তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুঃ বিৰোধী ঐক্য ইণ্ডিয়া প্ৰত্যাহ্বান নহয়

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ছেপ্টেম্বৰঃ “অমৃত কালত মাত্ৰ অৰুণাচল প্ৰদেশতেই নহয়,সমগ্ৰ দেশতে কাম চলি আছে।যোৱা ১০ বছৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত দেশৰ উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ যি পেকেজ ৰূপায়ণ হৈছে সেয়া অভূতপুৰ্ব৷” এই ভাষ্য কেন্দ্ৰীয় ভূ বিজ্ঞান বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজুৰ৷যোৱা নিশা তেজপুৰ পাৰ্বতী নগৰত থকা অৰুণাচল প্ৰদেশৰ অতিথিশালাত কেন্দ্ৰীয় মন্ত্ৰী জনে সংবাদমাধ্যমৰ আগত কংগ্ৰেছৰ আমোলত যোৱা ৬০বছৰত দেশত হোৱা উন্নয়ন আৰু প্ৰধানমন্ত্ৰী মোদীৰ আমোলত যোৱা ন বছৰত দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো খণ্ডত হোৱা উন্নয়ন, শান্তি আৰু অৰ্থনৈতিক বিকাশৰ বিষয়ে প্ৰকাশ কৰি কোনো খণ্ডত দেশ এতিয়া পিছপৰি থকা নাই বুলিও মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে ৰাজ্যৰ প্ৰতিখন জিলাত কাৰিকৰী আৰু স্বাস্থ্য খণ্ডৰ বিকাশ, ৰাস্তা ঘাটৰ উন্নয়নৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত হোৱা উন্নয়নৰ কথা সদৰি কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰৰ ভাৰত চীন সীমান্তলৈকে হোৱা পথ উন্নয়ন, যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰে সীমান্তৰ লোকসকলৰ বিজুলী ,পানী,চিকিৎসা ব্যৱস্থাৰ উন্নয়নৰ বিষয়েও প্ৰকাশ কৰি সীমান্তৰ লোকসকলৰ প্ৰাথমিক চাহিদা পূৰণ হোৱা তথা সীমান্তলৈকে হোৱা যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ কথাও ব্যক্ত কৰে।ৰিজিজুৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত থকা আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে স্থানীয় পৰ্যায়ত কমিটি গঠন কৰি সীমা সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে আৰু অহা এবছৰৰ ভিতৰত সীমা সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্য লোৱা হৈছে। আনহাতে প্ৰধানমন্ত্ৰীয়ে দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত গুৰুত্ব দি অহাৰ কথা সদৰি কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয় যে, আগন্তুক সময়ত ৰাজনৈতিক প্ৰতিপক্ষ ইণ্ডিয়া কোনো প্ৰত্যাহ্বান নহয়। ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰৰ প্ৰাইড ইষ্ট কোম্পানীৰ নামত কেন্দ্ৰীয় চৰকাৰে ১০কোটি টকা ৰাজ সাহায্য লাভ কৰা বুলি উত্থাপিত অভিযোগ সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰিজিজুৱে এই বিষয়ে বিতং অধ্যয়নৰ পিছতহে প্ৰতিক্ৰিয়া দিব বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More