তেজপুৰৰ ঔগুৰি পাহাৰ গতালে হোটেল কোম্পানীক

প্ৰয়োজনত আদালতৰ দ্বাৰস্থ হ’ব ৰাইজৰ দল

0 110

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ যিসময়ত ৰাজ্যৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে,সেই সময়তে তেজপুৰৰ ঔগুৰি পাহাৰ গতাই দিয়া হৈছে কোনো ব্যৱসায়িক৷ তেজপুৰীয়া ৰাইজৰ অজ্ঞাতে তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত তথা চৰকাৰী অনুমোদনত এই কাৰ্য কৰা হৈছে৷ প্ৰনিধানযোগ্য যে,ঔগুৰি পাহাৰৰ কাষতে উত্তৰ অসম বনসংমণ্ডল বিষয়াৰ কাৰ্যালয় থকাৰ লগতে চৰকাৰী ভাবে এখন উদ্যান স্হাপন কৰা হৈছে৷ এই উদ্যানৰ গাতে লাগি থকা পাহাৰটোৰ শীৰ্ষ অংশৰ বৃহৎ পৰিমাণৰ এটা অংশ এতিয়া তেজপুৰ হোটেল প্ৰাইভেট লিমিটেডৰ দখলত৷ বৃহৎ ফলক আঁৰি পাহাৰটোত খননো চলাই থকা হৈছে৷ আজি তেজপুৰস্হিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক অলক নাথ, জিলা সভাপতি ৰবীন বৰা আৰু দলটোৰ আন এগৰাকী কৰ্মকৰ্তা জিন্তু বৰঠাকুৰে এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি এই কাৰ্যৰ আঁৰত ভূ মাফিয়াৰ লগতে ৰাজনৈতিকভাবে ক্ষমতাশালী লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰি কয় যে,২০০৪ৰ এক নিৰ্দেশৰ শেহতীয়া সালসলনিৰে এই পাহাৰৰ অংশ এনেদৰে কাৰোবাৰ ব্যক্তিগত সম্পত্তি কৰিবলৈ এৰি দিয়া হৈছে৷ প্ৰনিধানযোগ্য যে, ইয়াৰপূৰ্বে ঔগুৰি পাহাৰৰ এই অংশত আন এক ব্যৱসায়ীক গোষ্ঠীয়ে হোটেল নিৰ্মাণৰ বাবে পাহাৰটো খান্দিবলৈ লোৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হোৱাত সেই কাৰ্য বন্ধ হৈ পৰে৷ ২০০৯ৰ এই ঘটনাৰ পাছত ইমানদিনে পাহাৰটো সুৰক্ষিত হৈ আছিল যদিও বৰ্তমান পুনৰ নথিৰ সালসলনিৰে পাহাৰটো ব্যক্তিগত সম্পত্তিৰ দৰে গটাই দিয়া হৈছে৷ তেজপুৰৰ প্ৰাকৃতিক সুৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ পাহাৰটোত শেহতীয়াকৈ তেজপুৰ হোটেল প্ৰাইভেট লিমিটেডৰ চাইনবৰ্ড স্হাপন কৰা কাৰ্যৰ আঁৰত গভীৰ ৰহস্য থকাৰ বিষয়ে উল্লেখ কৰি ৰাইজৰ দলৰ নেতা কেইজনে কয় যে,পাহাৰটোৰ মাটি আৰু শিল খনন আৰম্ভ কৰা একাংশ লোকে আনকি পাৰ্শ্বৱৰ্তী অঞ্চলৰ আবাসীসকলক ইয়াৰ প্ৰতিবাদ কৰিলে উচ্ছেদৰ ভীতি প্ৰদৰ্শন কৰাৰ বিপৰীতে আন একাংশই তেওঁলোকক সহযোগ কৰিলে পট্টা দিয়াৰ প্ৰলোভন দিছে। উল্লেখযোগ্য যে,তেজপুৰৰ ঐতিহাসিক পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়ন নকৰাৰ লগতে দীৰ্ঘদিনে তেজপুৰক পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও কোনো ব্যৱস্থা নকৰা চৰকাৰ তথা প্ৰশাসনে ঔগুৰি পাহাৰটো ব্যক্তিগত কোম্পানীক গটাই দিয়া কাৰ্যৰ আঁৰত বৃহৎ ষড়যন্ত্ৰ থকা বুলিও দোহাৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক নাথে৷ সম্প্ৰতি সেউজীয়া পাহাৰটো নিৰ্দয়ভাবে টকলা কৰি থকা হৈছে৷ আজি সংবাদমেলত পাহাৰটো এনেদৰে ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি এনে কাৰ্য বন্ধ কৰাৰ দাবী জনায় ৰাইজৰ দলৰ প্ৰতিনিধি সকলে কয় যে,বিষয়টো আজি ৰাইজৰ দৃষ্টিগোচৰ কৰাৰ পাছত ইয়াৰ বিৰুদ্ধে প্ৰয়োজনত আদালতৰ দ্বাৰস্থ হ’ব৷ তেজপুৰৰ প্ৰাকৃতিক সম্পদ এনেদৰে ধ্বংস কৰা দুষ্কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ বাবে দাবী জনাই ৰাইজৰ দলৰ নেতাকেইজনে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More