জ্যোতি বন্দনাৰে মুখৰ হ’ল তেজপুৰ

ৰূপকোঁৱৰৰ ১২১ সংখ্যক ওপজা দিনত প্ৰাণ পাই উঠিল তেজপুৰৰ  "পকী"

0 26

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক ওপজা দিনটোত আজি পুৱাৰে পৰা প্ৰতিকুল বতৰকো নেওচি ৰূপকোঁৱৰ গৰাকীৰ কৰ্ম সাধনাৰ স্হলী তেজপুৰত ৰূপকোঁৱৰ বন্দনাৰে মুখৰিত কৰি তোলে কেবাটাও অনুষ্ঠানে। ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক “পকী” অৰ্থাৎ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী প্ৰাংগনত ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিত জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰাল ভাৱে জ্যোতি ভাৰতীৰ শিল্পী সোণটি শৰ্মা আৰু আলিম্পন চৌধুৰীৰ নেতৃত্বত সমবেত ভাৱে জ্যোতি সংগীত পৰিৱেশন কৰে একাংশ শিল্পীয়ে। আনহাতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, নাট্যকাৰ- পৰিচালক পুলক কুমাৰ ডেকা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, সাংবাদিক ৰূপজ্যোতি গোস্বামী আদিয়ে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটিত ৰূপকোঁৱৰ গৰাকীৰ জীৱন-দৰ্শনৰ ওপৰত আলোকপাত কৰি ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে পুৰোধা শিল্পী গৰাকীৰ সৃষ্টিৰাজিৰ মহত্ব পকীত সংৰক্ষিত হৈ থকা আপুৰুগীয়া সম্পদ সমূহতে মূৰ্তমান হৈ আছে বুলি মন্তব্য কৰে। আনহাতে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভৱন প্ৰাংগনত থকা আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাই। তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সাহিত্যিক পেঞ্চনৰ ৰামচন্দ্র চুতীয়াই ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিত আৰু তেজপুৰ সাহিত্য সভাৰ উপসভাপতি নবীন চন্দ্ৰ লহকৰে একেলগে থকা কলাগুৰু আৰু নটসূৰ্য্যৰ আৱক্ষ মূৰ্ত্তিত মাল্যৰ্পন কৰাৰ লগতে বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী ৰুমা দেৱী, কন্ঠশিল্পী শ্ৰুতিমালা শইকীয়া, নমিতা লহকৰ, ৰুবী বৰা, কন্ঠশিল্পী কামাল ৰচিদ আহমেদ, বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তাজ হুছেইন, কন্ঠশিল্পী প্ৰদীপ শৰ্মা, আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিশিষ্ট কন্ঠশিল্পী কামাল ৰচিদ আহমেদৰ পৰিচালনাত তেজপুৰৰ শিল্পী সকলে সমবেত ভাৱে “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক জ্যোতি সংগীত পৰিৱেশন কৰে। কন্ঠশিল্পী কামাল ৰচিদ আহমেদ, পৱন দাস আৰু বিতোপন বৰাইও জ্যোতি সংগীত পৰিৱেশন কৰা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাই ৰূপান্তৰৰ শিল্পী গৰাকীৰ জীৱন-দৰ্শনে অসমীয়া জাতিক প্ৰাণ স্পন্দন দি গৈছে বুলি কৈ অসমৰ লোকশিল্পৰ লগতে আইনাম,ধাইনাম, বিয়ানাম আদিক আধুনিক সংগীতত প্ৰথমবাৰৰ বাবে জ্যোতি প্ৰসাদেই ব্যৱহাৰ কৰি সেই সমূহৰ মহত্ব প্ৰতিপন্ন কৰিছিল বুলি মন্তব্য কৰে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় – সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ৰূপকোঁৱৰে দেখুৱাই যোৱা আলোকৰ বাটেৰে আজিও অসমীয়াই বাট বুলিব পাৰিলে অসমৰ শান্তি-সম্প্ৰীতি কেতিয়াও বিঘ্নিত নহ’ব বুলিও আশা ব্যক্ত কৰে সভাপতি কলিতাই। ইয়াৰোপৰি তেজপুৰৰ ঘৰপৰা চুবুৰীৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ উদ্যোগত বিশিষ্ট নৃত্যশিল্পী দীপা দাসৰ পৰিচালনাত ৰূপকোঁৱৰৰ আজিৰ ওপজা দিনটোত শিক্ষাৰ্থী সকলে পৰিবেশন কৰা জ্যোতি নৃত্যই সকলোকে আপ্লুত কৰি তোলে। নৃত্যশালাৰ অধ্যক্ষা দীপা দাস, দেৱেন হাজৰিকাকে ধৰি একাংশ ব্যক্তিয়ে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ কৰা অনুষ্ঠানটিত শিক্ষাৰ্থী সকলৰ অভিভাৱক সকলেও অংশ গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More