তেজপুৰত অনুষ্ঠিত সদৌ অসম ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ ফলাফল

ধূপধৰাৰ দুলুমণি পেগু আৰু তেজপুৰৰ পৰিস্মিতা শৰ্মা শ্ৰেষ্ঠ প্ৰতিযোগী

0 9

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৯ জুলাই : সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ গীতক কেন্দ্ৰ কৰি আন কেতবোৰ গীত – নৃত্যৰে কালি নিশা জীপাল হৈ পৰিল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ।উল্লেখ্য যে, তেজপুৰৰ বন্দনা সংগীত কানন আৰু বন্দনা সংগীত বিদ্যালয়ৰ উদ্যোগত কালি পুৱাৰ পৰা ৰাজ্যখনত বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰিকুৰি প্ৰতিযোগীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ হয় বন্দনা সংগীত কাননৰ বিষয়ববীয়া সকলৰ প্ৰয়াত অজিৎ সিংহৰ কালজয়ী গীতৰ  সমবেত সংগীতেৰে। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে সংস্কৃতিৰ প্ৰতি বিশেষ অনুৰাগী জলসম্পদ বিভাগৰ তেজপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা খনিন্দ্ৰ বৰ্মন, জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা নৃপেন শইকীয়া, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা, সদৌ অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া আৰু সংগীত শিল্পী খনিন্দ্ৰ ডেকাই ।অনুষ্ঠানটিত বন্দনা সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে বিকশিতা শইকীয়াৰ পৰিচালনাত পৰিৱেশন কৰে আকৰ্ষণীয় তথা দৃষ্টিনন্দন সৃজনশীল নৃত্য। উল্লেখ্য যে, ৰাজ্যখনৰ দক্ষ সংগীত শিল্পী, সংগীত পৰিচালক তথা সুৰকাৰ হেমন্ত গোস্বামী আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট গীতিকাৰ, সুৰকাৰ গৌতম শৰ্মাই বিচাৰকৰ আসন অলংকৃত কৰা এই সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক নগদ ধন, মানপত্ৰ, ট্ৰফী প্ৰদান কৰা সাংস্কৃতিক অনুষ্ঠানটিত বিচাৰকৰ আসন অলংকৃত কৰা গৌতম শৰ্মাই সুধাকণ্ঠৰ গীতৰ লগতে দ্বীপেন বৰুৱাৰ কালজয়ী গীত পৰিবেশন কৰি জীপাল কৰি তোলে বাণ থিয়েটাৰৰ মঞ্চ। উল্লেখ্য যে এই প্ৰতিযোগিতাৰ “ক” শাখাত ধূপধৰাৰ দুলুমণি পেগুৱে প্ৰথম স্থান, বঙাইগাঁৱৰ দীপলেখা দেৱীয়ে দ্বিতীয় স্থান, আব্ধিজা বৈশ্যই তৃতীয় স্থান, বঙাইগাঁৱৰ নিহাৰিকা বৰ্মনে চতুৰ্থ স্থান আৰু শিৱসাগৰৰ আইৰিন গগৈয়ে পঞ্চম স্হান লাভ কৰাৰ লগতে উদ্গনিমূলক বঁটা লাভ কৰে ক্ৰমে – হাজৰিকা বৰুৱা, গাৰ্গী ৰাজা, পিনাকজ্যোতি হাজৰিকা, মেহদিয়া খানম আহমেদ, দিব্যাঞ্চি কলিতা, ধৃতি তপস্যা বৰুৱা, আয়ুশ্ৰী দাস, তানজিন হুছেইন, অনুসূয়া মহন্ত আৰু জাহ্নৱী বৰুৱাই। সেইদৰে “খ” শাখাত প্ৰথম স্থান লাভ কৰে তেজপুৰৰ পৰিস্মিতা শৰ্মা, দ্বিতীয় স্হান সম্ৰাজ্ঞী কাশ্যপ, তৃতীয় স্থান লাভ কৰে শ্ৰদ্ধা বৰগোহাই, চতুৰ্থ স্থান মূৰ্চ্ছনা শিৱম, পঞ্চম স্হান লাভ কৰে জুবিনাজ আমানে। সেইদৰে “খ” শাখাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে – বনবিৰিণা বৰদলৈ, ঋত্বিষা পাঠক, ভায়লিনা শিৱম, হৃত্বিকা বৰা, দেৱশ্ৰুতি কাশ্যপ, দীপান্বিতা দাস, কৌশিকী হাজৰিকা, বিদিশা সৰকাৰ, ময়ূৰাক্ষী শৰ্মা আৰু নিয়ৰকণা বৰাই।বিজয়ী প্ৰতিযোগীসকলক বন্দনা সংগীত কাননৰ সভানেত্ৰী বনদিপা শইকীয়া, সম্পাদিকা মণিষা চৌধুৰী, সদস্যা সুৰঞ্জনা শৰ্মা, মামণি কলিতাৰ লগতে আন সদস্যা সকলৰ উপৰি বিচাৰকদ্বয় গৌতম শৰ্মা, হেমন্ত গোস্বামী, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই পুৰস্কাৰ সমূহ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More