পৰিস্ফুট হব ধৰে। সম্ভৱ তাই সাপডালৰ লগত ১০ বজাৰ পৰাই শুই আছিল।ৰাতি প্ৰায় ১০-১২ মান বজাত চাগে তাইক শৰীৰৰ ক’ৰবাত দংশন কৰিছে, যিটো তাই গম পোৱা নাছিল। সেই দংশনৰ লক্ষণবোৰহে এতিয়া দেখা দিছে। ৰাতি ২:৩০ মিনিটৰ দ্বিতীয় কামোৰৰ বিহৰ ক্ৰিয়া হ’বলৈ আৰু বাকী আছে।তাইক অত্যাধিক বিহ ঢালিব পাৰে।তাইক ভেণ্টীলেচন লাগিব।

কিন্তু ডিমৌ হস্পিটেলত যে ICU নাই।সৰ্প দংশনৰ পাছত এক ঘণ্টাৰ ভিতৰত অহা ৰোগীৰ চিকিৎসা আমাৰ স্বাস্থ্যকৰ্মীসকলে ICU নোহোৱাকৈ সফলতাৰে চিকিৎসা কৰি আহিছে।কিন্তু পাপৰিৰ দৰে এই সাপে দংশনৰ কৰাৰ পাছত হস্পিটেল দেৰিকৈ অহা ৰোগীৰ ক্ষেত্ৰত ভেণ্টীলেচনৰ প্ৰয়োজনীয়তা প্ৰায়ে আহি পৰে।

এইবাৰ শেনৰ এজাত।ইমানদিনে এই অতি বিষাক্ত সাপৰ এবাৰ দংশন কৰা ৰোগীহে আমি সফলতাৰে চিকিৎসা কৰি আছিলোঁ।কিন্তু দুবাৰ দংশন কৰা ৰোগীৰ আমি চিকিৎসা কৰা নাই।অৰ্থাৎ পাপৰিৰ দেহত অত্যাধিক মাত্ৰাত বিহ ঢলাৰ থল আছে।এই সাপৰ বিহে লাহে লাহে গোটেই মাংসপেশীবোৰ অৱশ কৰি দিয়ে।লাহে লাহে পাপৰি এটা জীৱিত মৃতদেহলৈ পৰিবৰ্তিত হব।অলপ চিন্তিত আছিলোঁ।এই সাপডালৰ নামমাত্ৰ বিহে ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।কিন্তু পাপৰিক অত্যাধিক মাত্ৰাত বিহ প্ৰয়োগ কৰিছে।আমি চাগে হাৰি যাম।এই সাপৰ মাত্ৰাধিক বিহৰ সমস্যাবোৰৰ বিষয়ে আমি জ্ঞাতও নহয়।সম্ভাব্য পৰাজয়ৰ কথা ভাবিয়েই মই ডাঃ গৌৰৱক ডিব্ৰুগড় ৰেফাৰ কৰিব পৰামৰ্শ দিও।

বাৰাণ্ডাত অলস ভাৱে চকীখনতে বহি থাকিলো।বিভিন্ন চিন্তাই মনটো ভাৰাক্ৰান্ত কৰিছিল।আজি আমাৰ চিকিৎসালয়ত এখন ICU থকাহেঁতেন? হয় তেওঁলোক দেৰিকৈ হস্পিটেলত আহি পাইছে।কিন্তু তেওঁলোকৰ একো দোষ নাই!তেওঁলোকে যেতিয়া গম পাইছে,তৎক্ষণাৎ হস্পিটেললৈ বুলি ঢাপলি মেলিছিল।তেওঁলোক এখন মেডিকেল কলেজ নগৈ এখন গ্ৰাম্য চিকিৎসালয়লৈ বুলি ধাৱমান হৈছিল।একমাত্ৰ এক অগাধ বিশ্বাসৰ বাবে।বিশ্বাস ডিমৌ চিকিৎসালয়ৰ প্ৰতি, বিশ্বাস ডিমৌ চিকিৎসালয়ৰ চিকিৎসা কৰ্মীসকলৰ প্ৰতি।ডিমৌ হস্পিটেলত ভৰষাত এক গভীৰ বিশ্বাসত তেওঁলোক আহিছিল।আমি জানো তেওঁলোকৰ বিশ্বাসক সন্মান দিব পাৰিছো?এই মুহূৰ্ত্তত তেওঁলোক দিশহাৰা।এনেকুৱা অৱস্থাত ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ স্থানান্তৰিত কৰিলে তাইৰ ৰাস্তাতে মৃত্যু হব।কেনেবাকৈ ডিব্ৰুগড়ৰ মেডিকেল কলেজত উপস্থিত হলেও পাপৰিৰ শৰীৰত অক্সিজেনৰ মাত্ৰা কমি মগজুৰ বিস্তৰ ক্ষতি হব পাৰে।তদুপৰি এই ব্ৰহ্ম পুৱাতে আমাৰ কণিষ্ঠ চিকিৎসকলহে কৰ্ত্যবত থাকিব।তেওঁলোকে পাপৰিৰ জটিলতম অৱস্থাটোৰ চিকিৎসা কৰিব অসুবিধা পাব পাৰে।তেওঁলোকৰ এই সাপৰ বিহৰ চিকিৎসা কৰাৰ অনুভৱ নাথাকিব পাৰে।আমাৰ অনুভৱ আছে,কিন্তু যন্ত্ৰ-পাতিৰ অভাৱ।তেনেহলে কি ২২ বছৰীয়া পাপৰিৰ অকাল মৃত্যু হব নেকি?এখন তুলাচনীত গোটেইখিনি জুখি চাব চেষ্টা কৰিলোঁ।

নাই আমি যুঁজিবই লাগিব।যিমানেই বিহ নিদিয়ক কিয় এঘড়ী যুঁজি চাও।ৰাতিপুৱাৰ পোহৰে ৰাতিৰ আন্ধাৰ ফালি এটা নতুন দিনৰ আৰম্ভণিৰ সংকেত দিছিল।ৰাতিপুৱাৰ মিঠা বতাহজাকে মোকো যেন দৃঢ় হবলৈ সাহস দিছিল।ফোনটো হাতত লৈ ডাঃ গৌৰৱক আকৌ ফোন কৰি দৃঢ়তাৰে কওঁ-

:প্ৰগতি হস্পিটেললৈকে পঠাই দিয়া।চেষ্টা কৰি চাও। এণ্টিভেনম বেজী আৰু কেলচিয়ামৰ বেজী কেইটা শেষ কৰি প্ৰগতি (ব্যক্তিগত) হস্পিটেলৰ ICU লৈ পঠাই দিয়া।মই বাকী ব্যৱস্থাবোৰ কৰিম।

ডিমৌ হস্পিটেল আৰু প্ৰগতি হস্পিটেলৰ দূৰত্ব প্ৰায় ২০ কিলোমিটাৰমান হব। ডাঃ গৌৰৱয়েও ততাতৈয়াকৈ পাপৰিক স্থানান্তৰ কৰিবলৈ যা-যোগাৰ কৰে।

ৰাতিপুৱা প্ৰায় ৬ মান বজাত পাপৰি প্ৰগতি ICU ত উপস্থিত হয়।তাইৰ মৃতপ্ৰায় অৱস্থা দেখি মনটো সেমেকি গৈছিল।তাই বাৰু এনে অৱস্থাৰপৰা সুস্থ হবনে?

ডিঙিটো সোফালে বেকা হৈ আছিল,জিভাখন উলিওৱাব দিব কলে বাহিৰলৈ উলিয়াব পৰা নাছিল, চকুকেইটা মেলা বুলি কলে মেলিব নোৱাৰিছিল,সম্পূৰ্ণৰূপে জাপ খাই আছিল।নামটো কব কলে নোৱাৰিছিল, মাত্ৰ এবাৰ-দুবাৰ মূৰটো জোকাৰিছিল।ক’ত কামুৰিছে দেখাই দিয়াচোন বুলি কলে হাতখন দাঙি দেখুৱাই দিছিল।অৰ্থাৎ সাপৰ বিহে মগজু, ডিঙি, মুখ, চকু আদিৰ স্নায়ু সম্পূৰ্ণৰূপে অৱশ কৰিছিল।কিছু সময়ৰ পাছত হাত আৰু ভৰিৰ মাংসপেশীবোৰ অৱশ হব।ৰোগী গৰাকীয়ে সকলো শুনি থাকে,কিন্তু হাত, ভৰি লৰচৰ কৰিব নোৱাৰে।এটা যেন জীৱিত মৃতদেহলৈ পৰিবৰ্তিত হব।এই অৱস্থাটোক লক’ড
(LOCKED)বুলি কোৱা হয়।

: পাপৰি তুমি চিন্তা নকৰিবা।তোমাক সুস্থ কৰিবলৈ মই তোমাৰ শ্বাসনলীত এডাল পাইপ ভৰাম।দুদিনৰ পাছত উলিয়াই দিম।সকলো ভাল হৈ যাব।

তাই মূৰটো জোকাৰি প্ৰত্যুত্তৰ দিয়ে।আমি জানিছিলো কিছু সময়ৰ পাছত সেয়াও কৰিব নোৱাৰিব!

শ্বাসনলীত পাইপডাল ভৰাই ভেণ্টীলেটৰ মেচিন সংযোগ কৰি দিও।এতিয়া মাথোঁ ভাল সময়লৈ অপেক্ষা।

:ছাৰ, যেনে-তেনে মোৰ ছোৱালীজনী বচাই দিয়ক। তাই বৰ আলসুৱা। দেউতাকে ঠুকা-ঠুকি মাতেৰে অনুনয়-বিনয় কৰে।

তেওঁৰ কান্ধত থৈ কওঁ-

:আমি শেষলৈকে যুঁজিম।আমাক ৭২ ঘণ্টা সময় দিয়ক।পাপৰিক অকালতে মৰহি যাব নিদিওঁ।

দেউতাকক আশ্বাস দি টিকটখনত যাৱতীয় বিধানবোৰ লিখি আছিলোঁ।সেই সময়তে টেকনিচিয়ান ন’বৰ কথাখিনিয়ে মোৰ কাণ-মূৰ গৰম কৰিছিল।কি কৰোঁ কি নকৰোঁ লাগিছিল।

‘ছাৰ ভেণ্টিলেটৰ মেচিনটো হঠাৎ বন্ধ হৈ গল।আকৌ ষ্টাৰ্ট কৰিব চেষ্টা কৰিছোঁ,কিন্তু হোৱা নাই।সম্পূৰ্ণৰূপে চাট ডাউন হৈ গল।”

তৎক্ষণাৎ মেচিনটোৰ সংযোগবোৰ আঁতৰাই হাতেৰে বেগ মাৰি পাপৰিক অক্সিজেন দিয়াৰ ব্যৱস্থা কৰা হয়।বৰ বিমূঢ়ত পৰিছিলোঁ।মেকানিকজনক ফোন কৰা হল।১১ মান বজাতহে আহি পাব।বৰ্তমান তেওঁ শিৱসাগৰৰ ওচৰে পাজৰে নাই। কি কৰা যায়?এলভিছ ৰহমানৰ সৰু PORTABLE ভেণ্টীলেটৰ আনি লগাই চোৱা হল।স্বস্থ্যকৰ্মী ৰাজীৱৰো সহায় লোৱা হয়। উহো কাম নকৰিলে।

সোনকালে মই এটা সিধান্ত লব লাগিব। ৰাতিপুৱা ৭ বাজিছেহে।মেকানিক আহি পাওঁতে ১১ বাজিব। মেকানিকে চাব।ভাল নোহোৱাৰো অৱকাশ আছে।আমাৰ স্বাস্থ্যকৰ্মী সকলে কিমান দেৰিলৈকে হাতেৰে বেগ মাৰি মাৰি পাপৰিক জীয়াই ৰাখিব? যন্ত্ৰ আৰু মানুহৰ কাম একে হব নোৱাৰে।এসময়ত তেওঁলোকো ভাগৰি যাব।

পাপৰিৰ বাৰু আয়ুস নাই নেকি?এনেকুৱা এটা সমস্যাৰ সম্মুখীন কোনোদিনে হোৱা নাছিলোঁ।তাইৰ ভাগ্যই বেয়া নেকি? অত্যাধিক মাত্ৰাত বিহ, ভূতৰ ওপৰত
দানহ পৰাদি ভেণ্টীলেটৰ মেচিনটো কাম কৰা নাই!পাপৰিৰ এনেকুৱা অৱস্থাত এফালৰ পৰা সিফালে স্থানান্তৰিত কৰি থাকিলে আমি তাইক সুস্থ কৰিব নোৱাৰিবও পাৰোঁ।

আমাৰ হাতত দুটা ৰাস্তা আছিল হয় ডিব্ৰুগড়, নহয় চুকাফা হস্পিটেলৰ ICU. শিৱসাগৰৰ জিলা চিকিৎসালয়খনত ICU আছে যদিও এতিয়ালৈকে ভালকৈ ঠন ধৰি উঠা নাই।অদৃশ্য শক্তিয়ে যেন মোৰ পৰীক্ষাহে লৈছিল।

চুকাফা হস্পিটেলৰ ডাঃ দীপাংকৰ, ডাঃ আশীষ, ডাঃ জয়ক ফোন কৰি icu ৰ এটা বিছনা আৰু ভেণ্টিলেটৰটো ঠিক কৰিবলৈ কৈ যাবতীয় বিধান দি পাপৰীৰ দেউতাক আৰু মাক মাতি আনি বহুৱাই কলোঁ –

:আপোনালোকে বেছি চিন্তা নকৰিব।২-৩ দিনত তাইৰ সংজ্ঞা আহিব।সকলো ভাল হব।

কথাষাৰ তেওঁলোকৰ কাৰণে সঞ্জীৱনীৰ দৰে হৈছিল। তেওঁলোকৰ মুখৰ উজ্জ্বলতাই সেইয়া প্ৰমাণ কৰিছিল।

অলপ দেৰি থমকি ৰলো।তাৰপাছত আকৌ কলো-

:এটা সৰু সমস্যা হৈছে।আপোনালোকে আকৌ ১০ কিলোমিটাৰ মান উভটনি যাত্ৰা কৰিব লাগিব। হঠাৎ ভেণ্টিলেটৰ মেচিনটো বেয়া হৈ গল।তাইক চুকাফা হস্পিটেললৈ স্থানান্তৰিত কৰিব লাগিব। যিহেতু শিৱসাগৰ চহৰৰপৰা ডিমৌলৈ যোৱা ৰাস্তাতে চুকাফা হস্পিটেল, মই ডিমৌ হস্পিটেললৈ যাওঁতে আৰু ঘূৰি আহোঁতে তাইৰ খবৰ লম আৰু ডাক্তৰসকলৰ লগত যোগাযোগ কৰি থাকিম।চিন্তা নকৰিব।

কিছু ক্ষণৰ আগলৈকে তেওঁলোকে মনত যি প্ৰশান্তি পাইছিল, সেইয়া যেন নিমিষতে নাইকীয়া হৈছিল। তেওঁলোকে একো উত্তৰ দিব পৰা নাছিল।ডিমৌ হস্পিটেল, তাৰ পাছত প্ৰগতি হস্পিটেল আৰু এইবাৰ চুকাফা হস্পিটেল।

মাক-দেউতাকে মোৰ মুখলৈ থৰ লাগি চাই থাকিল।

ৰেফাৰ কাগজখন দেউতাকে কপা কপা হাতেৰে লৈছিল। তেওঁৰ কঁপনি মই অনুভৱ কৰিব পাৰিছিলো। তেওঁৰ অসহায়তা মই অনুধাৱন কৰিব চেষ্টা কৰিছিলোঁ।

হাতেৰে বেগ মাৰি মাৰি প্ৰগতি হস্পিটেলৰ স্বাস্থ্যকৰ্মী নবই পাপৰি জীৱিত মৃতদেহ চুকাফা হস্পিটেল লৈ স্থানান্তৰিত কৰে।পাপৰি ১০ কিলোমিটাৰ দূৰত্বত থকা চুকাফা হস্পিটেল সুকলমে পাবনে? কিছু সময়ৰ পাছত পাপৰি চুকাফা হস্পিটেলত সুকলমে উপস্থিত হোৱাৰ খবৰ ডাঃ আশীষ আৰু ডাঃ জয়ে মোক জনায়।তেওঁলোকক যাবতীয় বিধান দি কিবা অসুবিধা থাকিলে ফোন কৰিব কওঁ।

চুকাফা হস্পিটেলৰ কৰ্মৰত সকলো চিকিৎসক নাৰ্চে আমাৰ বিধানবোৰ আখৰে-আখৰে পালন কৰিছিল!পাপৰিৰ স্বাস্থ্যৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকে মোক সম্পূৰ্ণৰূপে সহযোগ কৰিছিল।

পপৰিৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা বৰ সন্তোষজনক নহয়।সেইবাবে চুকাফা হস্পিটেলত কৰ্মৰত মোৰ সহপাঠী ডাঃ মনোজ চেতিয়া, নাক-কান-ডিঙি বিভাগৰ ডাঃ কেশবানন্দ কোঁৱৰক লগত গৈ হস্পিটেলখনৰ পৰিচালক মহোদয় ডাঃ
গৌতম দাস ছাৰক পাপৰিৰ পৰিয়ালক আৰ্থিকভাবে কিছু সকাহ দিবলৈ অনুৰোধ কৰোঁ।তেওঁলোকৰ সঁহাৰি ইতিবাচক আছিল।

সৰ্প দংশন বিষয়টোত আমি যুদ্ধ কৰিব লগা হৈছে সমাজৰ অন্ধ বিশ্বাসবোৰৰ বিৰুদ্ধে, গ্ৰাম্য চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীসকলৰ ভয়ৰ বিৰুদ্ধে লগতে ৰোগীৰ আত্মীয়ৰ অৰ্থনৈতিক দুৰৱস্থাৰ বিৰুদ্ধে।এই যুদ্ধখন কেতিয়া শেষ হব আমি নাজানো। আমি মাত্ৰ আমাৰ কৰণীয়খিনি কৰি গৈছো।

আমি ভবাৰ দৰেই প্ৰথম ২৪ ঘণ্টা পাপৰি চুকাফা হস্পিটেলৰ ICUত লকড হৈ থাকিল। মানে তাই সকলো শুনি থাকে কিন্তু লৰচৰ কৰিব নোৱাৰিছিল।সম্পূৰ্ণ অৱশ। তাইৰ কাণৰ ওচৰত গৈ তাইক সাহস দিব চেষ্টা কৰি কলো :

:পাপৰি ৪৮ ঘণ্টাত মানত ভাল হৈ যাব। মুখত পাইপ দি থোৱা আছে।দুদিনত ওলোৱাই দিয়া হব।মই জানো তুমি শুনি আছা।মই খবৰ লৈ থাকিম।

মনিটৰলৈ চালো হয় তাই শুনি আছে, হৃদপিণ্ডৰ হাৰ এক মিনিটত ১০০ পৰা ১৩০ লৈকে বাঢ়িছিল।

২৪ ঘণ্টাত তাই কিছু সুস্থ হৈছিল।প্ৰায় ৩২ ঘণ্টাত পাপৰীৰ হাতৰ আঙুলিবোৰ সক্ৰিয় হৈছিল।মই তাইক ভিজিট দিয়া সময়ত খাদ্যৰ বাবে দিয়া নাকৰ পাইপ, শ্বাস নলীৰ পাইপ আৰু চকু মুদিয়েই কিবা এটা যেন তাই কব চেষ্টা কৰিছিল।এই সাপৰ বিহে প্ৰায় ৪-৭ দিনলৈকে চকুৰ পতা কেইটা অৱশ কৰি ৰাখে বাবে চকু মেলিব নোৱাৰে।কোনোবা এজনে হাতেৰে চকুৰ পতা কেইটা মেলি দিলেহে তেওঁ চকুৰে দেখা পায়।এতিয়ালৈকে পাপৰিয়ে মোক দেখা পোৱা নাছিল।তাই মোক চিনি নাপায়।কিন্তু মোৰ কথা এই কেইদিন শুনি আছিল।

এখন কাগজ আৰু কলম দিয়াত
তাই লিখিছিল-

: ডিমৌৰ ছাৰ, আপুনি আহিলে।মই অলপ ভাল পাইছোঁ।

পাপৰিয়ে মোক এবাৰও দেখা নাই। মই যেতিয়াৰপৰা তাইক পাইছোঁ,তাইৰ চকু কেইটা মুদ খাই আছিল।এতিয়াও মুদ খাই আছে।কিন্তু তাই মোৰ মাতটো চিনিব পাৰিছে।মানে তাই সকলো শুনি আছিল।তাই যে ল’কড হৈ আছিল,সেইয়া তাই প্ৰমাণ কৰে।

আকৌ যেন তাই কিবা এটা লিখিব বিচাৰিছিল।কাগজ আৰু কলম আগ বঢ়াই দিয়া হয়। তাই কাগজখনত ভঙা ভঙা কৈ লিখে-

: জান

মাকে নামটো দেখি হাঁহিলে।

মই সুধিলোঁ-

: জান কোন?

ICUৰ দুৱাৰ মেলি ২২-২৩ বছৰীয়া সুঠাম ডেকা লৰা এজন সোমাই আহে।মাকে পাপৰিক কয়-

: পাপৰি, জান আহিলে।

পাপৰিয়ে হাতেৰে ইংগিত দি জানক ওচৰলৈ মাতে :

পাপৰিয়ে জানৰ হাতখন জোৰেৰে খামুচ মাৰি ধৰে।এইয়া যেন এক মৰমৰ খামুচ।বিপদত এৰি নোযোৱাৰ কাৰণে ধন্যবাদৰ খামুচ।ইজনে সিজনক লগ নেৰাৰ
প্ৰতিশ্ৰুতিৰ খামুচ।জীৱনে-মৰণে এক হোৱাৰ খামুচ।

প্ৰায় ৫১ ঘণ্টাত পাপৰিৰ ভেণ্টীলেচন খুলি দিয়া হয়।লাহে লাহে তাই সুস্থ হব আৰম্ভ কৰে।আকৌ যেন প্ৰমাণ হল অসমৰ যিমানেই বিষাক্ত সাপ নহওঁক বা যিমানেই বিহ নাঢালক কিয়, ইয়াৰ সম্পূৰ্ণ মেডিকেল চিকিৎসা আছে।

সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত নাৰ্চক পাপৰিৰ শৰীৰটো তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিওঁ।প্ৰথম কামোৰটো ক’ত পৰিছিল জানিবলৈ উৎসুক হৈ আছিলোঁ।আমি ভবাটোৱেই হয়।পাপৰিৰ সো বাউসীত দাঁতৰ চিহ্ন দেখা গ’ল। অৰ্থাৎ সেইটো সাপডালৰ প্ৰথম কামোৰ আছিল। সম্ভৱ ৰাতি ১১ মান বজাত।পাপৰিয়ে সেইয়া কিন্তু গম নাপালে।তাৰ পাছত পাপৰি আৰু সাপডাল একেলগে বিচনাত শুই থাকিল।কোনোবা পাকত সাপডাল পাপৰিৰ বাও পিঠিৰ ওচৰত বিশ্ৰাম কৰি আছিল।টোপনিৰ জালত বাগৰ মাৰুতেই সম্ভৱ সাপডালে ৰাতি প্ৰায় ২:৩০ মিনিটত দ্বিতীয়বাৰ দংশন কৰে। ভাগ্যে পাপৰিয়ে সাপডাল দেখিলে।নেদেখাহেঁতেন ঘৰৰ মানুহে ৰাতিপুৱা যেতিয়া পাপৰীক ল’কড অৱস্থাত বিছনাত আৱিষ্কাৰ কৰিব, কোনো স্বাস্থ্যকৰ্মীৰ সাধ্য নাই,সেইয়া যে ক’লা শংখচূড় সাপৰ দংশন হব পাৰে বুলি ভাবিবলৈ। এইয়াই অসমৰ নীৰৱ ঘাতক অতি বিষাক্ত ক’লা শংখচূড় সাপ।

পাপৰিৰ সম্পূৰ্ণ আৰোগ্যতাই আকৌ যেন প্ৰমাণ কৰিলে, অসমৰ যিমানেই বিষাক্ত সাপ নহওঁক বা যিমানেই বিহ নাঢালক কিয়,ইয়াৰ সম্পূৰ্ণ মেডিকেল চিকিৎসা আছে।

মাত্ৰ আমাক লাগে পৰস্পৰৰ সহায়-সহযোগ আৰু মৰম। ডিমৌৰ স্বাস্থ্যকৰ্মী, প্ৰগতি হস্পিটেলৰ স্বাস্থ্যকৰ্মী আৰু চুকাফা হস্পিটেলৰ স্বাস্থ্য কৰ্মীসকলৰ সন্মিলিত প্ৰচেষ্টাত আমি যেন হাৰি হাৰি জিকি গলো।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More