ড° ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” শীৰ্ষক গ্ৰন্থলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা ঘোষণা
শতাব্দ ষ্টাফ ৰিপ’টাৰ তেজপুৰ, ১৫ ছেপ্টম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবেই নহয় সকলো শ্ৰেণী পাঠকৰ বাবে প্ৰেৰণাদায়ক আৰু উপযোগী ড০ ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” শীৰ্ষক গ্ৰন্থলৈ” অকণিৰ সাহিত্য সভা”ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদানৰ কথা আজি তেজপুৰত এক প্ৰেছ বিবৃত্তি যোগে ঘোষণা কৰিছে “অকণিৰ সাহিত্য সভা” ৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক দ্বীপজ্যোতি বৰাই। উল্লেখ্য যে বিজ্ঞানৰ চমকপ্ৰদ আবিষ্কাৰ ছপা যন্ত্ৰৰ দ্ৰুত অগ্ৰগতিত কিতাপ প্ৰকাশ কৰাটো সহজ বিষয় হৈ পৰাত প্ৰতিদিনে ন ন শিশু গ্ৰন্থ প্ৰকাশ হ’বলৈ ধৰিছে। তেনেক্ষেত্ৰত শিশুসকলে কি কিতাপ পঢ়িব বা ভাল কিতাপখন পাঠকে কেনেকৈ নিৰ্বাচন কৰিব তাকে লৈ এতিয়া ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। এনে ক্ষেত্ৰত অকণিৰ সাহিত্য সভাই প্ৰতি বছৰে এখন শ্ৰেষ্ঠ শিশু গ্ৰন্থ নিৰ্বাচন কৰি পাঠকৰ সন্মুখত ডাঙি ধৰাৰ লগতে অসমীয়া মৌলিক শিশু সাহিত্যৰ লেখক-লেখিকাসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত আছে নগদ ধন, স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, গামোচা আৰু অংগবস্ত্ৰ। “মোৰো এটা সপোন আছে”- দৰিদ্ৰতাৰ সীমা নেওচি লেখকৰ জন্মভূমি অসম অৰুণাচল সীমান্তৰ কৈলাশপুৰ টঙনা ন-গাঁও বেতনি গাঁৱৰ পৰা আমেৰিকাৰ মাচাছুচেছটচ বিশ্ববিদ্যালয়লৈ যোৱাৰ এক সত্য কাহিনী।” আত্মজীৱনীমূলক গ্ৰন্থ “মোৰো এটা সপোন আছে” ত লেখকে তেখেতৰ জীৱন সংগ্ৰামৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে৷ গ্ৰন্থখনে জীৱনৰ সৈতে আমাৰ যি সংগ্ৰাম সেই সংগ্ৰামক আগুৱাই নিয়াত এক সাহস তথা প্ৰেৰণাৰ একোটা থল হ’ব পাৰে প্ৰতিজন নৱ-প্ৰজন্মৰ। এশ নব্বৈ টকা মূল্যৰ অষ্টাশী পৃষ্ঠাৰ পকাবন্ধা এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটী পানবজাৰৰ পূৰ্বায়ন প্ৰকাশনে। বৰ্তমান অসমৰ সকলো সৰু-বৰ কিতাপৰ বিপনীতে কিতাপখন উপলব্ধ।আনহাতে ২০১৭ চনত প্ৰকাশিত “মোৰো এটা সপোন আছে” শীৰ্ষক গ্ৰন্থখন ২০২৩ বৰ্ষৰেই শ্ৰেষ্ঠ নহয় ২০১৭ বৰ্ষৰ পৰা প্ৰতি বছৰেই শ্ৰেষ্ঠ গ্ৰন্থ বুলি উল্লেখ কৰে।