সদৌ অসম মইনা পাৰিজাতৰ স্ৰষ্টা ককা মহাদেৱ শৰ্মাৰ জন্ম দিনৰ লগত সংগতি ৰাখি মইনাৰ মৌমাতেৰে মুখৰিত তেজপুৰ

অপৰাজিতা মইনা পাৰিজাতৰ উদ্যোগ - গীত মাত, দলীয় নৃত্য, সাধুকোৱা, চিত্ৰাংকন, পৰম্পৰাগত খেল, কবিতা আবৃত্তিৰে জীপাল

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ জুলাই : সদৌ অসম মইনা পাৰিজাতৰ জন্মদাতা, স্বাধীনতা সংগ্ৰামী ককা মহাদেৱ শৰ্মাৰ আজিৰ জন্ম দিনটোতে কণ কণ মইনাৰ মুখৰ মৌমাতৰ এক সুন্দৰ অনুষ্ঠানৰ প্ৰসংগৰে এই বাতৰি। উল্লেখ্য যে মইনাৰ মুখৰ মৌমাতেৰে কালি মুখৰিত হ’ল তেজপুৰৰ পহুমৰা চুবুৰীৰ নামঘৰ প্ৰাঙ্গণ। উল্লেখ্য সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত স্হানীয় অপৰাজিতা মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত হোৱা মইনা সকলৰ গীত, মাত, কবিতা,সাধু কোৱা, নৃত্য, চিত্ৰাংকন, সাহিত্য আদিৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন এক শিবিৰত মইনাৰ সুকুমাৰ কলাৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতা প্ৰতিপন্ন হয়। এই গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠানৰ দিনটোত শিশুপ্ৰেমী তথা সমাজকৰ্মী মধুমিতা শৰ্মাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। অপৰাজিতা মইনা পাৰিজাতৰ মইনা ভাস্বতী কাশ্যপে সভাপতিৰ আসন অলংকৃত কৰা অনুষ্ঠানটিত উদ্দেশ্য ব্যাখ্যা কৰে অপৰাজিতা মইনা পাৰিজাতৰ সম্পাদিকা বিউতি বেজবৰুৱাই। জামুগুৰিহাট নিবাসী শিশুপ্ৰেমী অৰ্চনা হাজৰিকা বৰুৱা, অপৰাজিতা মইনা পাৰিজাতৰ উপদেষ্টা লক্ষ্য কুমাৰ শৰ্মা অনুষ্ঠানটিত উপস্থিত থাকি মইনাসকলক উদ্দেশ্যী শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। আনহাতে তেজপুৰ জিলা মইনা পাৰিজাতৰ সম্পাদক চিত্তৰঞ্জন নাথ আৰু তেজপুৰ আঞ্চলিকৰ সভাপতি মৃদুল কুমাৰ শৰ্মাও উপস্থিত থাকি মইনাসকলক উৎসাহিত কৰা অনুষ্ঠানটিত সভানেত্ৰী বন্দনা দত্ত হাজৰিকাই শলাগ জ্ঞাপন কৰে । আনহাতে “আমি পোহৰ বিচাৰি যাওঁ” শীৰ্ষক গীতেৰে আৰম্ভ হোৱা মইনাৰ সাধুকোৱা, কবিতা আবৃত্তি, দলীয় নৃত্য, গীত মাতেৰে সমগ্ৰ অনুষ্ঠানটি এনেদৰে জীপাল হৈ পৰে।ইয়াৰ আগেয়ে সম্পাদিকা বিউতি বেজবৰুৱাই আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানটিত তেজপুৰ জিলা মইনা পাৰিজাতৰ উপ সভানেত্ৰী নিৰু নেওগ বৰা উপস্থিত থাকি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰাৰ পিছত সমাজকৰ্মী মনোজ শইকীয়াই, ডা০ নিত্যানন্দ নাথ আদিয়ে চমু ভাষণেৰে মইনাসকলক উৎসাহিত কৰে। প্ৰথম দিনটোত মইনা সকলে সাধুকথা আৰু আকস্মিক বক্তৃতাত অংশ গ্ৰহণ কৰে। সেইদৰে প্ৰতিদিনাই কবিতা আবৃত্তি, চিত্ৰাংকন, সাধুকোৱা, গীত মাত, দলীয় নৃত্য, বিভিন্ন পৰম্পৰাগত খেল আদিৰে মইনা সকলে এক সুন্দৰ পৰিবেশৰ সূচনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More