মাতৃ বন্দনা

0 101

ডঃ‍‍ লক্ষীপ্রসাদ হাজৰিকা

 

আহিন মাহ, শাৰদীয় দুর্গোৎসৱৰ বতৰত ৰাইজে দুৰ্গা মাৰ বন্দনাত ব্যস্ত হৈ আজৰি হৈছে। মানুহৰ খদমদম, অংশগ্রহণ আদিবোৰ দেখি আশ্বস্ত হ’ব পাৰি যে মাৰ প্ৰতি মানুহৰ শ্ৰদ্ধা-ভক্তি এই যান্ত্ৰিকতাৰ যুগতো যতি পৰা নাই। দুৰ্গা দেৱীক আমি জনাত বিভিন্ন ৰূপত পূজা কৰা হয়। বিদ্যা, ধন-সম্পদ, শক্তি ইত্যাদিৰ গৰাকীও দুর্গা মায়েই। মুঠতে মাতৃয়ে সকলো দিব পাৰে। সমসাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে ‘মোৰ দেশ, মোৰ মাটি’ নামৰ এটা বিশেষ কাৰ্যসূচীও চলাই আছে। ইয়াতো ধৰিত্ৰী বন্দনাকে দেখা পাওঁ। অন্ততঃ চৰকাৰখনে যে ধৰিত্ৰী বা মাটিৰ গুৰুত্ব দেৰিকৈ হ’লেও অনুধাৱন কৰিছে, সেয়াই যথেষ্ট। তথাপি আমাৰ এই দ্বিতীয় গৰাকী মা মানে ধৰিত্ৰী মাৰ ক্ষেত্ৰত আমি যেন সকলো বর্তমানলৈকে নিৰ্বিকাৰ। আমাৰ প্ৰয়োজনীয় সকলো সম্পদ যোগান ধৰি বিনিময়ত আৱৰ্জনা বুকুত সাৱটি ল’বলৈ আমি যেন আইক বাধ্য কৰিছোঁ। মাজে সময়ে অপ্ৰত্যাশিত ঘটনাত জন্মদাত্ৰী মাতৃৰ মৃত্যুৰ পিছত শৱদেহ উৱলি যোৱাৰো বাতৰি পাওঁ। হয়, সেইগৰাকী আমাৰ জন্মদাত্রী তৃতীয়গৰাকী মাতৃ । এই তৃতীয় গৰাকীৰ ভিতৰত যে সকলো আমাৰ বাবে পূজিত হৈ আছে, সেইটো বৰ্তমান এটা সন্দেহজনক বিষয়। অনিবাৰ্য কাৰণৰ বাহিৰে বৃদ্ধাশ্রমত থাকিবলগীয়া মাতৃৰ সংখ্যাই বৰ্তমান আমাক চিন্তিত কৰি পেলাইছে। এয়াই সমসাময়িক ছবি। দুর্গা মা, ধৰিত্ৰী মা আৰু মোৰ জন্মদাত্রী মা সকলোৱেই মা। শক্তি, শান্তি, ঐশ্বৰ্যৰ অফুৰন্ত উৎস দুর্গা মা, ঠিক তেনেকৈ জীৱ-জগতৰ প্ৰতিটো জীৱৰ ক্ষেত্ৰতে জীৱদেহ গঠনত প্ৰায় সকলো পদাৰ্থৰ যোগান ধৰোঁতা মাটি অর্থাৎ ধৰিত্ৰী মা আৰু মোৰ জীৱনৰ আৰম্ভণিতে প্ৰায় সকলোখিনি প্রয়োজনীয় উপাদান প্রদান কৰাৰ লগতে জন্মৰ পিছতো বুকুৰ গাখীৰ খুৱাই মোক ডাঙৰ-দীঘল কৰোঁতা মোৰ জন্মদাত্রী মা একেই। পার্থক্য মাত্ৰ ধাৰণা, উপলদ্ধি আৰু অনুভৱৰ ধৰিত্ৰী আই তথা জন্মভূমি আইৰ বন্দনাৰ বাবে সেইবাবে শ্রদ্ধেয়া নলিনীবালা দেৱীয়ে লিখিছিল—

মেলিলোঁ প্রথম চকু তোমাৰ কোলাতে আই

জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই

জীৱনৰ শেষ সন্ধিয়াত।

এই কবিতা শাৰীত বাইদেৱে নিশ্চয় জন্মভূমি আইৰ বন্দনাই কৰিছে । একেধৰণৰ মাতৃ বন্দনাৰ আৰু এনেকুৱা অলেখ
উদাহৰণ দিব পাৰি। স্কুলীয়া পাঠ্যপুথিত মানক খেদি মাতৃভূমিক উদ্ধাৰ কৰিবলৈ ৰঙামুৱা বীৰক উদগণি জগোৱাগৰাকীও এগৰাকী জন্মদাত্রী মাতৃয়েই আছিল। ঠিক তেনেকৈ নিজৰ জন্মদাতা মাতৃৰ বন্দনাও কোনোগুণে কম নহয়। আন জন্তু-জানোৱাৰৰ আমাৰ দৰে আৱেগ-অনুভূতি আছেনে নাই নাজানো। যি অলপমান দেখা পাওঁ সেইখিনিও জীৱ-জন্তুসমূহৰ মাতৃৰ লগতে সীমাবদ্ধ। গৰু-ছাগলী, কুকুৰ,  মেকুৰী আদিৰ পোৱালিবোৰে জন্ম লৈ সিহঁতৰ পিতৃৰ সন্ধান কৰেনে? বা সিহঁতৰ জৈৱিক পিতৃসমূহে সিহঁতৰ প্ৰতি থকা দায়িত্ব পালন কৰেনে? তেনে জন্তুসমূহৰ ক্ষেত্ৰত আমি যিমানদূৰ দেখা পাওঁ নতুন প্ৰজন্মৰ সম্পৰ্ক মাত্ৰ সিহঁতৰ মাকৰ লগতহে। দিনটোত ঠেঙেৰে এছাৰি এছাৰি পোক-পতংগ বিচাৰি নিজে খুদকণ এটাও মুখত নিদি নিজৰ পোৱালিক ভৰণ-পোষণ দি ভাগৰি নপৰা কুকুৰা চৰাইজনী আমি সকলোৱে দেখি আছোঁ। নিজে খাবলৈ নাপাই চেৰেলা ভতুৱা কুকুৰজনীয়েও তাইৰ পোৱালিকেইটাক গাখীৰ খুৱাই নোদোকা কৰিয়েই ৰাখে। কিন্তু কিমান দিনলৈ তেনে পৰিঘটনা চলি থাকিব বাৰু? এদিন নিশ্চয় সেই চেৰেলা কুকুৰজনীয়ে পুষ্টিহীনতাত ভুগি পৃথিৱীৰপৰা বিদায় ল’ব।

ঠিক একেধৰণৰ পৰিঘটনাই ঘটিবলৈ গৈ আছে নেকি বা ঘটি আছে নেকি আমাৰ ধৰিত্ৰী আইৰ ক্ষেত্ৰতো ? আমি আইৰ সন্তান
বুলি গৌৰৱত বুকু ফিন্দাই ঘূৰি ফুৰা মানুহবোৰে আইৰ স্বাস্থ্যৰ পিনে কোনদিনা চকু ফুৰাম? প্রতি মুহূর্ততে আমি প্রত্যক্ষ বা পৰোক্ষভাৱে আঘাত কৰিছোঁ ধৰিত্ৰী মাৰ বক্ষত। সম্পদ আহৰণৰ নামত আক্রোশী হৈ প্ৰতিজনেই শোষণ কৰিছোঁ আই মাতৃক।

ধৰিত্ৰী আইৰ বক্ষ বৰ্তমান ক্ষত-বিক্ষত। পুষ্টিহীন আৰু বিষাক্ত কৰি পেলাইছোঁ। আইৰ দেহ আজি অসম্ভলিত। আইৰ শিৰৰ সেন্দূৰসদৃশ শুভ্র হিমবাহ আজি মচ খাওঁ খাওঁ। সমগ্ৰ ধৰিত্ৰীৰ বুকুত ৰক্তজালিকাৰ দৰে অৱস্থান কৰা নদ-নদী, জান-জুৰি আদি বৰ্তমান
অসুৰক্ষিত। আনকি আইৰ দেহৰ ৰক্তবাহী ধমনীসমূহো আমি বন্ধ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। কাৰণ আমাক বিদ্যুৎ লাগে। আইৰ
লজ্জা নিবাৰণৰ বাবে পিন্ধি থকা সেউজীয়া কাপোৰযোৰ তেওঁৰ সন্তানে এফালৰপৰা খহাই পেলাইছে। ধৰিত্ৰী আয়ে গ্ৰহণ কৰিব
নোৱাৰা প্লাষ্টিক জাতীয় গোটা আৱৰ্জনাৰ দ’মবোৰ যেন আইৰ দেহৰ ম্যালিয়েন টিউমাৰ। সন্তানৰ খোৱা-কামোৰাত আইৰ দেহ
আজি খণ্ড-বিখণ্ড। সন্তানৰ মুখলৈ চাই আয়ে বৰ্তমান মাত্ৰ হুমুনিয়াহ কাঢ়িছে আৰু ক্ষণ গণিছে মৃত্যুলৈ । সৰু কালত ‘পৰশুৰামৰ মাতৃ হত্যা’ নামৰ এখন পুতলা ভাওনা চাইছিলোঁ। সম্ভৱতঃ আশী-নবৈ দশক, গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰলৈ আমন্ত্ৰণ কৰা পুতলা থিয়েটাৰৰ কেইবাখনো নাটক আছিল— ‘শ্ৰৱণৰ পিতৃ ভক্তি’, ‘দধিচীৰ আত্মত্যাগ’, ‘পৰশুৰামৰ মাতৃ হত্যা’ আদি নাটকে সেই সময়ত খলকনি তুলিছিল। মই আৰু ভাইটিয়ে দেউতাৰ লগত পৰশুৰামৰ মাতৃ হত্যা’ নাটকখন উপভোগ কৰিবলৈ গৈছিলোঁ। পুতলাবোৰৰ ভাৱ-ভংগী, নাচ-গানে মোৰ শিশু মন আপ্লুত কৰিছিল। কিন্তু যেতিয়া পুতলা পৰশুৰামে পিতৃৰ নিৰ্দেশত মাতৃক শিৰচ্ছেদ কৰি হত্যা কৰিলে, তাক দেখি মোৰ মনত প্ৰচণ্ড খং উঠিছিল। পুতলা ভাওনা চাই ঘূৰি আহোঁতে মই দেউতাৰ লগত চাইকেলত নাহি খোজকাঢ়ি আহিলোঁ। কিন্তু বর্তমান ভাৱ হৈছে পৰশুৰামে ভালেই কৰিলে, অন্ততঃ কুঠাৰেৰে একে ঘাপতে মাকক শিৰশ্ছেদ কৰি হত্যা কৰিলে । পৰশুৰামৰ মাকে শাস্তি খাই তিতিলকৈ মৰিব লগা নহ’ল। কিন্তু আমি বর্তমান আইক নিশ্চিত মৃত্যুৰ দুৱাৰদলিলৈ আগবঢ়াই দিছোঁ । কিম্‌অধিকম।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More